আহিন আহিছে
পথাৰৰ সেউজীয়া বৰণ সলায়
থোকঁ ধৰা সোণগুটি
গাভৰু হোৱাৰ পৰত.
চৌপাশে কেঁচাধানৰ গোন্ধৰ আমোলমোল
থোঁকৰ ভৰুণ ভৰত .
খেতিয়কৰ চনপৰা সপোনবোৰ গৰ্ভৱতী হৈ
ঘৰে ঘৰে বাজে গধূলিৰ আৰতি ,
আহিন- শৰৎ- পথাৰ
যেন এক প্ৰেমৰ সমাহাৰত
এচেৰেঙা ৰ'দকাঁচলি
বিষণ্ণ বলুকাত ।
বানে বলাৎকাৰ কৰি যোৱা পথাৰত
দোঁ খাই পৰা আশাই
আহিনৰ বৰ্নাঢ্য অৰ্চনাত
সপোনৰ পূৰ্ণতাৰ পৰিপূৰ্ণ হোৱাৰ
হৃদয়বোৰত মৰল সাজে এডৰা ।
সোনোৱালী ধান-দাই ভঁৰাল ভৰোৱাৰ
হেঁপাহুৱা ৰঙ জীপাল হৈ
বুকুৰ গভীৰ কোণত
বাগৰে আৱেগৰ ঢল ।
📝হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী/ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