এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যয় (খণ্ড-০২)

©Admin
0

ৰৈ আছো সেইখিনিতে। সপোন নেকি একো ধৰিব পৰা নাই। অলপ দেৰি পাছত দোকানৰ পৰা লগৰ কেইজনী  ওলাই আহিলে। বাকী কেই জনী হোষ্টেল যাবলৈ লৈছে। পাখি মোৰ ওচৰতে ৰ'ল।
পাখি_______ কি হল ভুতে পোৱা মানুহৰ গতে যে এনেকৈ ৰৈ আছ"। আহ আকৌ।
তাইৰ কথা বোৰ শুনিছোঁ যদিও মই গুৰুত্ব দিয়া নাই।
পাখি______ ঐ, কিবা এটা মই কৈ আছো তই শুনিছ নে?
তাই আকৌ কলে।
তেনেকুৱা তে আকৌ ফোন আহিল। বৰ্ষায়েই কৰিছে। মই ৰিচিভ কৰা নাই।
পাখি______ ফোন আহিছে নধৰ" কিয়? কি হল তোৰ?
______ প্ৰান্তিক দাৰ মাত শুনিছিলো এতিয়া ফোনত।
পাখি______ কি.......? 
তাইও কিবা আচৰিত হোৱা দি হৈছে।
প্ৰান্তিক_______ হলেও ফোন টো ৰিচিভ কৰ।
তাই কোৱা দেখিয়েই ফোন টো ৰিচিভ কৰি কাণত লৈ আছো।মুখেৰে একো কোৱা নাই মই।
"হেল্ল"____ বৰ্ষাৰ মাত এইটো।
 তাইৰ মাত টো শুনি লগা লগ তাইক সুধিবলৈ লাগি গ'লো।
_______ হেল্ল" এতিয়া যে হঠাতে প্ৰান্তিক দাৰ মাত শুনিছিলো সঁচা নে মই কিবা বেলেগ শুনিলো?
বৰ্ষা______ বেলেগ শুনা নাই।সঁচাই শুনিছিলি সেইবুলি তই ফোন টো কাটি দিব লাগে নেকি?
______ তাৰ মানে? ইমান দেৰি কনফাৰেন্সত আছিলো আমি।সব কথা শুনিলে চাগে মই কোৱা।
_______ কিয় তই ফোন টো তেওঁলৈ লগাই দিলি বাৰু আৰু এতিয়াও আছে নেকি?
বৰ্ষা_____ এতিয়া নাই। কাইলৈ প্ৰান্তিক দা হঁতৰ লাষ্ট কলেজ। তাৰ পাছত আৰু প্ৰান্তিক দাক কেতিয়াও লগ পোৱা নহব। গুৱাহাটী গুচি যাব।
_______ কি.....? 
কাইলৈ লাষ্ট কলেজ তেওঁৰ। এতিয়া যদি তাত মই থাকিলো হয় তেতিয়া শেষ বাৰৰ কাৰণে মইয়ো তেওঁক লগ পালো হেঁতেন। ওচৰতে পাখি ৰৈয়ে আছে। তাইয়ো কথা বোৰ   শুনি আছে।
বৰ্ষা______ শুনি আচৰিত হৈছ",,, তই নোহোৱা পাছত প্ৰান্তিক দাৰ কেনেকুৱা অবস্থা হৈছিল সেইটো অকল আমি জানো। কিমান তোৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিল।কিন্তু তোৰ কিবা এটা হব বুলিয়েই তেওঁ ৰৈ যায়। মই আৰু স্বাগত দা নথকা হলে প্ৰান্তিক দাই কেতিয়াবাই কলেজ এৰিলে হেঁতেন। আৰু কাইলৈ ছিক্স চেমিষ্টাৰৰ শেষৰটো দিন। তোক এবাৰ লগ পাবলৈ প্ৰান্তিক দাই খুব ইচ্ছা কৰিছে অ" অলপ আগত কান্দি কান্দি মোৰলৈ ফোন কৰিছিল তোৰ লগত এবাৰ কথা পতাই দিবলৈ.... তোৰ ফোন নাই বুলি কৈছিলো কিন্তু তেওঁৰ অৱস্থাটো দেখি মোৰ বেয়া লাগিল সেইকাৰণে তোৰ লগৰ জনীলৈ ফোন কৰিলো।
______ ওম।
বৰ্ষা_______ কি ওম? ক কিবা এটা। কাইলৈ গুৱাহাটী গ'লে আৰু লগ নাপাবি । কিবা কাম আছে তাত।

একো নাই কোৱা মই মনে মনে আছো।
বৰ্ষা______ তই এটা কথা ক চোন তই প্ৰান্তিক দাক বিছাৰ" নে এতিয়া?
_______ মই কি কৰোঁ বৰ্ষা..... মই তেওঁক এতিয়াও ভাল পাওঁ। কিন্তু আকৌ যদি মোৰ ঘৰত গম পাই।
আজি ইমান দিনৰ মূৰত তেওঁৰ মাত টো শুনি.......?
