ৰাজীব বৰা চাৰ ,বাসন্তীপুৰ নিবাসী তেজপুৰ ।
মোৰ ডাঙৰ লৰা ৰনধীৰৰ বয়স দুবছৰ বিছ দিনৰ পৰাই তেখেতৰ সতে জড়িত ।পৰিয়ালৰ মানুহতকৈ তেখেত সমন্ধত অতি নিবিড় আমাৰ পৰিয়ালৰ বাবে ।সি পঢ়োতে কেতিয়াবা টেবুলৰ তলত সোমাই থাকে ।চাৰে ইমান অনুভব যতনে তাক শিক্ষা দিলে আমি সকলোৱেই তেখেতৰ পৣতি সদায় কৃতজ্ঞ । ইমান কুমল অনুভব পূণ শিক্ষা গুৰু অজানিতে কেতিয়া তেখেতক ময়ো চাৰ বুলি মাতিবলৈ ললোঁ মনত নপৰে , ৰনধীৰে স্কুল পাছ কৰি অহাৰ পিচতো তেখেতে নিয়মীয়াকৈ ৰনধীৰৰ খবৰ ল'বলৈ আহে ।এই গুৰু ছাত্রৰ সমন্ধটো আমি সদায় সলাগো ।ৰনধীৰে লন্ডনৰ পৰা পঢ়ি ঘূৰি অহালৈ তাৰ এটা বয়সৰ হ'লগৈ যদিও চাৰৰ বাবে সি সৰু হৈ থাকিল ।২০১৭চনত তাৰ বিয়াত চাৰ আহোঁতে ৰনধীৰে নতুন কন্যাৰসতে চাৰক ভৰিত ধৰি সেৱা কৰিলে আৰু কন্যাক চিনাকী কৰোতে ক'লে চাৰ মোৰ কাৰণে মা পাপা নিচিনা ।
শিক্ষক দিবসৰ দিনা নিয়মীয়াকৈ মই সদায় লৰাহতে পাহৰি বুলি নিজেই তেখেতক শুভেচ্ছা জনাও ।ৰাজীব বৰা চাৰ শিক্ষক দিবসৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ,আপুনি সদায় কুশলে নিৰোগী হৈ থাকক ।।
🖋️ডলী গোস্বামী ,তেজপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