শৰৎ

©Admin
0
নতুনৰ সেউজী বাটেৰে
এবোজা আশাৰ সম্ভাৰ লৈ
আকৌ আহিল শৰৎ

শৰৎ অহাৰ উমান পাই
নৈশ আহিনৰ পদূলিত
শেৱালী ফুল ফুলিছে

চৌপাশে বিয়পি পৰিছে
শেৱালীৰ সুগন্ধি সুবাস

শৰৎ আহিলে
দুৱৰিৰ সুকোমল দলিচাত
উপচি পৰে নিয়ৰৰ মুকুতা

লুইতৰ বালি চৰত
মনৰ অপাৰ আনন্দত
বালিমাহী চৰাইজাকে
বনগীতৰ অমিয়া সুৰেৰে
জনাইছে শাৰদীয় শুভেচ্ছা

জুৰ মলয়াৰ
মিঠা পৰশ লাগি
হালি-জালি নাচিছে
নৈৰ দুয়ো পাৰৰ
কঁহুৱা বিৰিণাৰ ফুল

শৰতৰ মিঠা অনুভৱত
জোন বেলি তৰাই
শুকুলা মেঘৰ স'তে
লুকাভাকু খেলিছে

বিৰহত সেমেকি উঠিছে
শেৱালীৰ নীলা দুচকু
যেন তাইৰ তলসৰা
ফুলৰ মালা পিন্ধি
শেষ হাঁহিটো মাৰি
অহা বাটে পুনৰ
গুচি যাব শৰৎ।


 ✍️মোহন পাঠৰী
গোলোং টেমেৰা ,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)