অতি আদৰৰ সোণৰ অসম

©Admin
0

ইতিহাসে মিছা কথা নকয় , তাহানীৰ সেই মোগলে অসম আক্ৰমন কৰা সময়ৰ কথা | মোৰ অসমী আইৰ ৰূপ , ৰস, সৌন্দৰ্য আৰু ইয়াত পৰিথকা সোণৰ চেকুৰাবোৰ দেখি মহাপৰাক্ৰমী ৰামসিংহই লগত সাগৰৰ দৰে অলেখ সেনানী লৈ অসম আক্ৰমন কৰিবলৈ আহিছিল | যাৰ জলন্ত সাক্ষী শৰাইঘাটৰ যুদ্ধ | তাৰ পৰিনতিত সৃষ্টি হৈছিল মোমাই কটা গড় | কৰ্তব্য আৰু দ্বায়িত্বৰ প্ৰতি অবহেলা , য'ত ওপজা মাটিৰ অস্তিত্ব , সন্মান জড়িত হৈ আছে , তাত গাফিলতি কোনে সহ্য কৰিব | মোগলৰ ৰামসিংহ যিমান শক্তিশালী ঠিক তেনেদৰে অসমী আইৰ সন্তানো সিমানেই বলশালী , পৰিমৰা বিধৰ নহয় তাৰ প্ৰমাণ কৰিছিল লাচিতে | ইতিহাসেই নহয় শত্ৰুপক্ষৰ ৰাজপুত বিজয়ী বীৰ ৰামসিংহইও অপকটে স্বীকাৰ কৰি থৈ গৈছে অসমীয়াৰ কথা , অসম দেশৰ কথা , অসমী সন্তান বীৰ সকলৰ কথা , সেয়া সৰ্বজনবিদিত | সেয়েহে সেই সময়ৰ কবিয়ে কবিতা ৰচনা কৰি অসমখন যে আগৰ পৰাই সোণৰ চেকুৰাৰে চিক্ মিকা্ ই তথকা দেশ আছিল আৰু সকলোৰে চকু অসমৰ ওপৰত পৰিছিল তাত বৰ্ণনা কৰিবলৈ পাহৰি যোৱা 
নাই | কবিয়ে এনেদৰে লিখিছিল....
  এদিন মোগলে   সাগৰৰ দৰে
        অলেখ সেনানী লৈ
 ৰামসিংহ ৰজাৰ  
                 লগত আহিল
     লোভত বলিয়া হৈ
অতি আদৰৰ   সোণৰ অসম
      কৰো বুলি চাৰখাৰ
আহিল মোগল
             ৰাজপুত বিজয়ী
  দেশজুৰি হাঁহাকাৰ  |
 তেতিয়াহলে আমি ইমান গৌৰৱেৰে মহীয়ান হৈও কিয় আজিও সকলোৰে অৱহেলাৰ পাত্ৰ হৈ পৰামুখপেক্ষীহৈ জীয়াই থাকিব লগা হৈছে | আৰু কাৰ দোষত , কাৰ প্রতাৰণাৰ ফল আমি প্রজন্মই প্রজন্মই ভোগ কৰি আহিব লগা 
হৈছে  |
    ইয়াৰোপৰি আমাৰ অসমৰ খ্যাতিমান গায়ক সকলেও তাকেই দোহাৰি আহিছে যিবোৰ গীত আজিও নতুন , কেৱল নতুনেই নহয় গীতসমুহ চিৰসেউজ আৰু কালজয়ী গীত | 
   মোক যদি স্মৃতিশক্তিয়ে প্ৰতাৰণা কৰা নাই , সেইগীত আছিল প্রয়াত ৰুদ্ৰ বৰুৱাৰ | সেইযে গীত কোনে পাহৰিব পাৰে কেনেকৈ পাহৰিব বাৰু ?
     মোৰ অসমীৰে
      হাবি বননিতে
       চেকুৰা চেকুৰা সোণে
       জিকেমিকাই থাকে |
তেন্তে এয়া পোহৰৰ দৰে সঁচা কথা | চন্দ্র দিবাকৰৰ দৰে উজ্বল কথা | তথাপি সেই গৰিমাৰে গৰিমামণ্ডিত অসম৪ আইৰ আজি এনে পুতৌ লগা অৱস্থা | বেয়া লগাকৈ , দুখলগাকৈ পুতৌ লগা |
