ডিজিটেল মাধ্যম আৰু অসমীয়া ভাষা

ভাষা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অসমীয়াৰ সংগ্ৰাম অব্যাহত আছে । ইণ্ডো এৰিয়ান মূলৰ পৰা মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হোৱা এই পৌৰাণিক ভাষাটোৱে এতিয়াও স্বীকৃতিৰ বাবে হাঁহাকাৰ কৰি থাকিবলগীয়া হৈছে । খ্ৰীষ্টীয় ষষ্ঠ-সপ্তম শতিকাৰ পৰা প্ৰচলিত এই অসমীয়া ভাষাক একবিংশ শতিকাতো বহুতে চিনি নাপায়,  সকলোৱে ইয়াক বাংলাৰ সৈতে একাকাৰ কৰে ।  যিসময়ত অসমীয়া সংস্কৃতিয়ে বিশ্বৰ দৰবাৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে তেনেসময়ত বিশ্বৰ সেই মঞ্চবোৰত অসমীয়াৰ অস্তিত্ব জাহিৰ কৰিবলৈ অসমীয়া ভাষীয়ে প্ৰতিনিয়ত চেষ্টা কৰি থাকিবলগা হৈছে ।এয়া মূলতঃ এটা দুৰ্ভাগ্যজনক কথা । শেহতীয়াকৈ ইউনিকোড সম্পৰ্কত হোৱা আলোচনাই পুনৰবাৰ অসমীয়াৰ বিশ্বজনীন স্বীকৃতিৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে ।


প্ৰথমে আহিছো ইউনিকোড কি আৰু ইয়াৰ প্ৰয়োজনীয়তা কিমান? একাংশ অসমীয়া ভাষী যিয়ে কেৱল ভাষাটোৰ জৰিয়তে নিজৰ সমূহীয়া উন্নতি তথা ভাষাৰ জৰিয়তে নিজৰ শক্তিশালী পৰিচয় ডাঙি ধৰিব বিছাৰে তেনেলোকৰ বাবে ইউনিকোডৰ দৰে এটা কাৰিকৰী বিষয়ৰ যথেষ্ট সমাদৰ আছে ।ইউনিকোড সম্পৰ্কত যদি সহজ ভাষাত কোৱা হয় তেন্তে এইয়া হৈছে এটা আন্তঃৰাষ্ট্ৰীয় উমৈহতীয়া কাৰিকৰী লিপি । ইয়াৰ জৰিয়তে হাজাৰটা ভাষাৰ লিপিৰ চিহ্নসমূহৰ লগতে গাণিতিক চিহ্নসমূহো একগোট কৰি ভাৰ্চুৱেল পৃথিৱীত থৈ দিয়া হৈছে যাৰ ফলত আমি টাইপ কৰিব পাৰো। ইয়াত অন্যান্য ভাষাসমূহৰ লগতে ২০১৫ চনৰ জুনত ইউনিকোড ৮০ সংস্কৰণত টাই ভাষাৰ লিপিও যুক্ত হৈছে । কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়াও অসমীয়াৰ স্বতন্ত্র অন্তভুর্ক্তি সম্ভৱ হোৱাগৈ নাই  !

এনে হোৱাৰ কাৰণ কি? অসমীয়াৰ মাজত শুদ্ধ জাতীয়তাবাদৰ অভাৱেই হৈছে এনে হোৱাৰ নিশ্চিত কাৰণ ।যদিওবা অসমীয়া ভাষাটো ৯০ ৰ দশকত সুপ্ত নাছিল তথাপিও অসমীয়া জাতিৰ সুপ্ত স্বভাৱে এনে হোৱাত সহায় কৰিছিল ।অৱশ্যে এনে হোৱাৰ আৰু এটা শক্তিশালী কাৰক আছিল কম্পিউটাৰ অভিযান্ত্ৰিক শাখাত অসমীয়া ভাষী অভিযন্তাৰ অভাৱ বা গুৰুত্বপূৰ্ণ পদবীত অসমীয়াৰ হৈ এইক্ষেত্রত চিন্তা কৰিব পৰা লোকৰ অভাৱ । এনেবোৰ অভাৱৰ বাবেই অসমীয়া ভাষাতো স্বতন্ত্রভাৱে থিয় দি থাকিবলৈ সদায় সংগ্ৰাম কৰি আহিবলগীয়া হৈছে । যি কি নহওক আজিৰ দিনত অসমীয়া জাতীয় সত্বা যথেষ্ট জাগ্ৰত আৰু অসমীয়া ভাষী কৰ্মীলোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।

ইউনিকোড কনছ'ৰষ্টিয়ামে (এটা সংস্থা যিয়ে ইউনিকোডত নতুন লিপি আৰু চিহ্নৰ সংযোজন ঘটায় )যদিহে অসমীয়া ভাষা আৰু চিহ্নসমূহক স্বতন্ত্র স্বীকৃতি প্রদান কৰে তেন্তে ইয়াৰ সুফল সকলো অসমীয়া আৰু নতুন অসমীয়াই লাভ কৰিব পাৰিব । ডিজিটেল মাধ্যমত নিজৰ ভাষাৰ স্বীকৃতি আৰু ইয়াৰ সুবিধাসমূহ কেৱল ব্যৱহাৰকাৰীসকলেহে জানে । ডিজিটেল ইণ্ডিয়াৰ স্বপ্ন সাৰ্থক কৰাৰ ক্ষেত্রত এই পদক্ষেপো এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হ'ব।

