চুঙা চাই সোপা


       
এবাৰ আমাৰ কলীয়া মহাজন ট্ৰেইনত উঠি গুৱাহাটীলৈ গৈ আছিল৷ মহাজনৰ শৰীৰৰ আকাৰ সৰু-সুৰা এটা হাতী পোৱালিৰ সমানেই হ'ব ৷ ৰাতি বৰকৈ টোপনি আহিলত মহাজনে নিজৰ কোট চোলাটো খুলি সন্মুখৰ আসনখনতে ওলোমাই থৈ শুই থাকিল ৷ মাজবাটতে এজন ভদ্ৰলোক ট্ৰেইনত উঠিল আৰু কলীয়া মহাজনৰ বিপৰীত দিশৰ আসন খনতে বহিল ৷ কিন্তু মহাজনৰ ট্ৰিপালহেন কোট চোলাটোৱে ভদ্ৰলোকক বৰকৈ আমনি কৰিব ধৰিলে ৷ সেয়ে মহাজনৰ টোপনিৰ সুযোগ লৈ কোট চোলাটো তেওঁ বাহিৰলৈ দলিয়াই দি নিজৰ জোতাযোৰ খুলি আৰামেৰে শুই পৰিল ৷ মাজৰাতি মহাজনে সাৰ পাই দেখে কোটচোলাটোৰ ঠাইত এজন ভদ্ৰলোক শুই আছে কিন্তু তেওঁৰ কোট চোলাটো নাই ৷ ইফালে সিফালে বিচাৰি চলাথ কৰিলে কিন্তু ক'তো চোলাটোৰ সন্ধান নাপালে ৷ তেওঁৰ বুজিবলৈ বাকী নাথাকিল যে চোলাটো নিৰুদ্দেশ হোৱাত কাৰ হাত আছে ৷ কাৰণ তাত তেওঁ লোক দুজনৰ বাহিৰে বেলেগ মানুহ নাছিল, মহাজনৰ প্ৰচণ্ড খং উঠিল আৰু খঙতে ভদ্ৰলোকৰ দামী জোতাযোৰ খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলে আৰু বেচ আৰামত শুই থাকিল ৷ অলপ পাচত ভদ্ৰলোকে গন্তব্য স্থানত সাৰ পাই দেখে তেওঁৰ জোতাযোৰ নাই ৷ তেওঁ খঙতে মহাজনক ঘটালি জগাই চকু পকাই সুধিলে, "মোৰ জোতাযোৰ কি কৰিলে? " মহাজনে ভদ্ৰলোকলৈ চোঁচা মাৰি আহিল আৰু ক'লে "আপোনাৰ জোতাযোৰ মোৰ কোটচোলাটো বিচাৰি গ'ল।" ভদ্ৰলোকে মহাজনৰ খং দেখি ট্ৰেইনৰ পৰা নামি ভিৰাই লৰ মাৰিলে।

    ✍বিজয় লক্ষ্মী বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send