অকণিহঁতৰ প্ৰতিজ্ঞা

©Admin
0


আমি অকণি

দুচকুত সপোন ৰচি

হওঁ নিতৌ বিদ্যালয়মুখী

নতুন কিবা শিকি

নানা জ্ঞান আহৰণ কৰি

ভাল মানুহ হম আমি

মা দেউতাৰ কথা 

জেষ্ঠ সকলৰ আজ্ঞা

আৰু শিক্ষা গুৰুৰ 

উপদেশ সদায় মানি চলিম

এই প্ৰতিজ্ঞা ল'লো আজি

সময়মতে পঢ়া শুনা কৰি

সুন্দৰ জীৱন গঢ়িম আমি

পুৱা সোংকালে উঠি

ব্যায়াম , কচৰৎ কৰি

স্বাস্থ্যৱান হম আমি

হব আমাৰ দেহা নিৰোগী 

এই প্ৰতিজ্ঞা ল'লো আমি ৷৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)