     তাৰেই সুযোগ লৈ আমাৰ গাৰ মঙহ স্বৰূপ কাল শতৰু বিভীষণ কেইটামানে পুনৰ সোণৰ অসম গঢ়াৰ সপোন দেখুৱাই হিচাব মতে ৮৫৫ জন আৰু বেহিচাবেৰে কিমান দনৰ ডোঙাত ঠিয় হৈ মতৃভূমিক কিমান বছৰ পিছুৱাইনি হাজাৰজনক পংগুত্ব উপহাৰ দি নিৰ্যাতন দি মুক্তভাবে গ্প্তভাবে কিমানকযে হত্যা কৰোৱালে, তেনে অপকৰ্ম কৰি এচামে সোণৰ সংসাৰ গঢ়িলে | সপোন দেখুৱাইছিল জনগনক অসমৰ সকলো পথ সোণৰ হ'ব | অসমীয়াৰ দুখ বুলিবলৈ একো নাথাকিব | আবেগিক অসমীয়াবোৰে সেই চয়তানহঁতক আহিব খোজা পথত দুখপাব বুলি ভৰিত গামোছা পাৰি দিছিল | কিন্তু সেইবোৰ যে সিঁহতৰ অভিনয় আছিল , আমাৰ দুখত ঘৰিয়ালৰ চকুপানী টুকিছিল সেয়া আমি বুজি পোৱা নাছিলো | মাতৃৰ বুকুত গোৰ মাৰি সিঁহতে সোণৰ চামোছেৰে , সোণৰ কাঁহিত আহাৰ গ্রহণ কৰি সোণৰ কাৰেং সাজি সোণৰ বিছনাত সুখনিদ্রা যাপন কৰিছিল | অসম আৰু সোণৰ নহ'ল ট আগতকৈও বেছি বেয়াহে হ'ল | বেছি দুখীয়া হৈ গ'ল মোৰ দুখুনী  অসমী আই  |
   সেই প্রক্ৰিয়াত সেই পথত সুবিধা গ্রহণ কৰিব নোৱাৰি আন এচাম সুবিধাবাদী শিয়ালে আমাক স্বাধীন অসমৰ সপোন দেখুৱালে | অসমী আই হেনো পৰাধীৱ তেওঁলোকে স্বাধীন কৰিব | আপোন ভোলা আমিবোৰে তাতো পতিয়ন গলো | তাৰ সুবিঘা গ্রহণ কৰি সিহঁতে দেশমাতৃৰ পৰা আতৰত থাকি ৰাজকীয় আৰু বিলাসী জীৱন কটালে | দুখীয়া , খাটিখোৱা নিজ ভাতৃ পিতৃ আদিৰ পৰা তেওঁবিলাকৰ উপাৰ্জনৰ কিছু অংশ টকা কাঢ়ি নিলে | তেওঁ বিলাকেও শিশুকে আদি কৰি বহু সম্ভাৱনাময়ী যুৱশক্তিক এফালৰ পৰা হত্যা কৰোৱালে | অসমী আইৰ বুকুৰে পুনৰ তেজৰ নৈ বোৱালে | এওঁলোকে বীৰু প্রকৃততে অসম আৰু অসমবীসী জনগনৰ সঁচাকৈয়ে ভাল হোৱাটো বিছাৰিছিল নে ? ভাবিলে দুখ লাগে আমি কিমান নিঃকিন |
  মোগল সকলৰ অসমৰ শত্ৰু আছিল | তেওঁলোকে অসমৰ পৰা জীৱন আৰু সম্পত্তি ধংস কৰাৰ পৰিকল্পনা লৈ সমৰ সজ্জাৰে অসমীয়াৰ ওপৰত জপিয়াই পৰিছিল ট মানুহ হত্যা কৰিছিল | কিন্তু এওঁলোক আমাৰ মানুহ অসমী আইৰ সন্তান আপোন মানুহ আমাৰ ভাতৃ প্রতীম | কিন্তু তেওঁলোকে যিবোৰ কৰিছিল সেয়াবাৰু ৰামসিংহই কৰীতকৈ কম আছিল 
নে ? গতিকে তেওঁলোক ৰামসিংহতকৈ বেছি অপৰাধী নহয়নে ? 
    সময়ে কাকো কেতিয়াও ক্ষমা নকৰে | সেয়া আখৰে আখৰে প্রমাণ হৈ আহিছে | যিয়ে নিজ মাতৃক ভাল নাপায় , অপমান কৰিব পীৰে , ঠগিব পীৰে তেনে দেশদ্ৰোহীক সময়ে কেতিয়াও ক্ষমা নকৰে | তাৰবাবে তেওঁলোক সজাগ হোৱা উচিত | ধন , টকা , পইচা , ঐশ্বৰ্য বিভুতি মান সন্মান সময়ৰ ওচৰত সকলো মূল্যহীন | তেতিয়া উপল্লদ্ধি কৰিলে নহ'ব | কৰ্মৰ ফল সকলোৱে ভোগ কৰিবই লাগিব |
  এইবোৰদেখি শুনিও কাৰো বোধহয় হোৱা নাই | মূল লক্ষ্য ক্ষমতাৰ খক আগত লৈ কিছুমান আভুৱা ভৰা কথা কবলৈ আখৰা কৰি কৰি আৰু এচাম সাজু হৈছে আবেগ ভৰা শ্লগান লৈ | সিঁহতৰো প্রকৃতি একেই , একে গাঁতৰ শিয়াল | গতিকে সময় থাকোতেই আমি এইবাৰ সাৱধান হোৱা ভাল | যাতে অতি আদৰৰ সোণৰ অসম আকৌ চাৰখাৰ নহয়  |

  📝 হেমেন হাজৰিকা  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)