মানৱ মহিমা


চোৱাচোন চোৱা !
আজিৰ এই নিশ্চুপ ধৰণীখন 
কত যে মায়াবিহীন এই দৃশ্যটি ....
লাচিতৰ দেশত আজি সকলো ভয়াতুৰ
সকলো নিষ্ঠুৰ......কিয়?
নাই কোনো বীৰ সাহসী
নাই কোনো যুদ্ধা
দেশৰ হকে যুঁজিবলৈ ।
হেৰাই গৈছে আজি
সহানুভূতি আৰু একতা
মানৱ স্বাৰ্থতেই !
নিবিচাৰে কোনো সঁচা সম্বন্ধ
নিবিচাৰে আত্মস্বজনতা,
বিচাৰে মাথোঁ জীৱন যাত্ৰাত
ধন,সোণ , যশস্যা ;
হায় ,
কি যে অদ্ভূত মহিমা এয়া
জীৱশ্ৰেষ্ঠৰূপী মানৱৰ ।।



✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া,ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send