মা

ধৰিত্ৰীৰ কোলাত জনম লৈয়েই 
উচ্চাৰিলো মা  বুলি, 
কি যে এক অপূৰ্ব গুঞ্জন! 
মা, প্ৰণাম তোমাক! 
মাৰ মৌসনা মাতত 
দেহ মন জুৰ পৰি  যায়,
 মা যেন ওপজা দিন ধৰি খেপিয়াই ফুৰা 
অনন্ত সুখৰ অধ্যায়।
 মা,  
বুকুৰ অমৃত পান কৰাই শিকাইছিলা 
জীৱনৰ আদিপাঠ, 
জীৱনৰ সকলো যন্ত্ৰণা পাহৰি 
শৈশৱ-কৈশোৰৰ সেই মিঠা 
সোঁৱৰণিৰে ভৰা দিনবোৰ জীৱন্ত কৰিছিলা তুমিয়েই মা।
দুঃসময়তো আমাক ধৈৰ্য আৰু সাহসৰ বাণীৰে 
উজ্জ্বীৱিত কৰিলা ,
জীৱন ৰথৰ চকৰি ঘূৰাই 
আগুৱাই যাবলৈ
 মা তুমিয়েই 
 অযুত  প্ৰেৰণা দিলা ।
আজিও জীৱন পৰিক্ৰমাত 
তোমাৰ আদৰ্শ আৰু সংস্কাৰে 
নতুন পথ দেখুৱায়,
কেতিয়াবা বেজাৰতে 
উচুপি উঠিলে
 মা,  তোমাৰ উজ্জ্বল মুখনিয়ে 
যেন  নিচুকাই যায় !
 সগৌৰৱে কব খোজোঁ, তুমিয়েই  আমাৰ প্ৰেৰণাদায়িনী, 
জ্ঞানদায়িনী  মাতৃ ;
গাঁথিলা  মমতাৰ এনাজৰী;
নদীৰ দৰে
 নিৰ্মল, সাৱলীল ,
সুন্দৰ অভিব্যক্তিৰে 
তুমি মহীয়সী নাৰী !
মা, তুমি  পূজনীয়া ;
গুণ  গৰিমাৰে  ধন্য মা , 
শতকোটি প্ৰণাম তোমাক! !

 
 ✒️ ৰীতামণি বৰদলৈ
 (ৰূপনগৰ)  গুৱাহাটী 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send