এইয়া তাৰ লাজ,ভয় নে অইন কিবা ক'ব নোৱাৰে সি। আজিলৈকে কোনো ছোৱালীকে প্ৰপজ কৰি নাপালে। কিছুমান ছোৱালী তাৰ কাৰণে পাগল। প্ৰস্তাৱো আগবঢ়াই। কিন্তু সি সদায় হাঁহিমুখেৰে সেই প্ৰস্তাৱ উৰুৱাই বন্ধুত্ব স্থাপন কৰি লয়। সকলোৰে লগত মিলাপ্ৰীতিৰে থাকে।সহজ সৰল,গম্ভীৰ দ্বীপৰ প্ৰতি দুৰ্বলতা নথকা নহয়।পৰীয়ে এদিন কথাষাৰ দ্বীপক জনাইছিল। কিন্তু সি সময়ত দেখা যাব বুলি কৈ তাৰ পৰা আঁতৰিল। তথাপিও তাই দ্বীপক খুউব সংগ দিবলৈ চেষ্টা কৰিলে। কিন্তু দ্বীপ সদায় দ্বীপেই হৈ থাকিল।
সি কয় মোৰ বহুত সপোন আছে, বহুত আশা আছে। জীৱনত আজিলৈকে যি পালো,যি দেখিলো আৰু মই ইমানখিনি পাব নিবিচাৰোঁ। জীৱনটো সজায় তোলিব বিচাৰো এসোপামান ৰঙীন জিলিকাৰে। সফলতা বোৰ চিঙি আনিব খোজো নেদেখা, হাতেৰে ঢুকি নোপোৱা আকাশৰ পৰা।সপোনৰ জোনাকীজনীৰ সতে প্ৰতিটো খোজত খোজ মিলাই আগুৱাই যাব খোজো ।আজুৰি আনি সাৱতিব খোজো এখন বিশাল নীলা আকাশ। বৰ্ণনা কৰিব খোজো কুৰুকি কুৰুকি সোমাই থকা বুকুৰ ভাজৰ আঁহবোৰ।গিলি থব বিচাৰো সেউজীয়া কুঁহিৰ হেঁপাহবোৰ।নকৈ পোখা মেলা শেৱালীজুপিত বহুত ফুল ধৰিছে। ৰাতিপুৱাৰ শেৱালীৰ প্ৰাপ্তিভৰা সুবাসে মনটো পৱিত্ৰ কৰি তোলে তাতে আকৌ হৰিনাম।আস্ জীৱনটো যে সঁচাকৈয়ে মায়াৰে ভৰা সুন্দৰ নিকা কাঁচৰ গিলাচ যি এবাৰ ভাঙিলে সহজে ঘূৰাই পাব নোৱাৰি। আৰু পাৰিলেও আবেগ,দাগবোৰ জলজল-পটপটকৈ সোঁৱগা চৰায়।হে মায়াৰেবৃত জীৱন প্ৰণামো তোমাক।কতজনৰ বাবে তুমি সকলো,কতজনৰ বাবে সহিবনোৱাৰা কলংক জাপি লৈ ফুৰা এটি মেটমৰা, নাম জীৱন।
🖋️পংখী মৰাণ
তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