শৰৎ

শাৰদী ৰাণী তুমি
মনোৰমা ঋতু, 
স্বৰ্গৰ দেৱ-দেৱীৰ পদধূলাৰে 
পৱিত্ৰ তোমাৰ বুকু,
নিয়ৰে সিক্ত কৰা তোমাৰ চকু ।
শেৱালিয়ে পাৰি দিয়া
সুকোমল দলিছাৰে
তুমি খোজ দিয়া
ৰুণুক ঝুনুক নুপুৰেৰে ।
ৰূপৱতী তুমি, স্নিগ্ধ ৰূপেৰে
ধন্যা তুমি আই দূর্গাৰ আশীষেৰে ।
তোমাৰ হাঁহিত শেৱালি ফুলে,
শুকুলা মেঘে সূৰুজৰ স'তে খেলে
কঁহুৱাৰ ফুলবোৰে হালি জালি 
নদীৰ স'তে হেঁপাহৰ কথা পাতে ।
শাৰদীয় পূৰ্ণিমাৰ নিশাত
পোহৰৰ সতে মিতিৰালি পাতি
দুগালত মুকুতা জিলিকাই
দূবৰিয়ে গাই জোনাকৰ গান ।
জোনে চাই মিচিকিয়াই
তৰাই জুমি জুমি চায় --
ঊষা নামি আহে লাহে লাহে
ধৰাৰ বুকুলে'
কুঁৱলীৰ চাদৰৰ আঁচল গুচাই ।
সঁজাল ধৰা ধাননি ডৰাই
বতাহত বিলাই দিয়ে সুগন্ধি 
কৃষকৰ মুখত বিৰিঙি উঠে
এক শান্তি আৰু প্ৰশস্তিৰ হাঁহি ।
তোমাৰ আগমনে এতিয়াও যেন
কানাই বাঁহী বাই গোকুলে
কঁপি উঠে যমুনা মুৰুলীৰ সুৰে ।
নাচি উঠে সকলোৰে মন প্ৰাণ 
হৃদয়-আত্মা জুৰ পৰে ।
শীতৰ ঠেৰেঙা লগা বা জাকে
স্পৰ্শ কৰাৰ আগতেই
তুমি গুচি যোৱা অন্য এক দেশলৈ
পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিৰে ।


✍️ডঃ কুঞ্জলতা গগৈ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send