আৰু একো কব নোৱাৰিলো মই। পাখিয়ে মোৰ গাত হাত খন দি বুজনি দিছে।
বৰ্ষা______হব নাকান্দিবি। একো নহয় এইবাৰ ঘৰত গম পাবলৈ নিদিবি। মই আছো নহয়। ক' লগ কৰিবি নেকি কাইলৈ তেওঁক। 
_____ কৰিম
চকুপানী খিনি মোহাৰি ল'লো
বৰ্ষা______ ঠিক আছে মই তেতিয়া প্ৰান্তিক দাক ফোন কৰি কওঁ তই কাইলৈ ইমান সময়ত তহঁতৰ কলেজৰ সেইখিনিতে ৰৈ থাকিবি। সেইফালে দি তোক তেতিয়া লগ কৰি যাব পাৰিব।
_______ ওম
বৰ্ষা_____ হব দে এতিয়া আৰু শুন কান্দি নাথাকিবি এতিয়া।
______ ওম হব bye
ফোন টো কাটি পাখিক দি দিলো।
পাখি_____ লগ কৰিবি?
______ ওম
পাখি_____ মজা। এতিয়া আৰু কোনে পাই।
পাখিয়ে জোকাবলৈ লাগি গল।
_____ হব , ব"ল এতিয়া যাওঁ।
হোষ্টেল পালোহি। মনটো ভাল লাগি আছে কাইলৈ  ইমান দিনৰ পাছত তেওঁক লগ পাম। ইফালে প্ৰান্তিক দাৰ মাত টো শুনিয়েই ফোন টো কাটি দি এতিয়া বেয়া লাগিছে। বৰ্ষাই   তেওঁ কান্দিছে বুলি কোৱা দেখি আৰু বেয়া লাগিছে। পুৰুষে কন্দা মই কেতিয়াও চাব নোৱাৰো।বহুত দুখ লাগে আৰু এতিয়া তেওঁ মোৰ বাবে কান্দিব লগা হৈছে। দুফালে দি দুধাৰি চকুপানী ওলাই আহিল।
 কথা বোৰ ভাবি ৰাতি ভাবি শুই থাকিলো। পাছদিনা ৰাতিপুৱা অলপ সোনকালে সাৰ পালো। কাৰেণ্টৰ জগটোটে চাহ একাপ বনাই খাই ল'লো। পাখি উঠাই নাই। তেনেকৈ ইটো সিটো কৰি থাকোতে সন্ধিয়াই হল। আজি আগে ভাগে মই ৰেদি হৈ আছো। লগৰ কেইজনী ওলাই গলেই যাম আৰু। সেইদৰে আগৰ সময়তে আমি গোটেই কেইজনী ৰাস্তা লৈ ওলাই যাবলৈ ল'লো। বাকী লগৰ বোৰ দোকানত সোমাইছে।মই অলপ আগলৈ আহি ৰৈ আছো।লগত পাখিও আছে। প্ৰান্তিক দা আহিব বুলি শুনি তাইয়ো আজি দোকান নাযায় হেনো। তাইৰ কথা শুনি মোৰ হাঁহি উঠি গৈছে।
      প্ৰায় ২০ মিনিট মান হল সেইখিনিত ৰৈ থকা। কোনো অহা নাই এতিয়া লৈকে।লগৰ কেইজনীও দোকানৰ পৰা আহি হোষ্টেললৈ যাবলৈ লৈছে। মই পাখি লৈ চাইছো তাই মোৰলৈ চাইছে। মনটো সেমেকি গৈছে লাহে লাহে মোৰ। তেওঁ নাহে চাগে। ইফালে ইমান দেৰি বাহিৰত থাকিলেও গালি দিব ৱাৰ্ডেনে।
________ তেওঁ নাহে চাগে যাওঁ গৈ বল।
পাখি_______ ৰ"বি আৰু ৫মিনিট ৰৈ দিওঁ। আহিম কৈছে যেতিয়া আহিব চাগে।
মোৰ মনটো বেয়া লাগিছে বুলি জানি তাই প্ৰান্তিক দা আহিব বুলি কৈ  সান্তনা দিছে। মই বুজি পাইছো।
______ উহ্ন অহা হলে এতিয়া লৈ আহিলে হেঁতেন। কালি বৰ্ষাই ইমান সময়তে তেওঁ আহিব বুলি কৈছিল। কিবা হল চাগে। যাওঁ বৈ।
পাখি______ ওম....
কিমান দিনৰ মূৰত লগ পালো হেঁতেন আজি। কিন্তু.......?
