আহিবছোন এবাৰ ইয়ালৈ

Rinku Rajowar
0
গুৱাহাটী মহানগৰক বাদ দি জালুকবাৰীৰ পৰা পশ্চিমে ধুপধৰালৈ , উত্তৰে সুবিশাল বুঢ়ালুইতৰ পাৰৰ পৰা দক্ষিণে মেঘালয়ৰ সীমান্তবৰ্তী ঠাই বাৰৈগাঁৱলৈ এই বিস্তৃত অঞ্চলেই দক্ষিণ কামৰূপ | এই অঞ্চলৰ এটা সুকীয়া বৈশিষ্ট আছে | ইয়াৰ প্রাকৃতিক সৌন্দৰ্যই আপোনাক আকৰ্ষিত নকৰাকৈ নাথাকে | আপুনি যদি গৱেষণা কৰিব বিচাৰিছে তেন্তে ইয়াত আপুনি বিছাৰি পাব আপোনাৰ মনে বিচৰা ধৰণে , মনক সুখী কৰিব বিচৰাকৈ অনেক সমল | ইয়াত যি দৰে শাক্তপন্থী লোক আছে ঠিক সেইদৰে সত্র সংস্কৃতিৰো সোৱাদ আপুনি ল'ব পাৰিব | বিভিন্ন সময়ত ইয়াত যি সমূহ উছব পালন কৰা হয় তাৰ লগত ঐতিহ্য পৰম্পৰা আদি সাঙুৰ খাই আছে | শুনিলে আছৰিত হ'ব ইয়াত মাটিফুটি ওলোৱা দেৱালয় আছে , নামেই তাৰ পৰিচয় মাটিফুটা দেৱালয় | তাৰ আশেপাশে থকা বিস্তৃণ সেউজীয়া পথাৰ, পাহাৰ, মনোৰম প্রাকৃতিক পৰিবেশ | নাচালে নেদেখিলে কৈ বুজাব নোৱাৰা কথা | যদি আপুনি প্রকৃতি প্রেমী তেন্তে চকু দুটা মুদি এবাৰ কল্পনা কৰকচোন | এইবোৰ শুনাৰ পাছত আপোনাৰ বাৰু এবাৰ ইয়ালৈ আহিবলৈ মন নাযাবনে ?
     বিগত শতিকাৰ ১৯৫০ চনৰ বৰভূমিকম্পৰ কথা আপুনি নেদেখিলেও , নুশুনিলেও নিশ্চয় পঢ়িছে ?
তাৰ ফলশ্ৰুতিত কেৱাটাও টিলা তললৈ বহি গৈ সৃষ্টি হোৱা চানডুবি বিলৰ কথা আপুনি নিশ্চয় শুনিছে , যদি আগতে অহা আপোনাৰ বাৰু চাবলৈ মন নাযাবনে ? আহ কি মনোৰম দৃশ্য | পৰ্যটন ঋতু আৰম্ভ হোৱাৰ লগে লগে ইয়ালৈ বনভোজ খোৱাৰ লগতে ইয়াৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবৰ বাবে প্রতিদিনে কিমানযে লোক আহে আপোনাক সঠিক কৈ কব নোৱাৰিম | কিয় আপোনাৰ বাৰু আহিবলৈ মন যোৱা নাইনে ? আহিবচোন এবাৰ সময় ওলিয়াই দক্ষিণ কামৰূপলৈ আপোনাৰ অনুসন্ধিতসু মনৰ হেপাহ পুৰাবলৈ | 
     জালুকবাৰী পাৰ হৈ আহি আপুনি পাব দীপৰ বিল, দীপৰবিল সেই দীপৰবিল যি দীপৰত বিখ্যাত চিকাৰী দেশভক্ত তৰুণৰাম ফুকনে হাতী চিকাৰ কৰিছিল | যি দীপৰত প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিভিন্ন ধাৰাবাহিকৰ চুটিং হয় এই দীপৰত |
     ইয়াত আপুনি পাব মনসা মন্দিৰ | এটা বৃহত মন্দিৰ চালে পুনৰ চাবলৈ মন যোৱাকৈ সজোৱা এই মন্দিৰ আহিবছোন এবাৰ চাই যাবহি নিজেই , আহি নয়ন মন সাৰ্থক কৰিব | 
    তাৰোপৰি আপুনি পাব ইয়াত কেবাখনো সত্র | আপুনি যদি ইয়াৰ কথা জানিব খুজিছে তেন্তে তাৰো তথ্য আপুনি নোপোৱাকৈ নাথাকে | ইয়াত আপুনি মহাপুৰুষ দামোদৰীয়া সত্রও পাব আৰু অনেক তথ্য পাব আপুনি |
      ইয়াৰ পিছত পাব আপুনি সতী দেহত্যাগৰ ফলত নাকটো পৰি সৃষ্টি হৈছে বুলি  লোকে বিশ্বাস কৰা মন্দিৰ মা নিৰ্জেশ্বৰী মন্দিৰ | মন্দিৰৰ কাষেৰে কুলুকুলু সুৰেৰে বৈ যোৱা নিজৰা , ডাঙৰ ডাঙৰ গছেৰে সৃষ্টি হোৱা সেউজীয়া পৰিবেশ ইয়াৰ একেটা চৌহদতে থকা আন কেৱাটাও সৰু সৰু মন্দিৰ | চৌহদত সোমালে ভক্তিত মুৰটো দো খাই যায়  |
     ইয়াৰ পিছত আপুনি পাব এটা বিশাল পাহাৰ নাম দখলা গাঁৱৰ নাম দখলা, তাৰ কাষতে থকা বাবে পাহাৰটোৰ নাম হৈছে দখলা পাহাৰ | এই পাহাৰৰ কাষেৰে বৈ গৈছে বিশাল ব্রহ্মপুত্র | পাহাৰলৈ উঠি যোৱা পথ এতিয়া সুগম হোৱা বাবে তাৰ পৰা ব্রহ্মপুত্ৰৰ সৌন্দৰ্য চালে মনৰ পৰা কিছুসময়ৰ বাবেহলেও মনৰ অৱসাদ , দুচিন্তা , আদি নেহোৱাহৈ আপুনি উদ্ যাপন কৰিব পাৰিব সময় | উপভোগ কৰিব পাৰিব সৌন্দৰ্য | ক্ৰংকিত সময়ৰ পৰা ওলাই আহি এনে সৌন্দৰ্য উপভোগ কৰিব পাৰিলে কিমান যে ভাল লাগিব | তাৰবাবে এই অঞ্চলৰ প্রতিগৰাকী লোক গৌৰৱব অধিকাৰী | কাৰণ তেওঁলোক এনে ঠাইত বসবাস কৰে যিয়ে আনক কোনো বিনিময় নোহোৱাকৈ আনন্দ দান কৰিব পাৰে | ইয়াৰ আগলৈ আৰু অনেক তথ্য আছে কেতিয়াবা সময় পালে নিশ্চয় আগবঢ়াম | গতিকে আপুনিও এবাৰ আহিবছোন |

  ✏️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)