এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১০)

©Admin
0
________ মানে?
খিৰিকীয়েদি ৰাস্তা লৈ চাই পঠিয়ালো  কোনো নাই ৰাস্তাত।
________ আহিছে নেকি আপুনি?
প্ৰান্তিক_______ অ আকৌ, তোমাক চাইছো হে তুমি নো কি কোৱা।
________ কি..... দিম গৈ ৰব আপোনাক।যদি সঁচাকৈ আহিছে।
বুকু খনে আকৌ ধকধক কৰিছে। একে জাপে ওলাই পাখিক প্ৰান্তিক দা আহিছে বুলি কৈ গুচি আহিলো।
ওলাই আহি দেখিছোঁ লাইটৰ পোষ্ট এটা আঁৰত তেওঁ ৰৈ আছে।দৌৰ মাৰি গৈ তেওঁক সাৱটি ধৰিলো। ইমান দিনৰ মূৰত দেখি মোৰ কি হৈ গল নিজেই ধৰিব নোৱাৰিলো। তাতে এনেকৈ হঠাতে......
________ এনেকৈ নোকোৱাকৈ আহিব লাগে নেকি? আৰু আহি পেলাই আকৌ সেইবোৰ ধেমালি কৰি আছে। 
চিকুতি দিলো।
প্ৰান্তিক________ তোমাক চাৰপ্ৰাইজ দিলো আকৌ।
______ বৰ চাৰপ্ৰাইজ । এনেকৈ কোনোবাই কাৰোবাক চাৰপ্রাইজ দিয়ে নেকি?
প্ৰান্তিক_______ সেইটোয়ে ভুল অ মোৰ আৰু এতিয়া এনেকৈ চিকুটি ধৰিয়েই থাকিবা নেকি?
________ অ..... 
হাত খন আঁতৰাই দিলোঁ। কথা বোৰ শুনি হাঁহি উঠি গল।ভাল কৈ মুখ খনলৈ চাইছো তেওঁৰ।আগতকৈ অলপ শকত হল।
প্ৰান্তিক________ কি হল এনেকৈ চাইছা যে.......।
________ একো নাই। আৰু দুদিন মানৰ পাছত মই আপোনাক পেটুৱা বুলিহে মাতিম।
হাঁহি দিলো।
প্ৰান্তিক_______ ওম মাতিবা। মই পেটুৱাই হয়। হুহ!
________ নহয় নো কি? ইমান শকত হৈছে। তাত থাকি থাকি এলেহুৱা হৈ গৈছে মই গম পাইছো।
প্ৰান্তিক________ হব এতিয়া এনেকৈ সৰু ছোৱালীৰ নিচিনাকৈ কথাই পাতি থাকিবা নে বেলেগ কিবা ক'বা? আমাৰটো লগ পালে এনেকৈয়ে কথা পতা হয়।
_______ বাপ ৰে! ইমান খং, কেনেকৈ কৈছে চা? গুৱাহাটী যোৱা কিমান দিন নো হৈছে সলনি হলেই ন' ?
বেছিকৈ সলনি নহব মোৰ ভয় লাগে।
তেওঁৰ হাত খন ধৰি ল'লো।
প্ৰান্তিক_______ নাই হোৱা মই সলনি। চিন্তা নকৰিবা। তোমাৰ কাৰণে মই সদাই আগৰ প্ৰান্তিকটোৱে হৈ থাকিম।
_______ ওম এনেকৈয়ে থাকিব সদাই। আৰু কেতিয়া পালেহি?
প্ৰান্তিক________ আধা ঘণ্টা মান হৈছে। ঘৰত সোমাইয়ে তোমাক লগ কৰিবলৈ আহিছো।
_______ কিয় আপুনি এনেকুৱা বাৰু? মোক লগ কৰিবলৈ কাইলৈ অহা হলেও হয় দেখোন। আহি পাইয়ে অলপ আৰাম কৰিব নোৱাৰিলে। মায়ে চাগে কি ভাবিছে আপোনাৰ।ইমান দিনৰ মূৰত আহি ঘৰত অলপ ৰবলেওঁ সময় নহল।
প্ৰান্তিক________ মাকলৈ বোৱাৰীৰ চিন্তা হলেই।
_________ ধেমালি নকৰিব।বুজি পাওঁ মই এইবোৰ। মই যেনিবা কৰবাত গুচি হে যাম। কাইলৈ অহা হেঁতেনো হয়।
প্ৰান্তিক________ হব চোন,এতিয়া অহা কাৰণে মানে বেয়া পাইছা? তুমি বুজি পাইছা বুলি মই গম পাইছো কিন্তু মোৰ যে পোৱালি জনীক বহুত দিন দেখা নাই সেইকাৰণে গুচি আহিলো এতিয়াই। নহলে নহা কাৰণে ফোনত যি অভিমান কাৰোবাৰ......। 
