মাঁলৈ নপঠাবা খৱৰ

©Admin
0
মাঁলৈ নপঠাবা খৱৰ
হত্যাকাণ্ডটো ঘটাইছিল সিহতে
এটা হত্যাকাণ্ড
বৰ্বৰতা আৰু কাপুৰুষালিৰ
মালৈ নপঠাবা খৱৰ
২বজাৰ ঠিক দুইবজাৰ সূৰ্য্যটোৱে কলে
হত্যাকাণ্ডটো এটা হালধীয়া খৱৰ
খৱৰটোও মই পালোঁ 
ডাষ্টবিনটোৰ ঠিক ওচৰতে।
এটা চাঞ্চল্যকৰ 
ৰঙা নীলা হালধীয়া খৱৰ
মৰমৰ ভনিটি অ'
মই এটা খৱৰ পালো
ৰঙা নীলা হালধীয়া খৱৰ
তোক কেনেকৈ দিও 
সেই খৱৰ
সিহঁতে প্ৰেমৰ জুই কুৰাত
ঘিউ ঢালি ঢালি
চিতাৰ জুই সজালে
তাত তাত এটিয়া চিতাগ্নি হব
অ' হোমাগ্নিও
সৰমাই কি কলে জান'
ৰঙা-নীলা-হালধীয়া খৱৰটোৱে 
হেনো তাইক জোকাইছিল
খৱৰটোক পালে 
এতিয়া 
সৰুমাই হেনো গুলিয়াই দিব
কিন্ত 
দেবযানী অ'
সৰুমাইক বুজাবা
তাই বৰ খঙাল অ'
এটা হেডলাইনৰ মৃত্যু হ'ল।
তোমাক কেনেকৈ দিওঁ খৱৰ
খৱৰটোৱে কান্দি কান্দি
হৃদয় কলা পেলালে
মোৰ দেই পুৰি গ'ল
কিন্ত! সিহঁতে....হাঁহি হাঁহি
কিৰিলিপাৰি লঠিয়াই দিলে...
আহ...
আৰু মই কব নোৱাৰো অ'ভনিটি
সি কৈছিল  
সমাজখন হেনো এখন দবাখেল
কিন্ত!
দবাখেলৰ ৰজাই জানো
সমাজখন শাসন কৰে.....?

📝পপী চহৰীয়া
       মঙলদৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)