নৈ পৰীয়া সপোন

©Admin
0


গৰখীয়াৰ মৃদু বাহীঁৰ সুৰত 
জী উঠিছিল তাই।
সেমেকা বতাহছাটিয়ে 
জিৰ জিৰ শব্দৰে প্রতিধ্বনি
তুলিছিল এক চালি নৃত্যৰ,
ৰুক্ষতাৰে ভৰা জীৱনটোৱে
বুটলি আনিবলৈ অপাৰগ
হৈছিল হেৰোৱা ছন্দবোৰ।
নদীখনৰ লগত ভাঁহি গৈছিল
তাইৰ যন্ত্রনাৰ টোপোলাবোৰ।
নদীখনক তাই বহুকথাই কৈছিল জীৱনৰ।
সেমেকা বতাহজাকে
তাইৰ চুলিটাৰিত সাৱটি
    ধৰিছিল।
অভিমান কৰিছিল তাই
   বতাহছাটিক।
তাই যেতিয়া সন্তর্পনে
ওখ ওখ গছবোৰ,পাহাৰবোৰ
নদ-নদীবোৰ, গছ-গছনিবোৰ
পশু-পক্ষীবোৰ সকলোকে
তাই সাৱটি ধৰিব খুজিছিল।
কপহুৱা মেঁঘবোৰৰ মাজত 
তাই বিচাৰি ফুৰিছিল তাইৰ
 বুকুৰ খলাবমাবোৰ,
আকাশৰ নীলাখিনিত তাই
চুই চাব বিচাৰিছিল
কোনেও নজনাকৈয়ে।
শুকান বতাহজাকক আৰু
কিমান দোলা দিব?
নদীখনৰ আগত তাই জীৱনৰ
বহু কথাই কৈছিল!
মৃদু মৃদু বতাহত ভাঁহি অহা
ৰুন জুন,ৰুন-জুন শব্দত
নৈপৰীয়া গীতটো এটা
সুৰ হৈ ভাঁহি আহিছিল
আৰু তাই এটা জোলোঙাত
ভৰাই লৈ আনি 
শোৱাপাটীতে মেলি চাইছিল
আৰু সেই তেজীমলাৰ
সাধূৰ দৰে লাগিছিল।

       
    📝ৰুনু শর্মা
   গুৱাহাটী পাঞ্জাবাৰী
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)