"ছাত্ৰনং অধ্যয়নং তপঃ" ছাত্ৰ জীৱনৰ এই মূলমন্ত্ৰটো অনুশীলন কৰিয়েই এগৰাকী সু-ছাত্ৰ হ'ব পৰা যায় বুলি আমি সৰুৰে পৰা অভিভাৱক আৰু শিক্ষাগুৰু সকলৰ পৰা শুনি আহিছোঁ।অধ্যয়নে ছাত্ৰৰ তপস্যা।কিন্তু এই তপস্যাৰ মাৰ্গদৰ্শক আৰু গুৰু আমাৰ শিক্ষকসকল।শিক্ষক এগৰাকীয়ে নিজৰ কৰ্মজীৱন ছাত্ৰসকলক জ্ঞান দিয়াৰ লগতে ভৱিষ্যতৰ বাবে সাজু কৰোৱাত পাৰ কৰে।যেনেকৈ ভগৱান নোহোৱাকৈ মন্দিৰ এটা আধৰুৱা,ঠিক তেনেকৈ শিক্ষক অবিহনে ছাত্ৰ এজন আধৰুৱা।ছাত্ৰ এজনক সঠিক মাৰ্গ দেখুৱাবলৈ শিক্ষক সকল কেতিয়াবা কঠোৰ আৰু কেতিয়াবা শিশু সুলভ হৈ পৰিব লাগে।যেনেকৈ শিক্ষক এগৰাকীৰ ছাত্ৰৰ প্ৰতি দায়িত্ব আছে,তেনেকৈ ছাত্ৰ এগৰাকীৰো তেওঁৰ শিক্ষকৰ প্ৰতি কিছুমান দায়িত্ব থাকে।
মহাভাৰতৰ কাহিনীত গুৰু দ্ৰৌনাচাৰ্য্যই যেতিয়া নিজৰ প্ৰিয় শিষ্য অৰ্জুনক সৰ্বশ্ৰেষ্ঠ ধনুধাৰী বনাবলৈ একলব্যৰ বুঢ়া আঙুলিটো গুৰু দক্ষিণা হিচাপে কাটিব কৈছিল,একলব্যইও বিনা সংকোচে তেওঁৰ আঙুলিটো কাটি গুৰুৰ চৰণত সমৰ্পন কৰিছিল।এই ঘটনাটোৱে দুটা দিশ বাৰুকৈয়ে স্পষ্ট কৰে,এক গুৰুৰ বিশেষ ছাত্ৰৰ প্ৰতি প্ৰেম আৰু স্বাৰ্থপৰতা আৰু দুই,বাকী ছাত্ৰৰ প্ৰতি অন্যায় আৰু হেয়জ্ঞান।বৰ্তমান সময়তো এনেকুৱা ঘটনা দেখা পোৱা যায়।বহুতো শিক্ষাৰ্থীয়ে কেতিয়াবা দাবী কৰে যে বিদ্যালয়ত শিক্ষক সকলে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলকহে বেছি গুৰুত্ব দিয়ে।এনেকুৱা পৰিস্থিতি হোৱাৰ আঁৰত অনুষ্ঠানটোৰ পৰীক্ষাৰ ফলাফল উদ্দেশ্য হোৱা দেখিবলৈ পোৱা যায়।মেধাৱী ছাত্ৰ এগৰাকীয়ে অধিক ভাল ফলাফল দেখুৱাব পাৰে বুলি তেওঁলোকক অধিক গুৰুত্ব দিয়া হয়।কিন্তু সমানে যদি বাকী ছাত্ৰ-ছাত্ৰীসকলক অবজ্ঞা কৰে তেন্তে সেয়া ভুল।গুৰু সকলে সকলো ছাত্ৰ-ছাত্ৰীকে সমানে গুৰুত্ব দিয়া উচিত।ভাল ছাত্ৰ ছাত্ৰীসকলক ভাল ফলাফলত সহায়ক হওঁক আৰু দুৰ্বল অথবা পিছপৰা ছাত্ৰ-ছাত্ৰীখিনিক আগুৱাই যোৱাত সহায় কৰক।