আজি ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ প্ৰবিত্ৰ ক্ষণত সকলো গুৰুলৈ মই মোৰ শ্ৰদ্ধা নিৱেদিছোঁ । জীৱন বাটত বিভিন্ন সময়ত , বিভিন্ন দিশত আৰু বিভিন্ন পৰিস্থিতিত আনুষ্ঠানিক বা অনানুষ্ঠানিক ভাৱে মই আজি পৰ্যন্ত যি সকল গুৰুৰ পৰা শিক্ষা লাভ কৰিছোঁ সকলোৱে শ্ৰী চৰণত মই মোৰ স - শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ ।।
প্ৰতিজন ব্যক্তিয়ে জন্মতে লাভ কৰা আদি গুৰু যি আমাক সুন্দৰ ধৰণী দেখালে মাতৃয়ে ১০ মাহ ১০ দিন গৰ্ভত লৈ আৰু পিতৃয়ে সন্তান জন্ম হোৱাৰ আগৰ পৰা আৰু বৰ্তমানৰ দায়িত্ব ভৱিষ্যত গঢ়ি তুলিবলৈ নিজৰ সকলো ইচ্ছা , সুখ , ত্যাগ , কৰি সন্তানৰ সুখৰ বাবে অতিবাহিত কৰে । এই দুয়োজনা গুৰু হ'ল আমাৰ আদি গুৰু যিয়ে আমাক জীৱন পথৰ দিকদর্শক । আমাৰ জীৱনৰ লক্ষ্যঃ ত উপনীত হ'বলৈ আমাক নামভৰ্তি কৰি দিয়ে পিতৃ - মাতৃয়ে আনুষ্ঠানিক শিক্ষা অনুষ্ঠানত তাত আমি যিসকল গুৰু পাওঁ যি আমাক নৈতিক , আধ্যাত্মিক , মানসিক ,শাৰীৰিক ইত্যাদি অসীম জ্ঞানেৰে আমাক পৰিপূৰ্ণ কৰে সেয়া হ'ল আমাৰ শিক্ষা গুৰু । এই সকল গুৰুৱে নিজৰ জীৱনত ব্ৰত ৰাখি সমাজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ছাত্ৰ সমাজলৈ নিঃস্বাৰ্থ ভাৱে নিজৰ পোহৰৰ বীজ ৰোপন কৰে যাৰ মূল উদ্দেশ্য এটাই দেশৰ মানৱ সম্পদ বিকাশ কৰা আৰু দেশৰ উজ্জ্বল ভৱিষ্যত গঢ়া ।
এই তিনিওজন গুৰু সন্তুষ্ট হ'লে অৰ্থাৎ আমাৰ পিতৃ - মাতৃ আৰু শিক্ষা গুৰু তুষ্ট হ'লে আমাৰ জীৱনৰ সকলো অসম্ভবতা সমূহ সম্ভৱপৰ হৈ উঠে । সেয়ে এই তিনিও গুৰুক আমি সদায় হৃদয়ভৰা শ্ৰদ্ধা আৰু সন্মান জনাব লাগে । তেতিয়া আমাৰ জীৱনৰ সকলো কৰ্ম সফল হয় ।
আন্ধাৰৰ তমশা বিনাশ কৰি পোহৰৰ বীজ ৰোপন কৰা মহান মনীষী সকলৰ অৱদানৰ প্ৰতি সন্মান জনাই শিক্ষক দিৱস পালন কৰা হয় । এই দিৱস আন্তৰ্জাতিক দিৱস । আমাৰ দেশ ভাৰতবৰ্ষৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটো অৰ্থাৎ ৫ ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয় । ৰাধাকৃষ্ণন একেধাৰে এজন বিদগ্ধ পণ্ডিত , শিক্ষক আৰু ৰাজনীতিকো আছিল । ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি তেখেতৰ অৱদান অসীম আৰু চিৰস্মৰণীয় ।
"গুৰু ব্ৰক্ষ্মা , গুৰু বিষ্ণু ,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নমঃ।।"
ব্ৰক্ষ্মা , বিষ্ণু , মহেশ্বৰ ৰূপে চিৰকালৰ বাবে আমাৰ দেশৰ ভৱিষ্যত গঢ়া আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষা গুৰু সকল অলংকৃত হৈ আহিছে । শিক্ষা গুৰু সকলৰ অমৃত সমৃদ্ধ গুৰু - বাণী আৰু মহান আদৰ্শৰে মহীয়ান উজ্জীৱিত হয় একো একোখন দেশৰ উজ্জল ভৱিষ্যত । প্ৰতিজন গুৰুৰ অসীম ত্যাগ আৰু শিক্ষাদানৰ কাৰ্যৰ প্ৰতি সন্মান জনাই তেখেত সকলক একো একোখন দেশৰ জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপে সন্মান জনোৱা হয় ।
সদৌ শেষত পুনঃ মোৰ শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলৰ শ্ৰী চৰণত মই নতশিৰে নমস্কাৰ জনাইছোঁ ।।
-------সমাপ্তি------
🖋️টিংকু মনি দত্ত ।
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক ।
ৰাজনীতি বিজ্ঞান বিভাগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