এই যে মই ! এই মানুহটো দেখিছা নহয় ?
নাহাঁহিও যে হাঁহি আছোঁ ! বেলি ওলায় বেলি পৰে দিন যায় নিশা আহে ৷
এনেকৈয়ে নিজীওঁ বুলিও জীয়াই ৰাখিছে মোক যিহে; আজি আবেলি তাৰেই কথা ক’লে , যি জাক বতাহে হিয়ালি জিয়ালি ৷
এই শব্দটোৱে মোৰ বুকুখনত অহৰহ খামুচি থাকে ৷ আলতীয়া বুকু যে !
ৰ’দত টান , বৰষুণত বোকা ৷ পানী পালে ভুৰভুৰাই বাঢ়ে শিপা ৷
তাৰ বাবেই , অ' তাৰ বাবেই অনিদ্ৰাৰ এক সঠিক ঠিকনা মোৰ এই বিছনাখন ৷
অভুক্ত বাসনা এটাই সী থয় মোৰ দুওঁঠ ৷
নিৰ্জনতাৰ ঢল ভাঙি পলকহীন সম্ভাৱনাৰ পতাকা এখন উৰুৱাই সি গুমগুমাই আহে মোৰ দুচকুৰ পতালে ৷ বাট এৰি দিয়ে তাক মোৰ কোঠাৰ এন্ধাৰে৷
ভৱিষ্যতে মূৰ দোঁৱাই থাকে তাৰেই প্ৰশংসাত ৷
মেলি দিম যেন ন কৈ জী উঠা গোলাপ জোপালৈ আলফুলকৈ মোৰ দুহাত ; তিৰবিৰাই উঠে মোৰ শিতানে পঠানে সেই ভালপোৱাৰ জ্যোতি ৷
মই জানো , মই বুজোঁ ! অপেক্ষাও প্ৰেমৰ এক সৱল স্থিতি ৷
🖋️বেদান্ত বৈষ্ণৱ পৰমাৰ্থী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