মাৰ তুলনা নাই

©Admin
0
 মাৰ সমান হ'ব কোন ? এই বাক্যশাৰী অতীততো সত্য আছিল , আজিও সত্য আৰু অনাগত দিনটো সত্য হৈ থাকিব  | মাক কাৰোৰে লগত তুলনা কৰা নাযায় | এগৰাকী মাতৃয়ে কিমান ত্যাগ কৰিব পাৰে সেয়া আনে কাহানীও নোৱাৰে  | এগৰাকী নাৰীয়ে নিজৰ কামনা বাসনা সকলো জলাঞ্জলী দি কেৱল সন্তান লালন পালনৰ দায়িত্ব মুৰ পাতি লৈ মা নামৰ শব্দটো আলমকাৰীক ভাবে পিন্ধি ল'ব পাৰে তাৰ উদাহৰণ অদ্বিতীয় | 
    এই লেখাটোৰ নাৰীগৰাকী এগৰাকী নামত মা নহয় কিন্তু প্রকৃত , জন্মদাত্রী মাতকৈও কোনো গুনে কম নহয় | নিজৰ জীৱন যৌৱন কামনা বাসনা সকলো ত্যাগ কৰি আন এগৰাকী মাতৃৰ সন্তানক মাতৃত্বৰ আচলৰ তলত ডাঙৰ দীঘল কৰিব পাৰে | নিজৰ উৰ্বৰা শক্তি অটুত থকা স্বত্বেও , নিজে সন্তান জন্ম দিব পৰা ক্ষমতা থকা স্বত্বেও সেই আশা বাদ দি কেৱল মা নামৰ অলংকাৰটো পিন্ধি আজিও হাঁহি হাঁহি মাকৰ দ্বায়িত্ব পালন কৰি আছে | তেনে মাতৃ মহীয়ান নহৈ পাৰেনে ? এই লেখাত উল্লেখ কৰিব বিছৰা মাতৃৰ কাহিনী কাল্পনিক কাহিনী নহয় | ই সম্পূৰ্ণ বাস্তব আৰু সত্য | ভাবিলে আচৰিত হও কেনেকৈ ইমান ত্যাগ কৰিব পাৰে এগৰাকী নাৰীয়ে তাকেই তুলি ধৰাৰ বিনম্র পয়াস , এয়া গল্প নহয় | সম্পুৰ্ণ সত্য কথা  |
     এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াৰ প্রথমা পত্নীৰ তিনিটা সন্তান | এখন সুখৰ সংসাৰ | কোনো অভাৱ নাই |
নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস , হঠাতে সকলোকে আচৰিত কৰি তিনিওটা সন্তানক দেউতাকৰ হাতত তুলি দি পত্নী গৰাকী চিৰদিনৰ বাবে অজান্তি মুলুকলৈ গুচি গ'ল |
পত্নীক হেৰুৱাই মানুহজনে দিকবিদিক হেৰুৱাই পেলালে | কেনেদৰে আগবাঢ়িব এই এমা দিমা সন্তান কেইটাক লৈ অনাগত দিনবোৰ | চৰকাৰী কামৰ পৰা কিমানদিন আতৰি থাকিব পাৰিব | প্রশ্নৰ উত্তৰ বিচাৰি নোপোৱা হ'ল | কবলৈ গলে সৰগ ভাগি পৰা যেন হ'ল | এনেদৰে আৰু কিমান দিন ? 
    সেয়েহে সকলোৱে আলোচনা কৰি তেখেতক দ্বিতীয় সংসাৰৰ পাতনি মেলিবলৈ মান্তি কৰালে |কিন্তু  কইনা হ'ব কোন ? বিচাৰ খোচাৰ কৰাৰ পিছত পোৱা গ'ল কইনা | দুয়ো গৰাকী অকলে বহি আলোচনা কৰিলে কথাতো , চিন্তা কৰিলে , শেষত সিদ্ধান্ত হ'ল |
সেই সিদ্ধান্ত কইনাই মানি ললে | কথাতো হ'ল আগৰ সন্তান কিটাৰ স্বাৰ্থত তেও নিজাকৈ সন্তান সন্তান জন্ম নিদিয়ে | তাৰ পিছত বিবাহ সাধাৰণকৈ হলেও সম্পন্ন হ'ল
      তাৰ পিছত বহু শৰত , বহু বসন্ত পাৰ হৈ গ'ল | সেই তিনিও সন্তানক নিজৰ মাতৃত্বৰ আচলত ৰাখি ডাঙৰ দীঘল কৰালে ,পঢ়ালে শুনালে
 মানুহ হিচাবে সমাজত চিনাকি দিব পৰাকৈ উপযুক্ত কৰি গঢ়িলে | সমাজত প্রতিষ্ঠিত কৰালে | প্রথম সন্তানক উপযুক্ত পাত্রত বিয়া দিলে | বাকী দুই সন্তানেও তেখেতক কাহানীও বিমাতা বুলি অবহেলা নকৰি নিজ মাতৃৰ দৰে আদৰ সন্মান আজ্ঞা পালন কৰি দেউতাকক সন্মান দি আহিছে | গতিকে নাৰীযে যে ত্যাগৰ প্রতিমূৰ্তি তাতকৈ আৰু বেলেগ উদাহৰণ লাগেনে | কেনেদৰে নিজৰ সকলো ত্যাগ কৰি আনক আনন্দ দিবলৈ গৈ সুখী হ'ব পাৰিছে ভাৱি আচৰিত হওঁ | তেওঁ ত্যাগৰ মূৰ্ত প্রতীক | তেওঁক হাজাৰ প্রণাম | ধন্য তুমি মা, তুমি কেৱল ধন্যই নহয় তুমি সঁচাই অন্যনা | মা পুনৰ প্রণামো তোমাক  |

    📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)