সাহিত্য মানৱ অন্বেষণৰ পাণ্ডুলিপি। লিও টলষ্টয়ৰ মতে সাহিত্যৰ বিশাল পৰিধিয়ে আমি কোন আৰু কেনেকৈ এই দুটা মৌলিক প্ৰশ্ন সাঙুৰি লয় ।মানুহৰ ভাৱ আৰু চিন্তাৰ অপৰিসীম পৰিধি আৰু প্ৰকাশভংগীৰ প্ৰতিষ্ঠিত আনুষ্ঠানিকতাৰ মাজৰ নিৰন্তৰ অন্তদ্বন্দ্বই সাহিত্যৰ বিকাশ ঘটায় ।
    প্ৰায় দুই দশকৰ আগতেই ইন্টাৰনেট বিপ্লৱে বিভিন্ন প্ৰান্তত সূচনা কৰা নতুন সম্ভাৱনাই শেহতীয়াকৈ হ'লেও অসমৰ প্ৰচাৰ মাধ্যমৰো পৰিভাষা সলনি কৰিছে। দূৰন্ত আৰু পৰিবৰ্ধিত সম্প্ৰসাৰণ ক্ষমতাৰে অনলাইন,ছ'চিয়েল মেডিয়া আদিয়ে লেখক আৰু পঢ়ুৱৈৰ মাজৰ পৰস্পৰ সংযোগ অধিক দৃঢ় কৰি তোলে । আগতে ছপাৰ প্ৰকাশনে অযোগ্য বুলি ভবা বহু কিতাপেই অনলাইন স্থান লৈছে আৰু পুৰণি পাণ্ডুলিপিৰ পুনৰোজ্জীৱন হৈ মূলসুঁতিলৈ ওলাই আহিছে ।সংযোগৰ দ্ৰুতগতিয়ে প্ৰকাশনলৈয়ো গতি আনি দিছে ।একেৰাহে যোৱা কিছুবছৰ দেশ ভিত্তিক পঢ়ুৱৈ জৰীপ অনুসৰি ছপা বাতৰিকাকত বা আলোচনীৰ ঠাইত অনলাইন মাধ্যমত উপলব্ধ তথ্য,বাতৰি বা সাহিত্যই বিশেষকৈ যুৱসমাজক আকৰ্ষিত কৰা দেখা যায় ।
   আজিৰ দ্ৰুতগামী জীৱনধাৰাত মানুহে লিখা পঢ়াৰ অভ্যাস প্ৰায় হেৰুৱাই পেলাইছে ।তেনেস্থলত ইন্টাৰনেট আৰু বিশেষকৈ ছ'চিয়েল মেডিয়া জনপ্ৰিয় হৈ পৰাৰ লগে লগে সাহিত্য সৃষ্টি তথা প্ৰকাশৰ এখন নতুন মঞ্চৰ সৃষ্টি হৈছে ।দেশ বিদেশত থকা অসমীয়াসকলকে ধৰি বহুতেই ছ'চিয়েল মেডিয়াৰ জৰিয়তে অসমীয়াত সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে ।যোৱা সময়চোৱাত প্ৰভাৱশালী আৰু উদ্যোগী যুৱ প্ৰজন্মই অসমীয়া ভাষা সাহিত্যৰ ডিজিটেলকৰণলৈ বিশেষ বৰঙণি যোগাইছে ৷ এতিয়া শব্দৰ দৰে অনলাইন অসমীয়া অভিধান,অসমীয়া লিপিৰে ইন্টাৰনেটত সমল আহৰণ আৰু আনকি কীবোৰ্ড আৰু স্ক্ৰীণেৰে অসমীয়া সাহিত্য চৰ্চা কৰিব পাৰি৷ লেখাবোৰ ইউনিকোডলৈ ৰূপান্তৰিত কৰি ই-আলোচনীৰ আৰ্কাইভত সংৰক্ষিত কৰিব পাৰি ৷
    পৰিবৰ্তন সদায় ঐতিহাসিকভাৱে ইতিবাচক ৷ ক্ৰমাগতভাৱে মানুহে এই নব্য মাধ্যমৰ উপকৰণসমূহক অপৰিহাৰ্য বুলি গণ্য কৰিবলৈ  আৰম্ভ কৰিছে ৷অসমীয়া মাধ্যমৰ দূৰৱস্থা বুলি হতাশাত ভোগাৰ বিপৰীতে নব্য মাধ্যমত বহুজনে নতুনকৈ অসমীয়া ভাষাত অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে ৷সহজলভ্য নব্য ভাৰতৰ পৰস্পৰ সংযুক্ত ক্ষেত্ৰখনত, দৈনন্দিন জীৱনৰ ব্যস্ততাই সাহিত্য চৰ্চাৰ ক্ষেত্ৰত পৰম্পৰাগত কাগজ কলমে কৰা চৰ্চাই আনি দিয়া অজুহাতৰ অৱকাশ নাই ৷ বৰঞ্চ কৰ্মময় জীৱনৰ বৰ্ধিত ব্যস্ততাৰ সংগী হৈ পৰিছে সাহিত্য চৰ্চা আৰু পঠন ৷
    মানৱীয় সীমাবদ্ধতাৰ প্ৰত্যুত্তৰ হিচাপে থিয় দিয়া উত্তৰ-আধুনিকতাৰ ভাৱধাৰা আৰু সামাজিক মাধ্যমৰ পৰিস্থিতিগত ৰচনাশৈলী সমাগত দিনৰ ডিজিটেল সাহিত্যত পৰিৰ্স্ফূত হ’ব ৷ তেনেকৈ ছপা মাধ্যমৰ দৰে ইন্টাৰনেটেও সাহিত্য চৰ্চাৰ আৱাহমান ধাৰাৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰিবই লাগিব ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send