নীৰৱ ৰাতিবোৰতো আজিকালি
ভাৱবোৰত আউল লাগিব ধৰে,
কেতেকী জনীৰ চিঞৰে নিশাবোৰ গভীৰ কৰি তোলে ।
অনুভৱবোৰ যেতিয়া সাৰ পাই উশাহবোৰ চুটি হৈ আহে,
বাঁহীৰ সুৰটিয়ে ভাগৰুৱা হিয়াখন
জীপাল কৰি তুলিছে ।
তুমি তো সাৰে আছা কালাম্তৰৰ সীমনাত....
নৈশতাৰ বিষন্নতা সামৰি
আৰে পাঁহৰিছিলোৱেই
এতিয়াটো
একবিংশ শতিকা!
সহিবই লাগিব বহু
তিক্ত-মধুৰ অভিজ্ঞতা....
খিৰিকিৰ কাষৰ জোনাক যাকে
কাল অমানিশা ভেদি কঢিয়াই আনিছে এবুকু
পোহৰৰ চানেকি....
অনুভৱৰ দলিচাত সাৰ পাই উঠিছে,
বহু জীয়া কাহিনী ...
জাগ্রত হৈছে বেপেৰুৱ
হিয়াৰ বিননি....
কালান্তৰৰ সীমনাত
এতিয়া নীৰৱতাৰ শিহৰনি,
বেপেৰুৱা হৃদয়ে বিচাৰিছে
অসীমৰ ঠিকনাটি.. আৰু
দুখন হিয়াৰ চিৰ শ্বাসৰুদ্ধতা।
কালান্তৰৰ সীমনাত
ভগ্ন হৃদয়ে বিচাৰি ফুৰিছে
অন্তিম পৰিচয় টি আৰু
জীৱন জীয়াৰ এমুঠি প্রতিশ্রুতি.........
📝বৰ্ষা (মৰম) দত্ত
ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