ঃধুলোঁ মা
ঃইমান সোনকালে কিয় উঠিব লাগে ? ৰাতিও গোটেইবোৰ সামৰি তুমি দেৰিকৈ শোৱা |
ঃ উপাই নাই মা, নহ'লে যে কাম আগ নাবাঢ়িব আৰু মোৰ অফিচলৈ যোৱা দেৰি হৈ যাব | আপোনাৰ মুখধোৱা পানী বাৰাণ্ডাৰ টেবুলতে থৈছোঁ | মই গোঁসাই ঘৰৰ পৰা আহি আপোনাক চাহ দিম |
ঃভাত হ'ল নে বোৱাৰী ?
ঃ ভাত হ'ল মা, আপোনাৰ চাহৰ ওচৰতে ঔষধ থৈছোঁ ,খাই ল'ব ..ন'হলে আপুনি পাহৰি যাব |
আমালৈ আজি বৰালি মাছ ৰান্ধিছোঁ ,আপুনি নাখায় যে সেয়ে আপোনালৈ মাগুৰ মাছ ৰান্ধি হটকেচত সকলো ভৰাই থৈছোঁ ,সময়ত আপুনি খাব | এতিয়া ৰুটি ভাজি বনাইছোঁ আপোনালৈ | এওঁৰ আৰু সোণৰ বাবে টিফিনত লুচি ভাজি দিছোঁ | বাথৰুমত গৰমপানী দি থৈছোঁ , গা ধুই কাপোৰখিনি থৈ দিব,মই আহি আবেলি মেচিনত ধুই দিম |
ঃহ'ব বোৱাৰী ,তুমি যে মোক একো কাম কৰিব নোৱাৰা কৰিলা দেই |
ঃমা মই থাকোঁতে আপোনাক বাৰু কিয় কাম কৰিবলৈ দিম ?
ঃবোৱাৰী মোৰ বস্তু দুটামান আনিবলগীয়া আছিল আৰু আমাৰ মাজনীৰ বান্ধৱীজনীৰ আইতাক ঢুকুৱাৰ খবৰ এটাও ল'ব লাগিছিল |
ঃ হ'ব মা ,কি বস্তু লাগে ক'ব মই আহোঁতে লৈ আহিম আৰু মৰাঘৰীয়া খবৰটোও কৰি আহিম |
ঃ এহ্ তুমি ভোকে পিয়াহে অফিচৰ পৰা আহোঁতে সোমাব নালাগে | সন্ধিয়া বাবাৰ সৈতে যাবা |
ঃ মা সন্ধিয়া মই সোণক পঢ়াব লাগিব ,তাৰ পৰীক্ষা আছে আৰু এওঁ সন্ধিয়া ওলাই যাবলৈ টান পাই দিনটো অফিচত কাম কৰি ভাগৰি আহে যে |
ঃবোৱাৰী তোমাক আৰু এটা কথা কম বুলি ভাবি আছিলোঁ |
ঃ কি কথা কওক মা |
ঃকালিলৈ যে তোমাৰ অফিচ বন্ধ থাকিব সেয়ে কালিলৈকে নামঘৰত শৰাই এভাগ দিম বুলি ভাবিছিলোঁ, তুমিও নামঘৰলৈ যাব পাৰিবা,নহ'লে অফিচৰ পৰা সময়েই নোপোৱা লগতে গোপীনিক চাহ একাপো খুৱাম | তোমাৰ অসুবিধা হ'ব নেকি ?
ঃ একো অসুবিধা নহয় মা ,শৰাইৰ বস্তুখিনি মই আহোঁতে বজাৰ কৰি লৈ আহিম |
ঃ তুমি আকৌ কালিলৈ মাৰাৰ ওচৰলৈও যাম বুলি কৈছিলা যে |বেয়াও লাগিছে তেখেতো অসুখীয়া মানুহ তাতে অকলশৰীয়াও |
ঃ একো নহয় মা, ঘৰলৈ বেলেগ এদিন
যাম |
ঃবোৱাৰী তুমি মোৰ সকলো কথাই মানি লোৱা,মোৰ ইমান আলপৈচান ধৰা,কেতিয়াবা ভাবো মোৰ নিজৰ ছোৱালীজনী ঘৰত থকা হ'লেও ছাগে মোক ইমান আদৰ নকৰিলেহেঁতেন |
ঃ মা সেইটোনো কি কথা,মই আছোঁ বাবেহে কৰিছোঁ |
মইও জানো আপোনাৰ ছোৱালী নহয় ?
