মোৰ দৃষ্টিত আবৃত্তি- এক সংক্ষিপ্ত পৰ্য্যালোচনা

©Admin
0
আবৃত্তি হৈছে বিশ্বৰ সকলো কলাৰ ভিতৰত এক অন্যতম্ কলা । আবৃত্তিৰো আছে এক সুকিয়া বৈশিষ্ট ।হেমকোষৰ মতে আবৃত্তি শব্দৰ অৰ্থ হ’ল অভ্যাস, আলোচনা, মূখস্থ পাঠ, আওৰাই লৈ কোৱা।এই আবৃত্তি হৈছে মুলত  কোনো এটা গদ্য নাইবা কবিতাৰ মনোভাৱ প্ৰকাশ হোৱাকৈ, প্ৰত্যেকে শুনি আৰু তাৰ ভাবক বুজিব পৰাকৈ, মানাভূতিক জোকাৰি যোৱাকৈ, কলাত্মক প্ৰয়োগেৰে মূখস্থ পাঠ কৰা ! 

কবিতা  এবিধ উৎকৃষ্ট কলাকাৰ্য্য । কবিতা আবৃত্তি হৈছে এই কলাৰেই এক অন্যৰূপ, ই মানুহক অান বিশেষ কলা সমূহৰ দৰেই আনন্দ আৰু তৃপ্তি যোগায় । সকলো কথা বা কামৰেই আবৃত্তি কৰিব পাৰি যদিও  কবিতা বা নাটকীয় উক্তিৰ আবৃত্তিহে কলাত্মক দিশত বিশেষভাৱে প্ৰচলিত আৰু প্ৰয়োজনীয় । “গদ্যতো কাব্যিকতা থাকিব পাৰে, যি অংশই তাৰ তড়িৎ স্পৰ্শৰ দ্বাৰাই মানাভূতিক জোকাৰি যায় ।” অবশ্যে কবিতাৰ শব্দ বুলিও কোনো আছুতীয়া শব্দ নাই- প্ৰয়োগৰ তাৰতম্যৰ ফলতে সকলোৱে জনা শব্দও নতুন ৰূপত জীৱন্ত হৈ উঠে কবিতাত আৰু ই প্ৰকাশ পায় প্ৰকৃত আবৃত্তিৰ জৰিয়তে । আবৃত্তিৰ ক্ষেত্ৰত গদ্য বা কবিতাৰ ভাব, শব্দাৰ্থবোধ, যতি-বিৰতিৰ জ্ঞান, শব্দ-প্ৰক্ষেপন আদিৰ ক্ষেত্ৰত বিশেষ সজাগ হোৱাৰ প্ৰয়োজন ।

বিশেষ ভাৱে উদাত্ত, অনুদাত্ত আৰু স্বৰিত এই তিনিটা প্ৰধান সুৰক কেন্দ্ৰ কৰি তাহানিৰ লোক-সাহিত্যৰ অন্তৰ্গত মন্ত্ৰবোৰ নাইবা ঋক্, সাম আদি বেদৰ শ্লোকসমূহ আবৃত্তি কৰা হৈছিল, যিবোৰ আজিও হয় । পিছৰ যুগত গ্ৰীচীয় নাটক আৰু গীতি-কবিতাৰ উদ্ভৱৰ সময়তো মহাকাব্য পাঠৰ ৰীতি ত্যাগ কৰা নাছিল । কিন্তু এই পাঠক আবৃ্ত্তি বুলিব নোৱাৰি । কাৰণ কবিতা বা কাব্য আবৃত্তিৰ ক্ষেত্ৰত আৰু কিছুমান কথালৈ বিশেষ ভাৱে মন দিয়া হয় । কবি নৱকান্ত বৰুৱাদেৱে কৈছে- “প্ৰতিটো কবিতাত এটা বা তাতোধিক মানসিক অৱস্থাৰ সংকেত থাকে । তাৰ উপৰিও থাকে এটা Jonal quality এইবোৰ উপেক্ষা কৰি কেৱল নাটকীয়ভাৱে সফল যেন লাগিলেও তেনে আবৃত্তি প্ৰকৃত আবৃত্তি নহয় ।…
বৰ্তমানৰ আধুনিক কবিতাৰ ক্ষেত্ৰত যান্ত্ৰিকভাৱে বা অতি নাটকীয়ভাৱে আবৃত্তি কৰিলে নচলে ।……সম্পূৰ্ণ কবিতাতো এবাৰতে অৰ্থব্যঞ্জকভাৱে আবৃত্তি কৰিলেহে কবিতাটোৰ সঠিক ৰসাস্বাদন সম্ভৱ হয় ।” সেইবাবেই আবৃ্ত্তিকাৰৰ দায়িত্ব বহুত । তেওঁ পোনতে নিজে কবিতাটোৰ ৰসাস্বাদন পূৰা মাত্ৰাই কৰিব নোৱাৰিলে কবিতাৰ ৰসৰ ভাগ শ্ৰোতা-দৰ্শকক দিয়াটো ব্যৰ্থ হ’ব । আবৃত্তিকাৰৰ দায়িত্ব হ’ল কবিৰ কবিতা অনুভৱ নিজৰ কণ্ঠস্বৰৰ মাধ্যমেৰে মানুহৰ হৃদয়লৈ লৈ যোৱা ।

