ৰুণজুণ - খণ্ড ২৮ (ধাৰাবাহিক উপন্যাস)

©Admin
0
এটা সম্বন্ধ আছিল, প্ৰেম আৰু ভালপোৱাৰ আৰু সেই সম্বন্ধই এতিয়াও এৰ খোৱা নাই , যিয়ে নেকি জীৱনৰ নেজডালৰ জুইকুৰাৰ দৰে উমি -উমি জ্বলি ৰুণক দুৰ্ব্বল কৰি পেলাইছিল ।

বিবাহৰ পাছত পতি বা পত্নীয়ে অকলশৰীয়াকৈ একো সিদ্ধান্ত নলয়, যেতিয়ালৈকে তেওঁলোকৰ মাজত ভাল বুজা - বুজি বা মিল থাকে ।

   যেতিয়া ৰিহণে, আঁৰে আঁৰে নিজৰ জীৱনৰ ঢাৰ অন্যফালে টোৱাই ৰুণক নজনালে, ৰিহণৰ সেই ভুলেই - দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি কৰিছিল । 

      এদিন ৰুণে, বন্ধৰ দিনা ফেচবুকটো খুলি চাই আছিল; দেখিলে পল্লৱীয়ে মন্দিৰ এখনৰ প'ষ্ট দিছে ।তাতে বহু পুৰণা ফটোও প্ৰফাইলত দেখিলে । দেখিলে পল্লৱীৰ বিয়াৰ ফটো- কিন্তু দৰাৰ ফটোখন দেখি তাই বাকৰূদ্ধ হৈ গ'ল !!
সেইজন দৰা আন কোনো নহয় -স্বয়ং ৰিহণ !!!!!!!!

       ইমান দিনৰ নোপোৱা অংকৰ উত্তৰ আজি তাই পাই গ'ল । তাই পল্লৱীৰ সকলো ফটো স্ক্ৰীনচট মাৰি ল'লে । তেতিয়া তাইৰ মূৰত আকাশী সৰগ ভাগি পৰা যেন লাগিল। আজি কি দেখিলো এইবােৰ !!! পল্লৱীয়ে ফেচবুকত ইমান স্বাধীনভাৱে ফটো দিয়াৰ সাহস ক'ত পালে - তাকে ভাৱি তাই আচৰিত হৈ গ'ল !!! বন্ধুক কেনেকৈ ইমান ঠগিব পাৰে । ৰিহণৰ পলায়নবাদী আচাৰ -ব্যৱহাৰ কিয় হৈছিল ? সিহঁতৰ বিয়া - মনে মনে ৰুণহঁতৰ বিয়াৰ আঠ বছৰমানৰ পিছতেই হৈছিল । ৰিহণে গোপনে ৰাখিছিল । কামৰ অজুহাত দেখুৱাই দিল্লীত থাকিছিল !! ৰিহণে মাহত ঘৰলৈ আহি এসপ্তাহহে থকাৰ কাৰণ আৰু বুজিবলৈ ৰুণৰ বাকী নাথাকিল !! পল্লৱীয়ে সেইবাবেই গিৰিয়েকৰ নামটাে কোৱা নাছিল !!! কি আচৰিত !! চকুৰ আগতে দেখি থকা মানুহতে ইমান ৰহস্য লুকাই থকা দেখি ৰুণে নিজে থিয় হৈ থকা মাটিকণকো যেন বিশ্বাস কৰিব পৰা নাছিল । আগতে মনতো বেয়া কৰি থাকোতে যিমান বেয়া লাগিছিল, এতিয়া তাতকৈ শতগুণে বেয়া লাগিল ! তাইৰ মুখৰ ভাষা হেৰাই গৈছিল !!
প্ৰতাৰণা !
ইমান ডাঙৰ প্ৰতাৰণা (!) আৰু এনেকৈ (?) প্ৰতাৰণা !!
তাই ভাৱি ভাৱি ভিতৰি পাগল হোৱাৰ নিচিনাই হৈছিল তেনেকুৱা ।
ৰুণে সেইদিনাই সিদ্ধান্ত লৈছিল - মই ডিভােৰ্চ নিদাে ।
মই ডিভােৰ্চ দিলে ৰিহণৰ গাখীৰতে মহৰ খুটি হ'ব ।
ইমান সহজতে খেলখন খেলিবলৈ দিয়া নহ'ব । 
ৰুণৰ মনত অযুত দুখ । বুকু ফাটি যোৱাৰ সমান হৃদয়ত আঘাত পালে ।
পল্লৱী আৰু ৰিহণৰ সম্পৰ্ক একো নজনাৰ নজনাৰ ভাৱত কিছুদিন থাকিল ।
দুখৰ মাজতে বহুত ধৈৰ্য্য ধৰি ৰুণ থাকিল !
৬ এদিন ৰিহণে ফোন কৰি খবৰ লৈছিল, তাই বহুত ধৈৰ্য্য ধৰি কথাখিনি পাতিছিল । ৰিহণে তাইক ঘৰলৈ উভতি যাৱলৈ বহুত কাকূতি কৰিছিল ।
    ভিতৰি ভিতৰি ৰিহণৰ দুখন ঘৰ -এখন ঘৰ দিল্লীত । ৰুণ নোহোৱাৰ পৰা ঘৰখন ছেদেলি - ভেদেলি হ'বলৈ ধৰিল । ঘৰত থকা মানুহবােৰেও ভালদৰে ঘৰখন চোৱা- চিতা নকৰা হ'ল ॥