আকৌ,ছাত্ৰ-ছাত্ৰীসকলৰো শিক্ষকৰ প্ৰতি দায়িত্ব নথকা নহয়।প্ৰায়ে দেখোঁ যে সকলো ছাত্ৰ-ছাত্ৰীৰে শ্ৰেণীত কিছুমান প্ৰিয় আৰু কিছুমান অপ্ৰিয় শিক্ষাগুৰু থাকে।প্ৰিয় শিক্ষকৰ শ্ৰেণীত মনোযোগ দিয়াৰ বিপৰীতে অপ্ৰিয় শিক্ষকগৰাকীৰ শ্ৰেণীত গণ্ডোগোল কৰি অসন্মান কৰাও দেখা যায়।কিন্তু অধ্যয়নৰ লগতে নিজৰ প্ৰতিগৰাকী শিক্ষাগুৰুকে সন্মান প্ৰদান কৰা ছাত্ৰৰ অন্য এটা প্ৰধান কৰ্তব্য।এইক্ষেত্ৰত অভিভাৱক সকলে তেওঁলোকক উচিত শিক্ষা আৰু সংস্কাৰ দিয়া প্ৰয়োজন।মানৱ জীৱনৰ প্ৰথম গুৰু তেওঁৰ পিতৃ-মাতৃ নাইবা অভিভাৱকসকল।জীৱনৰ আদি পাঠ ঘৰখনতে আৰম্ভ হয়।সেয়েহে অভিভাৱক সকলো নিজৰ সন্তানৰ প্ৰতি দায়বদ্ধ হোৱা উচিত আৰু শিষ্টাচাৰ আদি শিকোৱা অতিকৈ প্ৰয়োজনীয়।
শিশুমন জয় কৰিবলৈ শিক্ষকসকলো শিশুসুলভ হ'ব লগা হয়।মৰমেৰে ছাত্ৰসকলক আগবঢ়োৱা পাঠ হেনো তেওঁলোকৰ অধিক গ্ৰাহ্য হয়।আকৌ,দুষ্ট বা উৎপতীয়া ছাত্ৰ এগৰাকীক সঠিক শিক্ষা দিবলৈ কেতিয়াবা শিক্ষক এগৰাকী কঠোৰ হ'বলগীয়াও হয়।তথাপি কম যে গুৰু-শিষ্যৰ সম্পৰ্ক বন্ধুসুলভ হোৱা উচিত ।ছাত্ৰ জীৱনৰ জটিলতা আৰু মনৰ বিভ্ৰান্তিবোৰ জানিবলৈ বুজিবলৈ শিক্ষক এগৰাকী তেওঁৰ লগত বন্ধুসুলভ হোৱাটো প্ৰয়োজন আৰু তেতিয়া সমস্যা সমাধান কৰিবলৈ আৰু সঠিক মাৰ্গ দেখুৱাবলৈ সহায়ক হয়।
যাহওঁক শিক্ষক ছাত্ৰ সকলৰ আইন স্বৰূপ,যিয়ে যথাৰ্থ জ্ঞান কৰায়।এৰিষ্টটলে কৈছিল,"এজন শিক্ষক হ'ব লাগে শাৰীৰিকভাৱে উপযুক্ত,আবেগিকভাৱে ধীৰ-স্থিৰ,মানসিকভাৱে সজাগ,সামাজিকভাৱে কৰ্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক।" ছাত্ৰ সকলক পাঠদানৰ লগতে জীৱন যুদ্ধত জয়ী হ'বলৈ আৰু এগৰাকী সু-নাগৰিক হ'বলৈও শিক্ষক সকলেই শিকায় আৰু উৎসাহ দিয়ে।শেষত একেসুৰে কম 'শিক্ষক এডাল ম'মবাতিৰ দৰে যিয়ে নিজে গলি আনক পোহৰ বিলাই।'
🖋️ বন্দিতা তালুকদাৰ,
ছাত্ৰী,কটন বিশ্ববিদ্যালয়,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