আবৃত্তি প্ৰস্তুতিৰ প্ৰধান নিয়ম সমূহ এনে ধৰণৰ…..

(১) প্ৰথমতে, আবৃত্তিকাৰীজনে যিটো কবিতা আবৃত্তি কৰিব, সেই কবিতাটো সঠিকভাৱে নিৰ্বাচন কৰাটো এটা গুৰুত্বপূৰ্ণ কথা । কাৰণ, ইয়াৰ ওপৰত তেওঁৰ আবৃত্তি কুশলতাৰ কথা নিৰ্ভৰ কৰে । তেওঁৰ প্ৰিয়, অন্তৰানুভূতিৰ লগত মিলা আৰু আয়ত্তৰ ভিতৰত থকা কবিতাকহে তেওঁৰ আবৃত্তিৰ ক্ষেত্ৰলৈ অনা ভাল । অৱশ্যে অনুশীলন কৰিলে অচিনাকি  কবিতাও আয়ত্তাধীন নোহোৱাকৈ নাথাকে ।

(২) দ্বিতীয়তে, কবিতাটো নিৰ্বাচন কৰোঁতে সেইটো পুৰুষকণ্ঠত আবৃত্তি কৰিলে শুৱায় নে নাৰী কণ্ঠত আবৃত্তি কৰিলে শুৱায়, তাকো বিবেচনা কৰি লোৱা উচিত ।

(৩) তৃতীয়তে, আবৃত্তিকাৰীৰ বয়স অনুযায়ী খাপ খোৱাকৈ কবিতাটো নিৰ্বাচন কৰা প্ৰয়োজন । কিয়নো, কবিতাটিৰ ভাব, ৰস, কথা আদি উপলব্ধি কৰিব পৰা আৰু হৃদয়েৰে তাক গ্ৰহণ কৰিব পৰা আবৃত্তিকাৰেহে কবিতাটো প্ৰাণ ঢালি আবৃত্তি কৰিবলৈ সক্ষম হয় ।

