মায়াৰ পৃথিৱী এৰি গুচি যাম
গভীৰ নিদ্ৰাত পৰি ৰ'ম
এখনি বগা চাদৰৰ তলত।
নিব চাৰি কান্ধত তুলি
জাপি দিব মোৰ নশ্বৰ দেহাৰ ওপৰত ডাঙৰ ডাঙৰ বৃক্ষ
দপ্ দপকৈ জ্বলি উঠিব মোৰ
চিতাৰ জুইকুৰা।
ক'লা ক'লা ধোঁৱাই ছানি ধৰিব
নীলা আকাশখন।
আৰু সিদিনাই শেষ হৈ যাব মোৰ সুখ দুখ চিৰন্তৰ বেদনা।
চাৰিওফালে হৈ ৰ'ব নিৰাশাৰ ছাঁয়া'
চকুলো টুকিব পৰিয়ালে
মিটিৰ কুটোমে আহি
যাচিব শান্তনা।
এসময়ত জ্বলি পুৰি
চাৰখাৰ হৈ
মিহলি হ'ম এই মায়াৰ
মাটিৰ বুকুত।
আশাবোৰ ৰৈ যাব
জ্বলিব বিৰহৰ অগনি!
কলিতেই মৰহি যাব
সৰু সৰু সপোনবোৰ
মাথো ৰৈ যাব মোৰ কিছু ব্যক্তিৰ বুকুত মোৰ সোনালী স্মৃতিবোৰ।
জীৱন্ত সাক্ষী হৈ ৰ'ব মোৰ
দুটিশাৰীৰ স্তৱক আৰু '
কবিতাবোৰ!
এইয়াই যে মোৰ জীৱনৰ
অন্তিম ক্ষণ।
✒️বিদ্যুৎ গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