ক'ভিড ১৯ সংক্ৰমণৰ সময় আৰু আমাৰ বাবে শিক্ষণীয় পাঠ-০৬

©Admin
0


পূৰ্বে উল্লেখিত দিশসমূহৰ উপৰিও আমাৰ ব্যক্তিগত জীৱন তথা মানসিক দিশতো ক'ভিড ১৯ ৰ প্ৰভাৱ অপৰিসীম। ব্যৱসায়িক জীৱনৰ পৰা আহৰি উলিয়াই এচাম লোকে নিজৰ প্ৰতিভা তথা বৌদ্ধিক শক্তিৰ বিকাশ ঘটাইছে। বুকুত বান্ধি ৰখা নৈ খন মুক্তভাৱে বোৱাই দিব পাৰিছে। সাঁচতীয়া অনুভৱবোৰক বাস্তৱৰ আনন্দৰে জীপাল কৰি তুলিছে।
               বহুতে আকৌ অত্যধিক চিন্তা অথবা হতাশাত পৰি মানসিকভাৱে ভাগি পৰিছে। অনিশ্চিত ভৱিষ্যতে বৰ্তমানকো কোঙা কৰি পেলাইছে।মানসিকভাৱে দুৰ্বল হৈ ৰোৱাৰ বাবে বহুতে আত্মহননৰ পথো বাছি লৈছে। কিন্তু "Suicide is not the solution". আমি সাহসেৰে আগবাঢ়ি যাব লাগিব আৰু জীৱনৰ সকলো প্ৰত্যাহ্বান নেওচি বিজয় ধ্বজা উৰুৱাব লাগিব।
               ক'ৰ'ণাভাইৰাছ - ক'ভিড ১৯ - লকডাউন - কুৱাৰেণ্টাইন --- এই সকলোবোৰৰে কিছু তিতা আৰু কিছু মিঠা অভিজ্ঞতা সিচঁৰিত হৈ আছে। এইবোৰেই আমাৰ জীৱনৰ শিক্ষা। এয়াই আমাৰ জীয়াই থকাৰ সংগ্ৰাম আৰু আমাৰ বাবে শিক্ষণীয় পাঠ। যিবোৰ ভুলৰ পৰিণতিত আজি আমি সমগ্ৰ মানৱজাতি মৃত্যুৰ দুৱাৰদলিত, সেইবোৰ ভুল আমি সংশোধন কৰিবলৈ শিকিব লাগিব। ভৱিষ্যত প্ৰজন্ম যাতে পুনৰ সেই একেই পথেৰে যাত্ৰা নকৰক। আমি সামাজিক প্ৰাণী। আমি আমাৰ সমাজ তথা দেশৰ বাবে কিবা এটা কৰি যাব লাগিব। যদি আমি আমাৰ জীৱনটো বচাওঁ, তেতিয়া সকলো থাকিব।
               "সাৱধানীৰ মৰণ নাই"।  এই কথাষাৰ আজিৰ দিনত প্ৰমাণিত হৈছে। জীৱন বচোৱাৰ যুঁজত আমি ৰক্ষাকৱচ হিচাপে সাৱধানতা পৰিধান কৰি চলিব লাগিব। অন্যথা মৃত্যু অনিবাৰ্য।
               আমাৰ অন্তৰ্নিহিত শক্তিৰ বহিঃপ্ৰকাশৰ সময় এইটো। পুনৰ জাগৰণৰ সময়। নিজক আৰু দেশখনক বুজি পোৱাৰ সময়। বাহিৰৰ চিকমিকনি চকুত লগাই লোৱাতকৈ ঘৰৰ কৌটিকলীয়া সভ্যতা-সংস্কৃতিবোৰ আমাৰ জীৱন যুঁজৰ সাৰথি হওক।
               আমি বহুত শিকিবলৈ পাইছো। বহুত শিকাইছে ক'ভিড ১৯ এ। আমি আমাৰ আৱেগবোৰ বুজি উঠিছো, আমাৰ অনুভৱবোৰ বুজি উঠিছো আৰু সময়বোৰ বুজি পাইছো। পৰিয়ালৰ মৰম-চেনেহ আঁকোৱালি লৈ এটা সুন্দৰ জীৱন জীয়াবলৈ শিকিছো। আমি শিকিছো নিজৰ প্ৰতিভাক। বুজি পাইছো থলুৱা বস্তুৰ মূল্য। যান্ত্ৰিকতা হেৰুৱাই পেলোৱা আমাৰ মানৱীয়তাখিনি আজি বুজি পাইছো। আজি আমি পৰিৱেশক বুজি উঠিছো। পৰিৱেশক ভাল পাবলৈ শিকিছো, মানুহক ভাল পাবলৈ শিকিছো।
               জীৱনৰ প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ আমি শিকিব লাগিব। সাহস আৰু ধৈৰ্য্যক হাতৰ মুঠিত ধৰি ভৱিষ্যতৰ বুকুত খোজ দিব লাগিব। আৰু লগতে সময়ৰ পৰিৱৰ্তনৰ সোঁতত নিজকে খাপ খোৱাই চলিবলৈ শিকিব লাগিব। নতুনক আদৰি ল'বলৈ জানিব লাগিব।
               ক'ভিড ১৯ এটা সংক্ৰামক ৰোগ। কিন্তু ই হ'ব আমাৰ জীৱনৰ পাঠ। সংগ্ৰামৰ এক নতুন খোজ। আমি মাথোঁ প্ৰতি খোজতে চালি-জাৰি জীৱনৰ আমেজ ল'ব লাগিব।

              সংগ্ৰাম হৈছে জীৱনৰ অন্য এক নাম। জীৱনৰ কাঁইটীয়া বাটেৰে আমি বহুদূৰ আগবাঢ়ি যাব লাগিব আৰু সফল হ'ব লাগিব। এতিয়া আমি আগুৱাই গৈ আছো। সফল সেইদিনা হ'ম যিদিনা ক'ভিড ১৯ আৰু মানৱজাতিৰ যুঁজখনত আমি জয়ী হ'ম বহুজনে চেষ্টা কৰি আছে ক'ভিড ১৯ ৰ প্ৰতিৰোধক আৰু প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ। অক্সফোৰ্ড বিশ্ববিদ্যালয়ে আৱিষ্কাৰ কৰিব বিচৰা প্ৰতিষেধকবিধে ধনাত্মক ইংগিত বহন কৰিছে। আমি মানৱ জাতিয়ে হয়তো ইয়াৰ বাবে বেছিদিন অপেক্ষা কৰিব নালাগিব।AZD1222 নামেৰে নামাংকৃত কৰিব বিচৰা এই ভেকচিনবিধৰ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াও নাই বুলি জানিব পৰা গৈছে।
               এতিয়া আমি সকলো সজাগ-সচেতন। নিজৰ লগতে সমাজখনৰ প্ৰতি থকা আমাৰ দায়িত্ববোধ আমি পালন কৰি যাব লাগে। জীৱনৰ বাটত হেঙাৰ আহিবই।তাক অতিক্ৰমি আগবাঢ়ি যোৱাৰ সাহস যাতে আমি নেহেৰোৱাওঁ। 
               শেষত ক'ভিড ১৯ আৰু মানৱ সমাজৰ যুঁজখনত অতি সোনকালে মানৱ সমাজ জয়ী হোৱাৰ দৃঢ়তাৰে আমি আগুৱাই যাওঁ এখোজ-এখোজকৈ ভৱিষ্যতৰ খোজ.....।
(সমাপ্ত)

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)