প্ৰেম নে অভিনয়-০১

©Admin
0

               প্ৰথম দৃশ্য
(১)তিনি জন বন্ধুৰ তিনিআলিত কথোপকথন--অবিনাশ--দ্বীপ আৰু অংকিত।

দ্বীপ---ঐ অবি পৰীৰ কি খবৰ অ'

(অবিনাশক সকলোৱে মৰমতে অবি বুলিয়েই মাতে।)

(পৰী হ'ল অবিনাশে ভাল পোৱা ছোৱালী জনী)

অবিনাশ--এই কেইদিন তাইক লগেই পোৱা নাই অ'।তহঁতে তাইক দেখিছিলি নেকি?

অংকিত--সিদিনা খন মই পৰীক ৰিয়াৰ লগত ক'ৰবাৰ পৰা আহি থকা দেখিছিলো।

অবিনাশ--ৰিয়াৰ লগত?ৰ'চোন বাৰু মই ফোন এটা কৰি চাওঁ।

(অবিনাশে পৰীলৈ বুলি ফোন লগাই।ক্ৰিং ক্ৰিং--আনফালৰ পৰা পৰীয়ে সহাৰি জনায় মাত লগালে।

পৰী--হেল্ল' অবি কোৱা

(পৰীয়েও অবিনাশক মৰমতে অবি বুলি মাতে

অবিনাশ--পৰী ক'ত আছা তুমি।মই তিনিআলিত আছিলো এইফালে আহিবা নেকি?

পৰী--তিনিআলিত আছা,ঠিক আছে তুমি তাতে ৰোৱা মই সেইফালেই গৈ আছো।

অবিনাশ--ঠিক আছে তুমি আহা,মই ৰৈ আছো।
ঐ অংকিত তাই এইফালেই আহি আছে বোলে।

(ক্ষন্তেক সময়ৰ পাছতেই ৰিয়া আৰু পৰী আহি অবিনাশ হঁত ৰৈ থকা ঠাইত উপস্থিত হয়।পৰীক দেখি অবিনাশে ক'লে।)

অবিনাশ---Hii পৰী

পৰী--Hi অবি,তুমি আজি ইয়াত কি কৰি আছা নো?

অবিনাশ--নাই এনেই অলপ বন্ধুৰ সৈতে ধেমেলীয়া আড্ডা।

পৰী---Wow Best জমিছে ছাগৈ তোমালোকৰ আড্ডা।
(পৰী আৰু অবিনাশৰ কথা শুনি দ্বীপে পৰীলৈ চাই ক'লে।)

দ্বীপ--পৰী তুমি মাথো অবিৰ লগতে কথা পাতিম বুলি আহিলা নেকি,আমি বোৰ কি MMS নেকি?

(পৰীয়ে দ্বীপৰ কথা বুজি নাপায় দ্বীপক সুধিলে।)

পৰী---MMS মানে মই ঠিক বুজি পোৱা নাই।

(পৰীয়ে Mms মানে কি বুজি নোপোৱা দেখি অংকিতে পৰীক ক'লে)

অংকিত--Mms মানে হ'ল মাহী মাকৰ সন্তান।মানে তুমি আমাৰ লগত কথা নপতা দেখি দ্বীপে ক'ব খোজিছে যে আমি বোৰ কি মাহী মাকৰ সন্তান নেকি?

পৰী--কিয় তেনেকৈ কোৱা নো দ্বীপ।মই কিয় তেনেকৈ ভাৱিম নো।

দ্বীপ--Thankyou তেনেকৈ যে ভৱা নাই।

(ৰিয়াই দ্বীপ হঁতৰ কথা শুনি দ্বীপক ক'লে।)

ৰিয়া--দ্বীপ আমি এনেকৈ কথা পাতি থাকিলে ইহঁতে কেতিয়া কথা পাতিব।ব'লা আমি যাওঁ ইহঁতে কথা পাতক।

(ৰিয়াৰ কথা শুনি অংকিতে ৰিয়াক ক'লে।)

অংকিত--তুমি ঠিকেই কৈছা ৰিয়া।আমি যাওঁ ব'লা।প্ৰেমিক প্ৰেমিকাই প্ৰেমৰ গোপন কথা পাতক।

দ্বীপ--Hmmআমি যাওঁ ব'লা।

(অংকিত,ৰিয়া আৰু দ্বীপ এফালে 
অবিনাশ আৰু পৰী এফালে যায়।)
দৃশ্য পট


📝দ্বীপ দীপাংকৰ লাহন।
বিশ্বনাথ,গহপুৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)