(৪) চতুৰ্থতে, আবৃত্তিকাৰজনৰ আন এটা প্ৰধান কথা হ’ল আবৃত্তি কৰিবলৈ লোৱা কবিতাটো প্ৰথমেই নিৰ্ভূলভাৱে উচ্চাৰণ কৰি পাঠ কৰিবলৈ সক্ষম হোৱা । পাঠ ক্ৰুটীমুক্ত ন’হলে আবৃত্তি ক্ৰুটীমুক্ত হ’ব নোৱাৰে । পঠনৰ ক্ষেত্ৰত মন কৰিবলগীয়া তিনিটা কথা হ’ল- (ক) উচ্চাৰণৰ স্পষ্টতা আৰু শুদ্ধতা, (খ) স্বাসাঘাতৰ ওপৰত গুৰুত্ব আৰু (গ) যতি-চিহ্নৰ ওপৰত গুৰুত্ব। শব্দৰ ভিন্নধৰ্মী উচ্চাৰণে তাৰ অৰ্থৰ মাহাত্ম্য পৃথক কৰে। তাৰ বাবে আপোন মনোযোগ আৰু জিভাৰ পাক-ঘূৰণিৰ ওপৰত বিশেষ সতৰ্কতা অবলম্বন কৰিব লগা হয়। অভিধান অধ্যয়ন আৰু বিভিন্ন ভাষাৰ ভিন ভিন বিষয়ক পুথি অধ্যয়নে জিভাৰ আড়স্ততা দূৰ কৰি উচ্চাৰণৰ স্পষ্টতা আৰু শুদ্ধতা আনিব পাৰে। লগতে, শব্দত শ্বাসাঘাত কেতিয়া, ক’ত দিব লাগে তাক জনাটো অতিব প্ৰয়োজন, ন’হলে বাক্যৰ অৰ্থ ভিন্ন হয়। সেয়েহে আবৃত্তিকাৰে আবৃত্তি কৰোঁতে শব্দ অথবা বাক্যৰ উপযুক্ত ঠাইত শ্বাসাঘাত পেলোৱা আৰু বাক্য গাঠঁনিৰ ওপৰত মনোযোগ দিয়া প্ৰয়োজন।

(৫) আবৃত্তিকাৰে কবিতাৰ ভাব উদঘাটন কৰিবলৈ সমৰ্থ হৈ তাক আবৃত্তিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰাটো আন এক অপৰিহাৰ্য কৰ্তব্য। সাধাৰণতে ছন্দযুক্ত কবিতা শিশুসকলৰ আবৃত্তিৰ বাবে অধিক উপযোগী। সেই বুলি এইটোও ক’ব নোৱাৰি যে কোনো শিশুৱেই ছন্দমুক্ত কবিতাৰ সফল আবৃত্তি কৰিব নোৱাৰিব। ছন্দযুক্ত কবিতাৰ আবৃত্তিত অৰ্থবোধ নহ’লেও আনন্দবোধ আছে। কিন্তু ছন্দমুক্ত কবিতাৰ আবৃত্তিৰ বেলিকা ভাব-প্ৰকাশৰ ক্ষেত্ৰত স্বৰৰ উঠা-নমা আৰু সাংগীতিক লয় নিৰ্ণয় কৰি,তাক সঠিক ভাৱে প্ৰক্ষেপন কৰা বাঞ্ছনীয়।

(৬) আবৃত্তি কৰোঁতে লয়ৰ উঠা-নমাৰ ওপৰত চকু ৰখাটো আবৃত্তি শিল্পীৰ ষষ্ঠটো প্ৰয়োজনীয় কাম। কোন শব্দ টানি উচ্চাৰণ কৰিব লাগিব, কোন শব্দ নালাগে, কোন শব্দত কম্পন সৃষ্টি কৰিব লাগিব, ক’ত নালাগিব, কোনখিনিত শব্দকোষৰ সমতা ৰক্ষা কৰিব লাগিব, কোনটো স্বৰ উচ্চ আৰু কোনটো স্বৰ অনুচ্ছ হ’ব, তাৰ প্ৰতিও অধিক সচেতন হোৱা প্ৰয়োজন।

(৭) সপ্তমতে, আবৃত্তি কৰোঁতে আন এক মন কৰিবলগীয়া কথা হ’ল- আবৃত্তিকাৰীয়ে কবিতাৰ লক্ষ্য বা সুৰ ৰক্ষিত কৰিব পাৰিছেনে নাই। কিয়নো, কবিতাৰ ছন্দৰ নিয়মিত লয়ে কাণৰ মাজেদি গৈ শ্ৰোতাৰ মনটো অভিভূত কৰি এক প্ৰকাৰ জাগ্ৰত অথচ তুৰীয় অৱস্থালৈ লৈ যায় আৰু সেই মানসিক স্তৰতেই কবি আৰু পাঠকৰ মনৰ সংযোগ গভীৰতৰ হয়। ই যেন এক প্ৰকাৰ সন্মোহিনী শক্তি, যি শক্তিৰ প্ৰভাৱেৰে কবিয়ে পাঠকৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে।……….কবিতাৰ লয়ে অৰ্থ, ভাব আৰু বাচ্যক বৰ্জন কৰিব নোৱাৰে।