________ সেইবুলি আৰু.......কিবা খালে নে এতিয়া? মিছাকৈ নকব আকৌ খালো বুলি।
প্ৰান্তিক________ খাইছিলো আহোঁতে ট্ৰেইনত।
________ ট্ৰেইনত.......
খং উঠি আহিল।ইমান দেৰি ধৰি থকা হাত খন আঁতৰাই দিলোঁ।
________ আপুনি মানে.......? ট্ৰেইনত আহিছে তাতে লঘোনে ভোকে, ঘৰত অলপ ৰৈ কিবা এটা খাই যাওঁ বোলে সেইটো নাই। কিবা খবৰ ৰাখিছেনে আপুনি। প্ৰেমত পৰিলে বুলিয়ে সব খোৱা বোৱা পাহৰি গল। ইমান দূৰ অহা একো এটা নোখোৱাকৈ। অকল ট্ৰেইনত খালো বুলি ক'লেই হৈ যাব। খোৱা বোৱা আপুনি কৰা নাই কিন্তু কষ্টটো মোৰ হৈছে এতিয়া। থাকক আপুনি যি কৰে কৰি থাকক। মই যাওঁ।
চকুপানী ওলাই আহিল।
প্ৰান্তিক_________ উফফফফ্..... মোৰ পোৱালি জনী....
গাল দুখনতে ধৰি চিকুতি দিছে।
_________ হব এতিয়া তেল মাৰিব নালাগে।মই যাওঁ নালাগে আপুনি মোক এনেকৈ নোখোৱা নোবোৱাকৈ আহি সান্তনা দিব।
প্ৰান্তিক________ সঁচাকৈ যোৱা নে?
নাই মতা মই।
প্ৰান্তিক________ এইফালে চোৱা। নামাতা মানে মোক।
চকুপানী খিনি মোহাৰি দি মুখ খন তেওঁৰ ফালে ঘূৰাই ল'লে মোৰ।
তেতিয়াও একো মতা নাই মই।
প্ৰান্তিক________ ঠিক আছে sorry...... ইমান অভিমান কৰিব নাপাই। 
________ অভিমান নহয় এইবোৰ
খং।
প্ৰান্তিক_________ মোৰ ভোক লগা নাছিল , নাখালো আৰু সেইকাৰণে।তাতে ইমান খং তোমাৰ। 
_________ আপুনি সেইবোৰ বুজি নাপায় বেলেগে হে বুজি পাই।যিবোৰ মানুহক হেৰুওৱাৰ ভয় থাকে, যিবোৰ মানুহক খুব ভাল পোৱা যায় সেইবোৰ মানুহৰ হে দুখ যন্ত্ৰণা বোৰ আন জনে বুজি পোৱা যায়। আপোনাক মই হেৰুৱাব নুখুজো আৰু কিবা এটা হোৱাও নিবিচাৰোঁ।মোৰ কাৰণে আপুনি নিজক কষ্ট নিদিব। ভালপোৱা বস্তু এটাৰ কষ্ট হলে ভাল পাওঁতা জনৰ কষ্ট হয়।
প্ৰান্তিক______ তেনেকুৱা কথা নক'বা, মোৰ বেয়া লাগে। আনৰ দুখত ইমানো দুখী নহবা,নহলে নিজৰ কথা ভাৱিবলৈ পাহৰি যাবা। পোৱালি।
