নহৰুৰ ঔষধি গুণাগুণ আৰু উপকাৰিতানো কি?

©Admin
0
আমাৰ ৰন্ধা বঢ়াত মচলা হিচাপে ব্যৱহৃত,ঔষধি গুণ সম্পন্ন নহৰুৰ ঔষধি গুণাগুণ আৰু উপকাৰীতানো কি 
 জানো আহক -------

১/ নিয়মিত কেঁচাই হওক বা ৰন্ধা বঢ়াতে ব্যৱহাৰ কৰা হওক নহৰুৱে শৰীৰৰ তেজ বৃদ্ধি কৰিব পাৰে l
২/ হৃদৰোগ,অজীৰ্ণ,অৰুচি,ৰোগৰ বাবে নহৰু অতি 
  উপকাৰী l
 ৩/ মগজু, স্নায়ু, হাড় ,দাঁত আৰু চকুৰ কাৰণে নহৰু বৰ 
    উপকাৰী lনহৰুত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ পোৱা যায় l
 ৪/ নিয়মিত নহৰু খালে ছালৰ ৰং উজ্জ্বল কৰে, পেটৰ ভিতৰত বা শৰীৰৰ যিকোনো ঠাইত কটা, ঘাঁ আদি হলে 
 সহজতে ভাল হয় l
৫/ বাতৰোগ, কোষ্ঠকাঠিন্য,কিডনীৰ যিকোনো ধৰণৰ 
  ৰোগত নহৰু অতি উপকাৰী l
৬/পেটৰ গেচ, বদহজম আনকি কেঞ্চাৰৰ দৰে ৰোগ নিৰাময়ত নহৰু অত্যন্ত উপকাৰী l
৭/ নহৰুত এন্টিবেক্টেৰিয়ল উপাদান বা বীজাণুনাশক 
  ক্ষমতা যথেষ্ট পৰিমাণে আছে l
৮/ কেঁচাই হওক বা খাদ্যতে হওঁক নিয়মিত নহৰুৰ ---
 ব্যৱহাৰে হৃদযন্ত্ৰ সবল, সুস্থ কৰে, শৰীৰৰ পেশী আৰু হাড়ৰ গঠন মজবুত কৰি ৰাখিব পাৰে l
৯/ নিয়মিত নহৰু খালে তেজ চলাচল নিয়মীয়াকৈ ৰাখে 
  নাৰীৰ মাহেকীয়া নিয়মীয়া কৰে l
 ১০/ মূৰৰ বিষত নহৰুৰ নস্য ললে আৰাম পোৱা যায়, 
 হাঁপানি, চৰ্দি আদিৰ বাবেও নহৰু অতি উপকাৰী l
১১/ শৰীৰত হোৱা যিকোনো ঘাঁতে নহৰু পিহি লগালে সুফল পোৱা যায় আৰু বীজাণু ধ্বংস কৰি ঘাঁ শুকুৱায় 
 স্মৰণ শক্তি বৃদ্ধি কৰে, পেট ফুলা, বায়ু ৰোগৰ বাবেও
 নহৰু অতি উপকাৰী l
১২/ উচ্চ ৰক্তচাপত নিয়মিত কেই ফোটামান কেঁচা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ সহায়ক হয় lশৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে lনহৰু আমাৰ শৰীৰৰ বাবে মহৌষধ স্বৰূপ l
      
(তথ্য সংগ্ৰহ
বিজয়া কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)