"মই এই মাহৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰৰ হলটোত থকাৰ সিদ্ধান্ত লৈছোঁ।"
ৰূমমেট, ৱালমেট কেইজনীৰ লগত গত এমাহ ধৰি হোষ্টেলৰ যথেষ্ট সুবিধাজনক কোঠাৰ বাসিন্দা হোৱাৰ পিছত ফাৰ্মাচীৰ ডিপ্লোমা কোৰ্চ কৰি থকা ছটফটীয়া ছোৱালীজাকৰ লগত হলঘৰটোৰ বিচনা এখনতে কিতাপে পত্রই থৈ তাই কিদৰে পঢ়িব পাৰিব, সেয়া ভাবিবলগীয়া কথা আছিল।
পিছে, ষ্টাডী ৰূমৰ নিৰ্জনতাখিনি আৱিস্কাৰ কৰি ওপৰ মহলাৰ বিচনাৰ এবেগেত ডাঠ মেট্ৰেছৰ পৰিৱৰ্তে পুৰণি পাতল তোচকখনৰ ধূলিবোৰ জোকাৰি তাই মিচিকিয়াই থাকিল।
কাৰণ,
দৌৰ মাৰি গাঁৱৰ ধনী মানুহঘৰলৈ ফোন এটা কৰি তাই যে ঘৰলৈ সেই খবৰটো পঠাব
যে
ছমাহৰ বাবে ইনষ্টলমেণ্টত আধা টকা দি লোৱা হোষ্টেল এডমিশ্যনেৰে তাই এতিয়া যে গোটেই বছৰটোৱেই থাকিব পাৰিব!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