আহিন আহে সংগোপনে

©Admin
0
শাওণৰ বোকা বাটে আহিন আহে সংগোপনে,
শুভ্ৰ কুঁৱলীৰ সুকোমল চাদৰৰ আঁচল টানি
গাভৰু পথাৰ খনে ৰিঙিয়াই মাতে।

আশাৰবোৰে দুচকুত হেঁপাহৰ ছবি আঁকে ,
সেউজীয়া ৰিহা পিন্ধা বুকুত পদূলিত আজি
সোণালী আঘোণে অগা-দেৱা কৰে।

নিজান ৰাতি নদীত গা-ধুৱে ৰূপহী জোনে,
শেৱালীৰ সুবাস সনা সেমেকা বতাহজাকে আহি
উতনুৱা ফাগুনক উঁকিয়াই মাতে।

শোকৰ শিল এটি বকুত বান্ধি পিতাই শেতেলীত সাৰে থাকে,
দুখৰ সীমনাত আকাশী সুখৰ আলাপ কৰি
আইয়ে মোৰ এচেৰেঙা ৰ'দৰ সপোন দেখে।

আহিন আহে সংগোপনে…।

✍️প্ৰবীণ দত্ত,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)