________ ওম,,,,, কেইদিনমান থাকিব নহয়? আৰু এইখিনিলৈ কিহত আহিলে?
প্ৰান্তিক______ গাড়ী লৈ আহিছো।আগত আছে গাড়ী।ওহো... থাকিব নোৱাৰিম।এইবাৰ গলে আকৌ বহুত দিনলৈ আহিব নোৱাৰিম আৰু এতিয়া মই তাত সোমাইয়ে যদি ছুটি লবলৈ বিচাৰো তেতিয়া বেয়া ইম্প্ৰেচন এটা পৰি যায় নহয়।
_______ তেতিয়া হলে এদিনৰ কাৰণে কিয় আহিছিল আৰু কাইলৈ নগ'লেও হয় চোন।ইমান সোনকালে।
প্ৰান্তিক______ দকমেণ্টছ দুটামান থাকি গৈছিল সেইকেইটা নিবলৈ এদিনৰ কাৰণে ছুটি দিছে। 
________ বিহুত নাপাম মানে তেতিয়া হলে?
প্ৰান্তিক_______ জানো কি হয় ছুটি দিলে সোনকালেই আহিবলৈ চেষ্টা কৰিম পোৱালি।তুমি দুখ নকৰিবা। ফোনত কথা পাতি থাকিম নহয়।
________ মই সেইবোৰ নাজানো মুঠতে এতিয়া গৈছে যাওঁক বাৰু কিন্তু বহাগ বিহুত আহিবই লাগিব।যেনে তেনে হলেও।
প্ৰান্তিক______ ঠিক আছে মই চেষ্টা কৰিম।
_______ ওম.
ৰৈ আছো সেইখিনিতে অলপ দেৰি......

প্ৰান্তিক______ পৰীক্ষাৰ ৰিজাল্ট ভাল হলে তোমাক মই কিবা এটা দিম বুলি কৈছিলো নহয়। লৈ আনিছো এতিয়া।
________ কি বস্তু চাওঁ।
প্ৰান্তিক________ আগত কৈ লৈছো কান্দিব নোৱাৰিবা কিন্তু। তুমি নহলে কান্দি দিয়া যে অলপতে।
_______ নাকান্দো, হোহ।
জেপৰ পৰা কিবা এটা উলিৱাব লৈছে।
প্ৰান্তিক_______ মোৰ জীৱনৰ আটাইতকৈ মৰমৰ বস্তুটো তোমাক যাচিলো আজি।
দেখিছোঁ 'P' আখৰ থকা এটা সোণৰ আঙুঠি। P মানে প্ৰান্তিক চাগে। মই আকৌ নুসোধিলো। এনেকৈ এই মুহূৰ্তত এই বিধ বস্তুৰ কাৰণে মই একেবাৰেই  অপ্ৰস্তুত আছিলো। কিন্তু মই এতিয়া প্ৰান্তিক দাক কি বুলি কম ভাবি পোৱা নাই।
________ ৰব চোন।আপোনাৰ মায়ে গম পাই নে কি ইয়াৰ বিষয়ে? আৰু এনেকৈ ইয়াত আঙুঠি পিন্ধোৱাটো মোৰ অলপো ভাল লগা নাই। আপোনাৰ যদি এতিয়া সময় নাই মোক নালাগে, আপোনাৰ যেতিয়া সময় হব মই তেতিয়াই সাঁজু আছো। মই সমাজক সাক্ষী কৰি লব বিচাৰো,এনেকৈ নহয়।
প্ৰান্তিক_______ মানে?
________ মানে আপুনি যদি মোক ভাল পাই তেন্তে সমাজক সাক্ষী কৰি মোক আঙুঠি পিন্ধাওক। এনেকৈ মোৰ ভাল নালাগে।আৰু মোৰ ঘৰত গম পালে ডাঙৰ কথা হব।
প্ৰান্তিক_______ তুমি মোক বিশ্বাস নকৰা নেকি? মই আৰু বহুত দিনলৈ আহিবলৈ নাপাম সেইকাৰণে তুমি কিবা ভুল বুজা বুলি মই এতিয়াই দি যাবলৈ বিছাৰিছো।
_______ বিশ্বাস অবিশ্বাসৰ কথা নহয়।আপোনাক মই বহুত বিশ্বাস  কৰো আৰু ভুল বুজা বুজি কিয় হব। বিশ্বাস আছে যেতিয়া এইবোৰ নহয় বুলি মই ভাবো। যদি আপুনি ঠিকেই থাকে মই আপোনাক কেতিয়াও ভুল নুবুজো।
মনটো বহুত কিবা কিবি লাগিছে। তেওঁৰ কথা বোৰত যেন অন্য কিবা লুকাই আছে তেনেকুৱা লাগিছে।

আগলৈ....

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)