শূন্য হাতে মাগিম বিদায়


       
হিম শীতল উদাসীন এই ৰাতি
   জীৱনে প্ৰায় হুমুনিয়াই 
কোনো দ্ৰষ্টব্যহীন মানুহৰ উলংগহীন আচৰণ দেখি স্তব্ধ এই ক্ষণ ।
   বিচাৰিছো নো কি ?
ক্ষণ !ওখৰা মখৰা হলেও অতিক্ৰমিবই লাগিব জীৱনৰ বাটত ।
তমসাই হওক বা হওক জোনাক ,
তুমি এৰি আঁতৰিলেও  
মইতো এৰিব নোৱাৰো নিজক 
নিজকে নিজৰ সাৰথি সজাই 
 শূন্য হাতে মাগিম বিদায় 
    বিচাৰিছো নো কি ?
ইতিহাসৰ পাত লুটিয়াই ।

  📝শ্ৰী নয়নজ্যোতি শৰ্মা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send