শিশুবোৰ ফুলৰ দৰে ( দুষ্টালিৰ পৰিণাম )

©Admin
0

মৰমৰ মইনাহঁত মৰম ল'বা দেই | ভালে আছানে তোমালোক  ?  সদায় কুশলে থাকিবা | আজি সমগ্র দেশৰ কথা তোমালোকে জানিছা | গতিকে সাৱধানে থাকিবা  |
      এতিয়া শৰৎ কাল | তথাপি এতিয়াও গৰম কমা নাই | কঁহুৱাবোৰ ফুলিছে , দেখিছানে নাই ? কিমান যে ভাল লাগে আঁতৰৰ পৰা চাই | প্রকৃতিয়ে কামবোৰ সময়মতে কৰি যায় | আমি মানুহবোৰেহে নোৱাৰো | শেৱালীও ফুলিছে , নিয়ৰ পৰিছে , পুৱাই সোনকালে উঠি চাবাচোন , গোটেইখন যেন এখন বগা 
কাপোৰেৰে ঢাকিহে থৈছে | কিমান যে মজা লাগে জানা | তোমালোকে পলম কৈ উঠা নেকি ? তেতিয়াহ'লে কিন্তু সেই মজা নাপাবা | সেই যে শুই থকা শিয়ালে ......
     দুৰ্গা পূজা আহো আহো কৰিছে | ইতিমধ্যে মহালয়া পাৰ হ'লেই | বিশ্বকৰ্মা পূজাও গ'ল | পিছে এইবাৰ পূজাত আগৰদৰে স্ফূৰ্তি কৰিব নোৱাৰিবা | ক'ভিড মহামাৰীয়ে সকলো শেষ কৰি পেলালে | তথাপি নিয়ম মাফিক অলপ কৰিবা বাৰু | সেইবুলি দুষ্টালি কৰি ঘূৰি নুফুৰিবা | দুষ্টালি কৰিলে কেনে পৰিণাম হয় তাক লৈ এটা কাহিনী পঢ়াচোন  |
     এখন গাঁৱত আন আন মানুহৰ লগতে এঘৰ মানুহৰ দুটা ল'ৰা আছিল | এটাৰ নাম বলেন আৰু এটাৰ নাম নৰেন| দুয়ো এখন স্কুলতে এটা শ্রেণীতে পঢ়িছিল | নৰেনে কি ঘৰ , কি স্কুল সকলোতে দুষ্টালি কৰি  ফুৰিছিল | মহা অঘাইটং সি | সেয়েহে তাক কোনেও ভাল নাপাইছিল | ইফালে বলেন আছিল তাৰ বিপৰীত | শান্ত , নম্র , ভদ্র , অমায়িক | সেয়েহে তাক সকলোৱে ভাল পায় | বিদ্যালয়ত সকলো চাৰ , বাইদেউৱে মৰম কৰিছিল  |
সিহঁত দুয়ো সপ্তম শ্রেণীত পঢ়িছিল | বলেন সদায় শ্রেণীত প্রথম হৈছিল আৰু নৰেনে চুচৰি বাগৰি শ্রেণীটো আগুৱাই গৈ আছে | সি ভালদৰে পঢ়াশুনা কৰিব নোৱাৰিছিল | 
    সিহঁতৰ ছয়মাহিলী পৰীক্ষা শেষ হোৱাৰ পাছত গৰমৰ বন্ধ দিছিল | গৰমৰ বন্ধ , পৰীক্ষা শেষ , স্কুল নাই গতিকে নৰেনক পাই কোনে | সেয়েহে তাৰ দুষ্টালি বাঢ়ি গ'ল | গাঁৱৰ আন আন দুষ্ট ল'ৰাৰ লগ লাগি নৰেনে বেলেগৰ বাৰীৰ ফলমূল চোৰ কৰি খোৱাকে আদি কৰি দুষ্টালি কৰি গ'ল | অনাই বনাই ঘূৰি ফুৰে | পঢ়া শুনাৰ নাম নলয় | 
     নৰেন ইমানেই অঘাইটং আছিল যে সাপ্তাহিক বজাৰৰ দিনা বজাৰলৈ অহা ৰাস্তাত গঁজাল পুতি থৈছিল যাতে বজাৰলৈ যোৱা মানুহৰ চাইকেলৰ চকা ফুটে | সেইবোৰ চাই সিহঁতে বৰ আনন্দ পাইছিল | এটা কথা আছে নহয় "আনলৈ হুল পুতি নিজেই মৰে ফুতি" | নৰেনৰো সেই অৱস্থা হৈছিল |
   আগদিনা বাটত পুতি থোৱা গঁজালৰ কথা পাহৰি সেই ফালে যাওঁতে সেই গজালে তাৰ ভৰিত বিন্ধিছিল | গঁজালত ভৰি ফুটি তাৰ অৱস্থা কাহিল হ'ল | সি চিঞৰিবলৈ ধৰিলে | বলেনে সুধিলে তাৰ এই অৱস্থা কেনেকৈ হ'ল | সি ক'লে এয়া তাৰ কৃত কৰ্মৰ ফল | সি কথাবোৰ কৈ সৈই কাঢ়িলে | লগে লগে তাক ডাক্টৰৰ ওচৰলৈ লৈ গ'ল | ডাক্টৰে তাৰ ভৰিত বেণ্ডেজ কৰি জিৰণি ল'বলৈ কলে | নৰেনে ক'লে যে ইয়াৰ পিছত সি আৰু এনে দুষ্টালি নকৰে |
    দেখিলানে মইনাহঁত দুষ্টালি কৰিলে কি হয় | কেনে পালা বাৰু  |
    
     তোমালোকৰ খুড়া

     📝হেমেন হাজৰিকা  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)