ঃ তুমি মোৰ ছোৱালীয়েই অ' ,এটা কথাই মই তোমাৰ বেয়া পাওঁ ,মানে মই ভাল নোপোৱা কাম এটা কৰা |
ঃ কি কাম মা, আপোনাৰ প্ৰতি কৰা সেৱাত কিবা ভুল কৰিছোঁ নেকি ?
ঃ মোৰ সেৱা তুমি বহুত কৰিছা কিন্তু তুমি যে শিৰত সেন্দূৰকণ নোলোৱা সেই কথাটো মই বেয়া দেখিছোঁ ,তোমাক দুদিনমান কৈছোঁও...কিয় তুমি মোৰ এইটো কথা নুশুনা ? বিয়াৰ পাছত কেইমাহমান লৈছিলাও | কিন্তু এতিয়া কিয় নোলোৱা হ'লা ?জানানে সেন্দূৰ স্বামীৰ মংগল কৰে ,সেন্দূৰ বিবাহিতা নাৰীৰ প্ৰধান ভূষণ |
ঃমা, সেন্দূৰে মংগল কৰে নে নকৰে মই নাজানো ,কিন্তু সেন্দূৰ নল'লেও মই এটা চৰকাৰী চাকৰিৰ দায়িত্ব পালন কৰি ঘৰখনৰ সকলো কাম সামৰি ৰাতিপুৱাই সদায় গোঁসাইঘৰত স্বামীৰ,সন্তানৰ আৰু আপোনাৰ লগতে ঘৰখনৰ সকলোৰে মংগল কামনা কৰি ভগৱানক প্ৰাৰ্থনা কৰিহে ওলাই যাওঁ |
ঃ সেইখিনি মই দেখি আহিছোঁ সদায় ,তথাপিও....
ঃতেতিয়াহ'লে শুনক মা ,মই কিয় সেন্দূৰ নোলোৱা হ'লো......মোৰ বিয়াৰ চাৰি মাহৰ পাছত মোৰ দেউতা ঢুকাইছিল,তেতিয়া মই দেখিছিলোঁ চোতালত উলিয়াই থোৱা দেউতাৰ মৃত শৰীৰৰ ওচৰত মাক সেৱা জনাবলৈ কেইগৰাকীমান মহিলাই লৈ গৈ দেউতাৰ ভৰিৰ বুঢ়া আঙুলিৰে মাৰ শিৰৰ সেন্দূৰখিনি মচি দিছিল আৰু মায়ে খুউৱ কান্দিছিল | তাৰ কিছুদিনৰ পাছত শহুৰ দেউতা ঢুকাওঁতে আপোনাক মৃত শৰীৰৰ ওচৰত সেৱা জনাবলৈ নি আপোনাৰ সেন্দূৰখিনিও দেউতাৰ বুঢ়া আঙুলিৰে মচি দিছিল | তেতিয়াই ভাবিছিলোঁ আমি যে ইমান শ্ৰদ্ধা ভক্তিৰে স্বামীৰ মংগল কামনাৰে লোৱা শিৰৰ সেন্দূৰকণ ভৰিৰে মচি দিয়ে ! এই কথাটো মোৰ কিবা ভাল নলগা হ'ল , কাৰণ বিধৱা হোৱাৰ পাছত নাৰী এগৰাকীয়েতো এনেয়েও সেন্দূৰ নলয় |সেয়ে মই সেন্দূৰ নোলোৱাকৈয়ে সকলোৰে সেৱা কৰি যাম বুলি ভাবিলোঁ |
(বিতৰ্ক যাতে নকৰে, এটা বাস্তৱ কাহিনীৰ ওপৰত ভিত্তি কৰিহে লিখা হৈছে |)
🖋️পূৰৱী হাজৰিকা
সংগ্ৰহ ফেচবুকৰ পৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