আত্মীয়তা মোৰ শিক্ষাৰ্থীৰ সৈতে (শিক্ষকতা জীৱনৰ অনুভৱ)

Rinku Rajowar
0
নিজৰ দৰে ভাল পাওঁ বিদ্যালয়খনক
আপোন মনে   সজাও‍ঁঁ ‌অংকুৰিত  পাহি বোৰক
পাহি পাহি  হাজাৰ  পাহি ৰ'দৰ ফুল
হেপাঁহবোৰ উজাই আহে সিহঁতৰ কৌতূহ'লী দুচকু যেতিয়া আকাশ চোৱা  হেপাঁহত পিট পিটাই ফুৰে
মোৰ পদুলিৰ শেৱালিজোপাৰ দৰে ভাল পাওঁ সিহঁতক
শৰৎ ঋতু বুলি কথা নাই প্ৰতিটো  সময়ত 
মেটেকফুলীয়া হাঁহি বোৰ যে বৰ আকলুৱা
 জাকৰুৱা হাঁহিত ফুলি উঠে সোণাৰু হালধীয়া

মাতৃত্ব উমেৰে আলফুল  বোৰক মেৰিয়াও 
 আস্থা ভাজনতা সোৱাদ সিহঁতে ও বিচাৰে উমান পাওঁ
সিহঁতৰ  সৈতে সেই  সুখত সুখী হওঁ
যি সুখ পৃথিৱীৰ প্ৰতিগৰাকী নাৰীয়ে  নিজকে।সজাই তুলি দাপোনখনলৈ চালে পায়
যদি দাপোন  খনেও কয় তুমি ধুনীয়া সচাই
কেতিয়াবা আকৌ আলফুল বোৰে ঠেহ পাতে 
জোনাকী মনত কলিয়া ডাৱৰে  আগুৰে  ওন্দলোৱা আকাশ খনত বৰষুণজাক আহোঁ আহোঁ কৰে
কিমান যে  প্ৰশ্ন ই প্ৰশ্নৰ  মালা গাঁঠে !
মৰমবোৰৰ  উল্লাহৰ ৰাগীত  অকাৰণতে সলনি হওঁ 
আজি  বোলে খেল এটা হে খেলো
 লহমা এটা উৰি যায় 
(ৰজাই হুকুম দিছে  এডিম ছেদিম বাই,,)
নোৱাৰো পঠাব বৰ্হমথুৰি জনিক ৰজা ঘৰলৈ 
আলফুল বাখৰক ৰজাই এলাগী কৰে যদি?
বুকুত হাহাকাৰে টুকৰিয়াই 
তাতকৈ ফুল হৈ ফুলি থাক বিদ্যা বনত
সঁচা কথা অলপমান মৰমতে  অপৰাজিতা গলি যায় 
চেকনি প্ৰচণ্ড চাৱনিত লুকাই থকা সুৰবোৰ সলসলিয়াকৈ ওলাই
ইংৰাজী দুবোধ্য শব্দ পকনিয়াত 
সিহঁত বোৰ যেতিয়া পাকঘুৰণি খাই 
নিচুকণি গীত এটাই বাগৰ সলাই
(আমাৰে মইনা শুব এ )
টোপনি নাহে অ মইনাহঁতৰ 
জীজ্ঞাসু মনটোৱে বিচাৰে শিপাৰ  সন্ধান
দুচকুত তন্দ্ৰালস দিগন্ত প্ৰসাৰী দৃষ্টি

গাণিতিক পৰিধিৰে জোখিব কণমানিহঁতৰ ওজন
যোগ বিয়োগ পূৰণ হৰণত বিলিন হয় আলসুৱা বদন
কৃষ্ণ ফলকত প্ৰতিদিনেই প্ৰজ্ঞাময়ী জীৱনৰ আঁক বাঁক 
নোৱাৰি অপবৰ্জন কৰিব যেতিয়া কন্যা ঘৰৰ বিয়া নাম গাবলৈ খাতনিয়ে উপচাই দিব
আন্তৰিক আহ্বান ক বাধা দিয়া ত অপৰাগ
মই দৰা হম ,মই কন্যা
সুৰ লাগিলে যিয়ে নহওঁক
 (মাৰা অলংকাৰ থোৱা কাটি কৰি)
সেউজীয়া কবিতা বোৰ আখৈ ফুটা দি ফুটে
 সাধুকথা ওমলা গীত  মুকুতা সৰা দি সৰে 
বিহু কথা নকলোৱেবা বাপুতি সাহোন হিয়াত নাচে
সমাজৰ পৰিবেশৰ  বিজ্ঞানৰ অভিলাসী শব্দৰ লগত নিতৌ চিনাকি কৰাওঁ
আপোন পৃথিৱীত আন্তৰিকতা শেতেলি সজাওঁ
মানুহ গঢ়াৰ যে আমি খনিকৰ প্ৰতিশ্ৰুতিৰে আবদ্ধ
নিৰূপম এনাজৰী  বান্ধোন এই সম্পৰ্ক 
 প্ৰতিমত্ত হৈ ৰওঁক অনাদি অনন্ত।
                     
   🖋️ টিনা মণি বড়া 
         মৰান ৰাঙলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)