আজি বছৰৰ প্রথম কুঁৱলী পৰিছে

©Admin
0
  
 সদ্যস্নাতা ৰূপহী ৰাণীৰ সোণালী ৰ'দ এতিয়া অসমীৰ বুকুত | এই ৰ'দে অশান্ত কৰা আমাৰ শাৰদীয় অনুভৱে আমাক উন্মণা কৰি তুলিছে | প্রকৃতিৰ কদৰ্যময় পৰিবেশ আতৰি গৈ এক আমোল পৰিবৰ্তন আহিছে | না গৰম , না ঠাণ্ডা তেনে এক পৰিবেশ আহোঁ আহোঁ কৰিছে | অৱশ্যে আজিও গৰম কমা নাই | আকাশৰ কলীয়া ডাৱৰ আতৰি মন আকৰ্ষণ কৰিব পৰাকৈ শুকুলা ডাৱৰে ভুমুকি মাৰিছে | ডাৱৰ চালে এনে লাগে যেন কোনোবা পাকৈত খনিকৰে বিভিন্ন কাৰোকাৰ্য খচিত চিত্ৰহে আকিছে | আমাক আকাশ চাবলৈ মন যোৱাকৈ সজাই তুলিছে | দুৰণিত দীঘলীয়া এখন শুকুলা চাদৰ | যেন কোনোবা শিপিনীয়ে তাতৰ পৰা কাটি মেলিহে থৈছে | ওপৰত সুনীল আকাশ মনবোৰ বাৰু অশান্ত কৰি নুতুলেনে ? সেয়েহে কিজানি বিশ্ব বিশ্রুত গায়ক , আমাৰ বুকুৰ আপোন , প্রাণৰ শিল্পী ভূপেন হাজৰিকাই গাইছিল.....
   কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি |
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উলটি 
   তাৰ লগে লগে কুঁৱলীৰ আচ্ছাদনে পৰিবেশটো আৰু মৰম লগা কৰি তুলিছে | আজি পহিলা আহিন | শুৱাৰ পৰা উঠি প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈ কাহিলী পুৱাতে দেখিলো দেখো নেদেখোকৈ মোৰ মূৰৰ ওপৰেৰে এখন বগা চাদৰ | তাৰমানে এয়া কুঁৱলী | আজি 18/09/2020 বছৰৰ প্রথম কুঁৱলী পৰিছে | মনটো ভৰি পৰিছিল | আজিৰ পৰা পুৱা আৰু গধুলি কুঁৱলী মোৰ সংগী হ'ব | বৰ প্রিয় মোৰ কঁৱলী | ভাল লাগিব | তলৰ দুৱৰী বনত , গছৰ পাতত লাগি থাকিব টোপ টোপ নিয়ৰ | তাত সুৰুযৰ পোহৰ পৰি মুকুতা সদৃশ হৈ জিলিকি থাকিব | সঁচায়ে সমগ্র পৰিবেশটোৱে সলনি হ'ব | দুৱৰীত দুভৰি থলে ভৰি তিতিব | শেৱালীয়ে হাঁহিব | সেয়েহে গায়কে গাইছিল.....
   আহিন মহীয়া শেৱালী সৰিলে নিয়ৰত তিতিলে বন
   এই নিয়ৰে ধৰিত্রীৰ বুকুলৈ নমাই আনিব এক বাতানুকুল পৰিবেশ | গৰমৰ চট্ফটনি নোহোৱা হ'ব | আমনিদায়ক মুহুৰ্তবোৰ আতৰি যাব | নিয়ৰ গছকি আমি শৰত উপভোগ কৰিম | আমাৰ প্রত্যেকৰে শৰত মধুময় হওক  |

 📝হেমেন হাজৰিকা

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)