ভয় (অণুগল্প)

হৰেণ বৰাক কাম কৰা ল'ৰা মধুয়ে চাহ
 দি  গ'ল। বৰাই তাক গাড়ীত থকা পুতেকৰ স্কুল বেগটো আনিবলৈ ক'লে। ঘৰৰ সকলো কাম মধুৱে বৰ নিয়াৰিকৈ কৰে। বৰাই ক'লে,"ইমান ধুনীয়াকৈ তই সকলো কাম কৰিব পাৰ ! 
            মধুৱে হাঁহি ক'লে,'' ছাৰ আপুনি যে মোক স্কুলত নাম ভৰ্তি কৰি দিছিল তেতিয়া শিক্ষকসকলে কৈছিল মই এদিন ডাঙৰ মানুহ হ'ম বুলি।" 
            বেছেৰা কণমানি মধুৱে আজিও নুবুজিলে যে ডাঙৰ শিক্ষিত মানুহ হোৱাৰ ভয়তে  তাৰ মালিকে স্কুল যোৱা বন্ধ কৰালে।

🖊️শুভাংশী নেওগ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send