(৮) আবৃত্তিৰ ক্ষেত্ৰত আবৃত্তি কৰিব লগীয়া কবিতাটো মুখস্থ থকাটো ভাল। কাগজ বা কিতাপত চাই চাই আবৃত্তি কৰিলে কবিতাটোৰ লগত একাত্মতা আন্তৰিকতাৰে স্থাপন হোৱা বুলি ক’ব নোৱাৰি। তাৰোপৰি ই দৃষ্টিকটুও। আন এটা কথা হ’ল, আবৃত্ত কবিতাটোৰ দ্বাৰা দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ তেওঁলোকেৰে পোনপটীয়া চাক্ষুস যোগাযোগ সাধন কৰি আবৃত্তিৰ দ্বাৰা উৎসাহিত অনুভৱ-অনুভূতিৰে দ্ৰবিত কৰি হৃদয় জয় কৰি হ্লাদিত কৰিবলৈ হ’লে কবিতাটো মুখস্থ হোৱাটো নিতান্তই প্ৰয়োজন।

(৯) আবৃত্তি কৰোঁতে শৰীৰৰ বিভিন্ন অংগৰ ভঙ্গি প্ৰদৰ্শন অপৰিহাৰ্য্য নহয়। মুখ-মণ্ডলৰ বাহিৰে আন অঙ্গৰ সঞ্চালন পাৰ্য্যমানে নকৰাই ভাল। কাৰণ, আবৃত্তি বাচিক কলাহে। ৰস সৃষ্টিৰ অনুকূলে চকু, মুখ, দাঁত, ভ্ৰূ, ওঁঠ আদিৰ সুদৃশ্য সংকোচন-প্ৰসাৰণ দোষযুক্ত নহয়।

(১০) দশমতে, আবৃত্তিকাৰীৰ মূল আৰু প্ৰাথমিক গুৰুত্বপূৰ্ণ মূলধনটো হ’ল আবৃত্তিকাৰীৰ কণ্ঠ। স্পষ্ট, আঁহ নলগা, গলগলীয়া কণ্ঠৰ অধিকাৰী গৰাকীৰ যি আবৃত্তি, সিয়ে সকলোকে মুগ্ধ কৰিবলৈ বাধ্য, যদিহে তেওঁ ওপৰত উল্লেখিত কথাবোৰত গুৰুত্ব প্ৰদান কৰি আবৃত্তি-কৰ্মলৈ আগবাঢ়ে। কস্তিৱালা, খেলুৱৈ, ধ্ৰুপদী সংগীতৰ সাধক সকলে যেনেকৈ শৰীৰ-চৰ্চ্চা আৰু কণ্ঠ-চৰ্চ্চা অব্যাহত ৰাখে, আবৃত্তিকাৰীয়েও তেনেকৈ আবৃত্তিৰ মূল সম্পদ তেওঁৰ কণ্ঠস্বৰৰ চৰ্চ্চা নকৰিলে আবৃত্তিত ভাল ফল দেখুওৱা টান। কণ্ঠস্বৰ ভালে ৰাখিবলৈ প্ৰয়োজন হ’লে প্ৰাকৃতিক দ্ৰব্যৰ লগতে কণ্ঠস্বৰৰ কিছু নিৰ্দিষ্ট প্ৰানায়মৰ সহায় ল’বও পাৰে। 

শেষত, আবৃত্তিকাৰজনে মঞ্চত আবৃত্তিৰ উপস্থাপন আৰু মঞ্চ ত্যাগৰ সময়ত নম্ৰতা প্ৰদৰ্শনেৰে শ্ৰোতা-দৰ্শকৰ লগতে বিচাৰকৰো মন জয় কৰিবলৈ সমৰ্থ হ’ৱ পাৰে।

