কলেজীয়া জীৱনৰ অনুভৱ-০২

©Admin
0

কলেজীয়া জীৱনটো স্কুলীয়া জীৱনতকৈ সম্পূৰ্ণ পৃথক ৷ মই আগতে উল্লেখ কৰিছোঁ যে স্কুলীয়া জীৱনটো নিৰ্দিষ্ট নিয়মাৱলী আৰু অনুশাসনৰ দ্বাৰা পৰিচালিত হবলগীয়া হয় ৷ কলেজীয়া জীৱনটো কিন্তু মুক্ত আৰু স্বাধীনতাৰে অতিবাহিত হয় ৷

স্কুলীয়া জীৱনত মনে মিলা বন্ধুৰ প্ৰয়োজন হয় আৰু অনুসন্ধান চলাই তেনেধৰণৰ বন্ধুৰ ৷ আনহাতে কলেজীয়া জীৱন দুই বিপৰীত লিংগৰ মাজত গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে ৷

এতিয়া আৱশ্যক বাহিৰৰ কিছুমান প্ৰভাবে 

শিশুকালৰ বন্ধুত্বৰ মাজত কাম নকৰে তেনে নহয় ইয়াৰ প্ৰধান প্ৰভাৱটো হ'ল ওচৰ চুবুৰীয়া ৷একেটা ঘৰ বা ওচৰে পাঁজৰে থকা ঘৰৰ ল'ৰা ছোৱালীৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ় লৈ উঠে ৷ ইয়াৰ বিশেষ কাৰণটো হ'ল নিতৌ দেখি থকা আৰু একেলগে খেলাধূলা কৰা ৷ বন্ধুত্বত  ভাষা ,জাতি , ধৰ্ম এইবোৰৰ কোনো স্থান নাই ৷ ধনী দুখীয়া আদিৰো ভেদাভেদ নাথাকে ৷ যদিহে ভাল বন্ধুত্বৰ সম্বন্ধ থাকে ৷ 

কিন্তু এই অবচেতন মনৰ বন্ধুত্ব  শিশু ডাঙৰ হোৱাৰ লগে লগে ক্ৰমান্নয়ে  কমি যায় ৷ কাৰণ এটাই সামাজিক অৱস্থান সম্পৰ্কে ক্ৰমশঃ সচেতন হৈ তথাপিও স্কুলীয়া জীৱনৰ বন্ধুত্বৰ সম্পৰ্কৰ কিছু চিন চাপ থাকিয়েই যায় ৷ তাৰ লগত থাকি যায় বহু স্মৃতি দুখৰ ক্ষণ , অভিন্ন হৃদয় আৰু মৰম ৷

কলেজীয়া জীৱন হৈছে অন্তিম বন্ধুত্ব গঢ়াৰ সুযোগ ৷ কৰ্ম জীৱনত তেনেধৰণৰ বন্ধুত্ব গঢ়ি নুঠে ৷ এই সময়ত বন্ধুত্বৰ সংজ্ঞাৰ সলনি হয় ৷ বসুধৈৱ কুটুম্বকম - সকলোৱে আত্মাীয় বুলি গণ্য কৰা ই এটা অন্য ধৰণ ৷ 

                      আগলৈ


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)