দক্ষিণ কামৰূপৰ লোক সংস্কৃতি এক চমু অৱলোকন-০১

©Admin
0
 দক্ষিণ কামৰূপ অঞ্চলটি এক ইতিহাস প্ৰসিদ্ধ ঠাই। লগতে অধিক ঐতিহ্যমণ্ডিত আৰু সমৃদ্ধিশালী ।এই অঞ্চলটিৰ প্রাচীন নাম আছিল দখিন কোল । আৰু এই দখিন কোলেই আজিৰ ঐতিহাসিক প্রসিদ্ধ ঠাই । অসমৰ ভিতৰতেই আজি এখনি প্রসিদ্ধ ঠাই ।দক্ষিণ কামৰূপ অঞ্চলত যথেষ্ট সংখ্যক গাঁও , পাৰা , চুবা আছে আৰু এইবোৰত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে । সাধাৰণতে এক ভৌগোলিক সীমাৰেখাৰ মাজত বাস কৰা দক্ষিণ কামৰূপৰ জনগোষ্ঠীসমূহৰ জনসাধাৰণৰ জীৱন পদ্ধতিয়েই সামগ্রিকভাৱে লোক-সংস্কৃতি আৰু ই দক্ষিণ কামৰূপৰ লোক-সংস্কৃতি নামে জনাজাত ।
   দৰাচলতে অতীতক জানিবলৈ কৌতুহলী মনৰ মানুহৰ অগম্য হেঁপাহ জন্মে ।ই মানুহৰ চিৰাচৰিত কথা ।অতীতক জানিলেহে বৰ্তমানক জানিব পাৰি আৰু বৰ্তমানক জনাৰ পাছতহে ভৱিষ্যতৰ কথা নিৰ্ধাৰণ কৰিব পৰা যায় ।সেয়েহে প্রাচীন ঐতিহাসিক সম্পদৰাজিৰে পৰিপূৰ্ণ দক্ষিণ কামৰূপ বা কোলৰ বিষয়ে জানিবলৈ ইচ্ছা কৰা তেনেই স্বাভাৱিক ।এই প্রসংগতে আহি পৰে দক্ষিণ কামৰূপৰ লোকসংস্কৃতি অধ্যয়নৰ প্রয়োজনীয়তাৰ কথা । মুখ্যতঃ অতীতক জনাৰ মূল সাংস্কৃতিক সম্পদ হৈছে লোকসংস্কৃতি ।লোকসংস্কৃতি সামাজিক জীৱনৰ প্রামাণ্য নথি ।
   দক্ষিণ কামৰূপ বহলভাৱে এখনি বৈচিত্ৰময় ঠাই ।ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহে বাস কৰে । সেইমতে তেওঁলোকৰ সুকীয়া সুকীয়া সমাজ ব্যৱস্থা আছে । লোকসংস্কৃতি তেনে সমাজ জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ আৰু সমাজ বিজ্ঞানৰ দৃষ্টিৰে লোকসংস্কৃতি অধ্যয়ন কৰা বাঞ্চনীয় । তেতিয়াহে ঠাইখনৰ সমাজ জীৱনত প্রভাৱ বিস্তাৰ কৰা বহুতো জনগোষ্ঠীৰ কথা জানিব পৰা যায় ।
আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)