মই দি গ'লো কলিজাৰ তেজেৰে লিখা
মোৰ কবিতা, মোৰ গান ৷
মাথোঁ তোমাৰ নামত
তোমাৰ ভালপোৱাৰ নামত ৷
পদূলি শুৱনি কৰি ফুলনি সঁজোৱাৰ নামত
মই দি গ'লো মোৰ শব্দৰ পুলি,
মাথোঁ তোমাৰ মৰমৰ নামত ৷
মুক্তিৰ প্ৰৱাহ বোৱাই দিবলৈ
মই দি গ'লো মোৰ মৰম ।
মানুহে কয় প্ৰেম এবাৰহে হয়
কিন্তু মই তোমাৰ চকুলৈ
যেতিয়াই চাওঁ তেতিয়াই প্ৰেম হয়;
ক'ত যে সপোন লৈ জীয়াই আছো
আমাৰ বিয়া হ'ব..
তাৰ পিছত
লাহে লাহে আমাৰ জীৱনলৈ
আহিব ন আলহী ।
তোমাক লৈ বহুত আশা কৰো মই
কিয় নাজানো, তুমি মোক একো দিব নালাগে ৷
নকওঁ মই তুমি মোক জোন,তৰা
আনি দিয়া বুলি
মাথোঁ লাগে তোমাৰ সঁহাৰি ৷
জীয়াই থকাৰ প্ৰেৰণা তুমি
তোমাৰ অবিহনে মই একো নহয় ।
✒️পৰিস্মিতা তালুকদাৰ
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