তেতিয়া ৰুণে কৈছিল , " ঘৰলৈ উভতি যাম এটা চৰ্ত্তত , সেইটো হৈছে ঘৰখন ৰুণৰ নামত উইল কৰিব লাগিব আৰু ফ্লেটৰ আধা অংশ ৰুণৰ নামত দিব লাগিব " । ৰিহণ মান্তি হ'ল - তেওঁ মনে মনে দিল্লীত থকাৰ পৰিকল্পনা কৰি আছিল আৰু ইয়াৰ সম্পত্তিবােৰ ৰুণক দিলে তাই ভালদৰে চোৱা- চিতা কৰিব পাৰিব বুলি সম্পূৰ্ণ ভৰসা আছে । সেইবাবে ৰিহণ সন্মত হ'ল । ৰুণৰ উদ্দেশ্য আছিল ইয়াৰ সম্পত্তি যাতে পল্লৱীক নিদিয়ে । ইমান দিনৰ অগনিৰ খৰিডাল আজি ৰুণে হাতৰ মুঠিতে পালে !! পুৰি যোৱা হিয়াখন হিয়া হৈ থকা নাই, জীৱন্ত- মৃত মানুহৰ দৰে জীয়াই থাকিল । ইমান দিনৰ পিছত ৰিহণ -পল্লৱীৰ অজ্ঞাত সম্বন্ধ আৰু ক'ত ভাঙিব পাৰিব -ৰুণে আশা ক্ষীণ দেখিলে !! সেই ৰিহণ - ৰিহণ হৈ থকা নাই !!
সেই ৰিহণ - এতিয়া পল্লৱীৰ ৰিহণ !!

ৰুণে অনুভৱ কৰিলে , "যেতিয়া মানুহৰ মনোযোগৰ অভাৱ হয় -তেতিয়াই বুজি ল' লাগে যে, ইয়াৰ নিশ্চয় নিহিত অৰ্থ - এশ শতাংশই থাকে" ॥ ৰিহণৰ ক্ষেত্ৰতো সেই একেই হ'ল - যিটাে তাই সুধি সুধিও উত্তৰ উলিয়াব নোৱাৰিছিল । যেতিয়া উত্তৰ বিছাৰি পালে, তেতিয়া ৰুণৰ মনটো আৰু বেছিহে বেয়া লাগিবলৈ ধৰিলে । অধিক চিন্তা হ'লে ৰুণে আকাশলৈ থৰ লাগি চাই ৰয়..........।

(আগলৈ)
 ✍️মীনা পামে গাম
চিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)