০১অক্টোবৰ অসম আৰক্ষী দিৱসৰ শুভেচ্ছাৰে

©Admin
0
দেশৰ শান্তি - শৃংখলা বৰ্তাই ৰাখিবলৈ হ'লে ৰাজ্যৰ জনসাধাৰণে এক সুস্থিৰ বাতাৱৰণৰ মাজেৰে সুস্থ পৰিৱেশৰ জৰিয়তে জীৱন অতিবাহিত কৰিব লাগিব । গতিকে , ৰাজ্যৰ জনসাধাৰণে যাতে কোনোধৰণৰ অবাঞ্চিত আৰু আতংকিত বা মানৱ নিৰাপত্তাহীনতাত নুভোগে তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সুস্থিৰ জীৱন যাপনৰ বাবে এক সুকীয়া পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি ইয়াণ্ডাবু সন্ধিৰ পাছতে ১৮২৬ চনতে ইংৰাজ সকলে আইন শৃংখলা ৰক্ষার্থে এটা জনসেৱা বাহিনী গঠন কৰে । সেই বাহিনীৰ নামেই হ'ল " অসম আৰক্ষী বাহিনী" ।
              ৰাজ্যৰ গৃহ বিভাগৰ এটা মূল অংশ হ'ল অসম আৰক্ষী বিভাগ । এই বাহিনীৰ মূল মন্ত্ৰ হৈছে - " জনহিতে জনসেৱাৰ্থে " ।
এই বাণী শিৰোধাৰ্য্য কৰি অসমৰ প্ৰতিখন ৰাজ্যতে এই বাহিনীয়ে ন্যায়নিষ্ঠ আৰু বলিষ্ঠভাবে দিন - ৰাতি একাকাৰ কৰি সেৱা আগবঢ়াই আহিছে । দেশ মাতৃৰ সুৰক্ষা আৰু জনসাধাৰণৰ শান্তি - নিৰাপত্তাৰ স্বাৰ্থত আত্মবলিদান দিয়াৰ সাক্ষী হৈ ৰৈছে আৰক্ষী প্ৰশাসন বিভাগ । দেশৰ ন্যায়তন্ত্ৰ আৰু ন্যায়পালিকাৰ মূল ছাবিকাঠি সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ৰাইজৰ সুৰক্ষা সু-নিশ্চিতকৰণৰ বাবে ৰাইজৰ কাষত থাকি ৰাইজৰ বাবে ,ৰাইজৰ হৈ সেৱা আগবঢ়াই আহিছে ।
              দেশৰ তথা ৰাজ্যৰ প্ৰতিজন জনসাধাৰণৰে এই বিভাগৰ ওপৰত সম্পূৰ্ণৰূপে আস্থা আৰু বলিষ্ঠ বিশ্বাস আছে ; যে এই বিভাগৰ দ্বাৰাই আমাৰ সমাজৰ মলীনতাবোৰ দূৰ কৰি এখন সুন্দৰ সমাজ গঢ়ি তুলিব । এইক্ষেত্ৰত জনসাধাৰণৰ আৰু আৰক্ষী বিষয়া তথা প্ৰশাসকসকলৰ লগত এটা সু-সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজন আছে । যাতে জনসাধাৰণৰ ইচ্ছা , আকাংক্ষা , সমস্যাৱলীসমূহ প্ৰশাসনতন্ত্ৰৰ আগত এজন সাধাৰণ ব্যক্তিয়ে অৱগত কৰিব পাৰে আৰু প্ৰশাসনে তেনে পৰিস্থিতিত জনসাধাৰণৰ কাষত থিয় দিয়ে ।
            সমাজৰ মাজৰে কিছুমান দুষ্কৃতিকাৰীয়ে সমাজৰ অহিতাৰ্থ কাৰ্যত লিপ্ত হয় ; যাৰ ফলত সমাজৰ সুস্থিৰ বাতাৱৰণৰ ক্ষেত্ৰত ব্যাঘাত জন্মে । তেনে দুষ্কৃতিকাৰীক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ অনুসৰি শাস্তি প্ৰদান কৰি নাগৰিকৰ অধিকাৰ আৰু সন্মান ৰক্ষাৰ ব্যৱস্থা কৰে ।
               এইসকল বীৰ জোৱান দেশ মাতৃৰ সু - সন্তানলৈ আজি ১ অক্টোবৰ " অসম আৰক্ষী দিৱস " -ৰ পৱিত্ৰ ক্ষণত মই সকলো আৰক্ষী প্ৰশাসনিক বিষয়ালৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
              ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোকে সুস্থ ৰাখক , দেশ মাতৃক সেৱা কৰিবলৈ বীৰশক্তি প্ৰদান কৰক , দীৰ্ঘায়ু হওঁক তাৰে কামনা কৰিছোঁ ।
        " জয়তু অসম আৰক্ষী "
            " জয় আই অসম"

✍️টিংকুমনি দত্ত ।
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় , টীয়ক ।
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)