আত্মহত্যা

©Admin
0

      মা - অ' মা
মই যে আৰু নোৱাৰিছো
বুকুখন বৰকৈ বিষাইছে
মগজুটো যে মা,
মগজুটোৱে চিঞৰিছে উৎকট ,
মোৰ সময় বৰ তাকৰ অ'
হয়তো আৰু কিছু মূহুৰ্ত...
যন্ত্ৰণাৰ চেপাত উশাহবোৰ
চুটি হৈ আহিছে
জীৱনটোৱেচোন ঠৰক বৰক
আছিল মোৰ
ডিঙিত সেয়ে আজি আউল ,
নিশাহবোৰো ভাগৰত ব্যাকুল
কাপুৰুষালি নহয় এয়া
নহয় হাৰ মনা মন
মাথো ভাগৰি পৰিছো আজি
সেয়ে নতশিৰ কৰি
কাতৰে মাতিছো
হে' মৃত্যু লোৱা আকোঁৱালি ।
ক্ষমা কৰিবি মা
মই যে আজি অসহায়
ক্ষমা কৰিবা ঈশ্বৰ
মই যে আজি নিৰুপায় ।
ঐ জীৱন
অঁ তোকেই কৈছো
ৰঙত আজি বাউলি হ তই
আজি তোৰ শেষ শয়ন
বিদায় জননী
বিদায় ধৰণী
বি-দা-য় !

📝ৰাজ প্ৰীতম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)