চকুপানী খিনি যেনে তেনে ৰখাই মনটো ডাঠ কৰি যাবলৈ লৈছো। আগে আগে লগৰ খিনি পাছে পাছে মই আৰু পাখি। দুই এখন সৰু গাড়ী অহা যোৱা কৰি আছে। তেনেতে আমি দুইজনী আহি থাকোঁতে পাছতে বাইক এখন ৰোৱা শব্দ শুনিলো।কোনোবা বেলেগ মানুহে বাইক ৰখাইছে বুলি ভাবি আমি ঘূৰি নাচালো।
_____ excuse me।
কোনোবাই পাছফালৰ পৰা মাতিলে।
আমি দুইজনীয়ে ঘূৰি চালো। কোন হয় মুখ খন দেখা নাই। তাতে আন্ধাৰ, চকা- মকাকৈ দুই এখন গাড়ীৰ লাইট মুখত পৰিছে যদিও ধৰিব পৰা নাই চেহেৰাটো।
" আমাক কৈছে নেকি" পাখিয়ে সুধিলে।
মানুহ জনে নাই মতা একো মুখেৰে। 
পাখিৰ খং উঠি গল।
পাখি______ আন্ধাৰ মুন্ধাৰে পাছফালৰ পৰা মাত লগাইছে। মুখ খনো দেখা নাই। এতিয়া কিবা এটা সুধিছো মুখেৰে নামাতে যে? কোন হয়?
" বাপ ৰে, ইমান মুখ চোকা। এতিয়া একো নকলে মোক ইমান আন্ধাৰত মাৰিয়ে পেলাব যেন পাইছো। পাছদিনা তেতিয়া পেপাৰত ওলাব ৰাতি অকলে পাই দুজনী ছোৱালীয়ে মিলি এটা লৰাক হত্যা কৰিলে। সেইকাৰণে এতিয়া কোন হয় কৈ দিয়াই ভাল হব।"
মাত টো মোৰ অলপ চিনাকি চিনাকি লাগিছে। কথা বোৰ শুনি হাঁহিও উঠিছে।প্ৰান্তিক দা নেকি? মনতে ভাবিছো। ইফালে পাখিয়ে খঙত কব নোৱাৰা হৈ আছে। তাইৰ অলপতে খং উঠে।
পাখি______ এ হব। লেকচাৰ নিদিব। কোন হয় সেইটো কওঁক।
" তোমাৰ লগৰ জনী মোৰ ভাল লাগিছে"।
মই আচৰিত।মোৰো খং টো উঠি আহিলে।মই কিবা এটা কব লও‍ঁতেই পাখিয়ে ক'লেই।
পাখি______ আৰে আপোনাক মই কি সুধিচো আৰু আপুনি মোক কি কৈছে। বেয়াকৈ কম নহলে এতিয়া।ভালে ভালে কোন হয় কৈ দিয়ক। আচল জনী বুঢ়ি মাৰকে জুকাই ল'লে।নক'বলৈ হলে এতিয়া ছোৱালী জুকাইছে বুলি কৈ গোটেই হোষ্টেলৰ ছোৱালী মাতি আনি মাৰ খুৱাম নহলে।
পাখিৰ কথা শুনি মোৰ বিৰাট হাঁহি উঠিছে কিন্তু তাইক দেখাই দিয়া নাই।নহলে এইজনীয়ে মোকো গালি পাৰিব। মাত টো শুনি মই প্ৰান্তিক দা বুলি ভাবিছিলো।কিন্তু এতিয়া যি দেখিছোঁ প্ৰান্তিক দা নহয়। তেওঁ  এনেকুৱা কেতিয়াও নকৰে মই জানো। 
পাখি_______ জীয়া তই মনে মনে আছ" যে নকৱ কিয় একো।দেখা নাই তোৰ কথা কেনেকৈ কৈছে।
_______ হা...... অ" ।কোন হয় নকয় কিয়? এনে এনে মাৰ খাবলৈ মন গৈছে নেকি?
কাজিয়া লগাৰ কেতিয়াও অভ্যাস নাই। লাগিলে যিমানেই মোক বেয়া কৈ নকওঁক তথাপিও মই বেয়া কৈ কব নোৱাৰো আৰু পাখিৰ নিচিনাকৈ যে আৰু নোৱাৰো।তাই কেনেকৈ কৈছে মোৰ নিজৰেই ভয় লাগি গৈছে। এনেকৈ কাৰোবাক গালি দিয়া মই পাখিক কেতিয়াও দেখা নাই।
 " অ এতিয়া দুই জনীয়ে বকিলে যেতিয়া হল আৰু মোৰ যোৱা গৈ হে কথা।
পাখি_______ ৰ'ব কত যায়? নাম কলে হে যাবলৈ পাৰিব। সোনকালে নাম কওঁক বৰষুণ দিব নহলে এতিয়া।
"মিছ জীয়া বৰুৱা চিনি পোৱা নাই তুমি?"
______ oh এইটো চোন প্ৰান্তিক দাৰ মাত। বুকু খন ধকধক কৰিছে। প্ৰান্তিক দায়ে হয় তেওঁৰ বাহিৰে কোনেও মোক এনেকৈ নামাতে।
পাখি______ ঐ কি ভাবি আছ" চিনি পাৱ নেকি? তোৰ নাম কৈছে যে?
তেওঁ বাইক খনৰ লাইট টো জ্বলাই দিলে। আটাইকেইটাৰে মুখ কেইখন ওলাই পৰিল। লাইটৰ পোহৰত তেওঁক মই চিনি পালো। পাখিৰ হাতখন জোৰেৰে মুঠি মাৰি ধৰিলো।  আপুনি

                   আগলৈ
📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)