গোবৰ আৰু ৰঙা কেঁচা মাটিৰ গোন্ধ

©Admin
0

সেই তাইজনীক শুধা
গোবৰ আৰু ৰঙা কেঁচা মাটিৰ গোন্ধ
কিমান প্ৰিয়

তাই বৰ্ণনাৰে ব্যাখ্যা কৰিব
এখন কেঁচা ঘৰৰ
পৰিষ্কাৰকৈ থোৱাৰ কথা

সেই তাইজনীৰ 
ভাগৰৰ নাম নাই শৰীৰত
ৰান্ধনী হালৰ পৰা আদি কৰি 
ঘৰৰ এটি এটি কামৰ বুজ
নিয়াৰিকৈ কৰি যায়

বাৰিষাৰ দিন 
শুকান খৰি বোৰ তিতি‌ বুৰি শেষ
জুইশালত কেনেকৈ ৰান্ধিব আহাৰ
জ্বলো নজ্বলো কৈ লাহে লাহে
জ্বলিব ধৰে জুইকুৰা
কিন্তু ভাতৰ চৰুত পানীহে আছে
অন্নৰ বাবে  নাই চাউল

তাই মুচি থৈ যায়
আকৌ আহিল নহয়
বাৰিষাৰ গান গাবলৈ
নিতৌ শুৱা পাটিৰ পৰা উঠিয়ে
দেখা যায়
টিংঙৰ সৰু সৰু ফুটাৰে
পানীৰ টুপাল পৰিছে
তথাপিও পৰিষ্কাৰকৈ থোৱাৰ অভ্যাস তাইৰ।।

📝অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)