শৰতৰ বৰ্ণনা

©Admin
0
ইমান শুভ্ৰ কপাহ-কোমল শৰতাকাশ
তোক চাই হে‌ঁপাহ নপলায়।
এতিয়া আৰু ডাৱৰৰ অশ্ৰু নাপাম ॥


শৰতে আনিলে নিয়ৰসিক্ত সন্ধ্যা,
মৃদুকোমল বতাহে বিৰ দি যায়
দেহৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে ।
আহ !!
তোক পান কৰো মুক্তাকাশৰ শৰৎ
শৰতে ফৰকাল কৰা মনবােৰ বিলীন হৈ যায় আকাশী-বতাহৰ সোঁতে সোঁতে ...।

বকুল - শেৱালীৰ মিঠা-মিঠা সুবাসে
হিয়াই যায় বুকু,
বকুল শেৱালীৰ সুগন্ধবোৰ কবিতাতে
ভৰাই - পান কৰি কবি হয় উন্মনা !

উসঃ কি (!) চেচাঁ বতাহ মিশ্ৰিত এচাটি বতাহে দেহায় যায় মন মগজু ।
সেয়েহে, তই ঋতুৰ ৰাণী ??

বানে এৰা বালি চাপৰিৰ কঁহুৱায়ো নাচে
তোৰ আগমনত ।
বছেৰেকৰ মূৰত আহি দােলা দি গ'লি
মুক্ত-মুক্ত আকাশ
বৃষ্টি-মুক্ত মৃত্তিকা ॥

ঋতুৰ প্ৰাণ চঞ্চলতাত
বিশ্বকৰ্মা, দেৱী দুৰ্গা,
শক্তিৰূপিনী মহাকালীৰ
পূজোৎসৱৰ সমাহাৰ হয়
শৰতৰ ঋতুত ॥

শৰৎ মানেই শান্তি
শৰৎ মানেই প্ৰাণময়
শৰৎ মানেই সুন্দৰ
শৰৎ মানেই পুণ্যাত্মাধাম
শৰৎ তোমাক নমস্কাৰ !!!

✍️মীনা পামে গাম
চিপাঝাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)