সকলো কলা, অধ্যয়ন, চিন্তন, মননৰ যেনে উপকাৰিতা আছে, সেইদৰে আবৃত্তি অনুশীলনৰো যথেষ্ট প্ৰয়োজন আৰু উপকাৰিতা আছে। আবৃত্তিৰ অনুশীলনে মানুহৰ কণ্ঠস্বৰৰ উন্নতি সাধন কৰে। ই জিভাৰ জড়তা দূৰ কৰি শব্দোচ্চাৰণ স্পষ্ট কৰি তোলে। লগতে আবৃত্তি অনুশীলনে ছাত্ৰ-ছাত্ৰীৰ স্মৃতি শক্তিও বৃদ্ধি কৰাত সহায় কৰে। ই কলাৰ তথা মানুহৰ ভাবাবেগৰ লগত নিজকে একীভূত কৰি সহমৰ্মিতা আৰু সহানুভূতিৰে মানৱ-চিত্তক বুজাত সহায় কৰে। ই যিহেতু এক পবিত্ৰ কলা, ইয়ে মনক পৰিশুদ্ধ কৰি আপোন আহ্লাদ লাভ কৰাৰ লগে লগে, তাৰ ভাৱ প্ৰক্ষেপনেৰে আনকো হ্লাদিত কৰি তোলে। প্ৰতিবিধ কলাৰ দৰে আবৃত্তি কলাইও শ্ৰোতাক মোহিত কৰি তাৰ বাণীৰে মানুহক হৃদিস্থিত পুৰুষানুভূতিক জাগ্ৰত কৰি সামাজিক মানাভূতি সৃষ্টিত অৰিহণা যোগায়। মুলতঃ ই ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজ হিতকৰ এবিধ অন্যতম কলা হিচাপে পৰিগণিত হয়। সম্প্ৰতি আমাৰ দেশত ঠায়ে ঠায়ে আবৃত্তি প্ৰশিক্ষণৰ বাবেও বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি উঠিছে। ব্যক্তিগত হিচাপেও বহু বিজ্ঞলোকে নিজৰ বা আন পৰিয়ালৰ ল’ৰা-ছোৱালীক আবৃত্তিৰ জ্ঞান প্ৰদান কৰা পৰিলক্ষিত হৈছে। বৰ্তমান চছিয়েল মিডিয়াত বহুজনৰ  কবিতাৰে আবৃত্তি দেখিবলৈ পোৱা যায় বেছি সংখ্যাকেই কবিৰ অনুভৱ প্ৰকাশত  গুৰত্ব প্ৰদান নকৰে  একে লয়লাসতে পাঠ কৰা দেখা যায় সেয়া সম্পূৰ্ন ভূল।আপোনালোকে তেনে মাধ্যমৰ সহায়েৰে কবিতা পাঠৰ কথা ভবা হয়টো অশুদ্ধ।
আবৃত্তি শুদ্ধ অধ্যয়নৰ এক অপৰিহাৰ্য অংগ বুলি ধৰি ল’লে আমাৰ মহান উপকাৰ হ’ব। 

( বিঃ সংশ্লিষ্টঃ- এই আবৃত্তি মোৰো খুবেই প্ৰিয়। ঘৰুৱা এক পৰিবেশৰ বাবেই হওঁক অথবা নিজা কিছু প্ৰচেষ্টাৰ বাবেই হওঁক, স্কুলৰ দিনৰ পৰাই আজি পৰ্য্যন্ত বিভিন্ন ঠাইৰ বিভিন্ন মঞ্চত আবৃত্তি কৰি তথা 
কৰ্মৰত ভাৱে মই এজন ৰেডিঅ' ঘোষক,এই কৰ্মত যোগ্য হব পৰাকৈ যি ব্যৱহাৰিক  পাঠ্যক্ৰম  এই সকলো অভিজ্ঞতাৰে ক্ষুদ্ৰ জ্ঞানৰ এক আলোকপাত,,
ইন্টাৰনেট আৰু গ্ৰন্থপঞ্জীৰ কিছু সহায়েৰে )
   
  
  ✍  শ্ৰীবিশ্বজীত বৰুৱা
    ANNOUNCER ALL INDIARADIO
                      RJ FM RADIO

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)