দেৱাল লিখন, পোষ্টাৰিং বন্ধ কৰিব পাৰিবনে?

©Admin
0
 অহা ২ অক্টোবৰ গান্ধী জয়ন্তী ৷ ২০১৪ চনত এই দিনটোতেই কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল ৷ এক নতুন জাগৰণৰ সৃষ্টি হৈছিল ৷ ৰাইজ বহু পৰিমাণে সজাগ হ’ল ৷ পৰৱৰ্তী সময়ত বিশেষ একোটা দিন লৈহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে স্বচ্ছ ভাৰত অভিযানৰ গইনা লৈ ফটো উঠা উৎসৱ পাতিবলৈ লোৱা নিজ চকুৰে দেখিছো ৷ অৱশ্যে বহুতেই চাফ-চিকুণ হৈ থাকিবলৈ আৰু নিজৰ কৰ্মস্থান চাফ-চিকুণকৈ ৰাখিবলৈ শিকিলে আৰু এক দায়িত্ববোধৰ চিনাকি দিলে ৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰ এইক্ষেত্ৰত বহু পৰিমাণে সফল ৷ এইবছৰো নিশ্চয় বাপুজীৰ জন্মদিৱসৰ লগত সংগতি ৰাখি চাফ চিকুণতাৰ কাৰ্য্যসূচী চৰকাৰী বা বেচৰকাৰীভাৱে গ্ৰহণ কৰিব ৷ ই শুভ লক্ষণ ৷ এইখিনিতে এটা কথা মনলৈ আহিছে ৷ কেইমাহমান পিছতে অসম বিধানসভাৰ নিৰ্বাচন আহি আছে ৷ এইবাৰ নিৰ্দলীয়খিনিক বাদ দি অসমত হয়তো প্ৰায় বাৰটামান ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰক্ষেপ কৰিব ৷ পূৰ্বৰ নিৰ্বাচনৰ লগত তুলনা কৰিলে স্পষ্ট যে এইবাৰ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হ’ব আৰু নিৰ্বাচনী প্ৰচাৰো বাঢ়িব ৷ আটাইবোৰ প্ৰাৰ্থীয়ে যদি নিজৰ আৰু দলৰ প্ৰচাৰৰ বাবে দেৱাললিখন বা বেনাৰ পোষ্টাৰ লগোৱা আৰাম্ভ কৰে তেতিয়াহ’লে নিৰ্বাচনৰ পিছত চাৰিওফালে কেনে এক পৰিৱেশৰ সৃষ্টি হ’ব সেইয়া সহজেই অনুমেয় ৷ গতিকে চৰকাৰে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত পোষ্টাৰ বেনাৰ লগোৱাত বাধা দিব লাগে ৷ দেৱাললিখন সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে আৰু নিৰ্বাচনী কাৰ্যালয়ত ব্যৱহাৰ হোৱা বেনাৰসমূহ কাপোৰৰ কৰিবলৈ নিৰ্দেশ দিব লাগে ৷ নিৰ্বাচনী সভা যদিহে অনুস্থিত কৰিব পৰা পৰিৱেশ থাকে তাতো দলীয় পতাকা প্লাষ্টিকৰ পৰিৱৰ্তে কাগজ বা কাপোৰৰে প্ৰস্তুত কৰিবলৈ আৰু প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰিব লাগে ৷ বিগত সময়চোৱাত নলবাৰীৰ প্ৰাক্তন উপায়ুক্ত ডাঃ ওম প্ৰকাশ ডাঙৰীয়াই তেনে কিছু পদক্ষেপ তেখেতৰ কাৰ্যকালত হোৱা নিৰ্বাচনৰ সময়ত লোৱা আমাৰ মনত পৰে ৷ এটা কথা ঠিক যে এই গোটেই প্ৰক্ৰিয়াটোত নিৰ্বাচন আয়োগৰ সদিচ্ছা আৰু হস্তক্ষেপৰ নিশ্চয় প্ৰয়োজন হ’ব ৷ চৰকাৰে ৰাজহুৱা স্বাৰ্থত নিৰ্বাচনী আয়োগৰ লগত আগতীয়াকৈ আলোচনা কৰাৰ থল আছে ৷ এইখন চৰকাৰে এইক্ষেত্ৰত বিশেষ মনোযোগ দিব বুলি আমাৰ দৃঢ় বিশ্বাস ৷

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)