ক'ভিড ১৯ সংক্ৰমণৰ পৰা সময় আৰু আমাৰ বাবে শিক্ষণীয় পাঠ-০৫

©Admin
0


ঙ) শৈক্ষিক দিশৰ পৰিৱৰ্তন 

               ক'ভিড মহামাৰীৰ সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা হৈছে। ইলেকট্ৰনিক শিক্ষণ প্ৰক্ৰিয়া অতি ক্ষিপ্ৰভাৱে বৃদ্ধি পাইছে। লকডাউনৰ ফলস্বৰূপে সকলোধৰণৰ বিদ্যালয়, মহাবিদ্যায় তথা অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ গৈছে। সকলো প্ৰতিষ্ঠানে পৰীক্ষাসমূহ বাতিল কৰি দিয়ে। ডিজিটেল প্ৰক্ৰিয়াৰে শৈক্ষিক কাৰ্যসূচী চলাই থকা হৈছে। তথ্য সংগ্ৰহ বা অন্যান্য জ্ঞানেৰে সমৃদ্ধ হ'বলৈ ইণ্টাৰনেট ছাত্ৰ- ছাত্ৰীসকলক সহায় কৰিছে। অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ ফলস্বৰূপে শৈক্ষিক কাৰ্য্যত বাধা আহি পৰা নাই। কিন্তু এনেধৰণৰ শিক্ষা সমাজৰ সকলো পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিবলৈ সক্ষম নহয়। সেয়েহে এচাম শিক্ষাৰ্থী শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগা হৈছে। ডিজিটেল শিক্ষা লাভ কৰিব নোৱাৰাৰ বাবে বহুতে আত্মহননৰ পথো বাছি লৈছে। যি কি নহওক, এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে যদিও মুখামুখিকৈ শিক্ষকসকলৰ লগত যোগাযোগ কৰিব পাৰিছে তথাপিও শ্ৰেণীকোঠাৰ শিক্ষাৰ পৰিপূৰক কেতিয়াও হ'ব নোৱাৰে ।
               UNICEF ৰ তথ্য মতে ১৩৪ খন দেশত শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হয়। ১.৭২৫ বিলিয়ন শিকাৰু ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়। তেওঁলোকৰ বাবে দূৰৱৰ্তী শিক্ষাৰ আঁচনি আৰু মুক্ত শিক্ষাৰ বাট মুকলি কৰি দিয়া হৈছে ।

চ) *পাৰিৱেশিক দিশৰ পৰিৱৰ্তন :*
               অন্যান্য দিশসমূহৰ দৰে পাৰিৱেশিক দিশতো ক'ভিড ১৯ ৰ প্ৰভাৱ পৰিছে। পৰিৱেশ প্ৰদূষণ ৩০% লৈ হ্ৰাস পাইছে। লকডাউনে পাৰিৱেশিক দিশত ধনাত্মক প্ৰভাৱ পেলাইছে। NASA আৰু ESA ৰ তথ্য অনুসৰি য়ুহান , ইটালী, স্পেইন আদিত পৰিৱেশ প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে। লকডাউনৰ ফলত বিশ্বৰ বিভিন্ন দেশত কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে। যাতায়াত-পৰিবহনো অচল হৈ পৰিছে। জীৱাশ্ম ইন্ধনৰ পৰা নিৰ্গত নাইট্ৰজেন ডাই-অক্সাইড এবিধ বিষাক্ত প্ৰদূষক। বৰ্তমান এইবোৰ প্ৰদূষকৰ পৰিমাণ হ্ৰাস পাইছে। বছৰেকীয়াভাৱে দূষিত বায়ুৰ বাবে বিশ্বব্যাপী ৪.৬ মিলিয়ন লোকৰ মৃত্যু হয়। বায়ু প্ৰদূষণ এটা বিশ্বজনীন সমস্যা।
               জৈৱ-বৈচিত্ৰতাই পৃথিৱীখনক এক নতুন ৰূপ দিয়ে। লকডাউনৰ ফলস্বৰূপে পৰিৱেশ প্ৰদূষণ নাইকিয়া হয়। ইয়াৰ ফলত লুপ্ত পাব খোজা বহুতো জীৱই জীয়াই থকাৰ সক্ষমতা আহৰণ কৰে। জীৱ তথা পক্ষীকূল নিৰাপদে থাকিব পৰা হৈছে।
               আমাৰ কাৰ্য্যৰ ফলত পাৰিৱেশিক সমস্যাই এক ভয়াৱহ ৰূপ লৈছিল। প্ৰকৃতিৰ এই মহামাৰী ৰোধৰ প্ৰতিৰোধক বা প্ৰতিষেধক এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। প্ৰকৃতিয়ে এই কথা বুজাই গ'ল যে মানুহ প্ৰকৃতিৰ উৰ্ধত নহয়। মানুহৰ প্ৰদূষণকাৰী কাৰ্য্যৰ নিয়ন্ত্ৰণৰ বাবেই আজি দিল্লীৰ নিচিনা চহৰত মুক্ত আকাশ দেখা পোৱা গৈছে। পঞ্জাৱৰ পৰা হিমালয় দেখা পোৱা গৈছে।
(আগলৈ)

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)