এজাক বৰষুণৰ অপেক্ষাত(খণ্ড-১৮)

©Admin
0
আজি ঘৰলৈ অহা দহ দিন পাৰ হল।এতিয়া হোষ্টেল লৈ যাবলৈ বস্তু সামৰি আছো। ঘৰত থকা কেইদিন প্ৰান্তিকৰ লগত কথা পতা নহ'লেই। এইকেইদিন কথা পাতিবলৈ বিচাৰি মই তেওঁলৈ ফোন লগাইছিলো কিন্তু কোনোবা এটা সময়ত যদি তেওঁৰ ফোন অফ হৈ থাকে আকৌ কোনোবা এটা সময়ত তেওঁ ফোন ৰিচিভ কৰিও আকৌ নেটৱৰ্কৰ প্ৰব্লেম বুলি কৈ ফোন টো কাটি দিয়ে। মনৰ দুখ বোৰ পাহৰি থাকিবলৈকে এই তিনিদিন বিহু মাৰিলো,তেনেকৈ ভালো লাগিছিল কিন্তু আজি যাবৰ সময়ত বৰ দুখ লাগিছে। ঘৰলৈ অহা দিনা প্ৰান্তিকৰ বাবে কিনি অনা ফুলাম গামোচা খন আৰু চাৰ্টটো তেনেকৈ বেগটে অনা ভাগেই পৰি থাকিল। এতিয়া বেগৰ পৰা উলিয়াই হাত খন ফুৰাই লাহেকৈ মোৰ আলমাৰিত ভৰাই থলো। ইমান আদৰেৰে আনি থলো অথচ দিয়া নহ'ল। প্ৰান্তিকৰ লগত ইয়াত ভালকৈ এনেও কথা পাতিবই নোৱাৰো আৰু পতাও নহ'ল সেইকাৰণে তেওঁৰ কি হৈছে ইয়াৰ বিষয়ে ভালকৈ হোষ্টেলত কথা পাতিম বুলি ভাবি কাম বোৰ কৰি আছো।
      ইফালে দেউতাই গাড়ী উলিয়াই মোক সোনকালে মাতি আছে।বস্তু বোৰ সামৰি মই যাবলৈ লৈছো।দেউতাই মই বিহুত দিয়া চাৰ্টটো পিন্ধি ওলাইছে। মোৰ দেখি মনটোতে খুব ভাল লাগিল। অন্ততঃ প্ৰথম বাৰ মৰমত অনা বস্তু এটাৰ কোনোবাইটো মূল্য দিছে।মাওঁ গেটৰ ওচৰলৈকে মোৰ লগতে ওলাই আহিছে। আমি যাবলৈ ল'লো। ঘৰৰ পৰা ওলাই আধা বাট পাইছো গৈ।

       গাঁৱৰ ৰাস্তাটোৰ মূৰতে থকা দোকান এখনত নয়নক চিগাৰেট এটা জ্বলাই ৰৈ থকা দেখিলোঁ। মই চাই দিয়াৰ লগে লগে সিও মোক দেখি অলপ আগবাঢ়ি আহিছিল,মই মুখ খন ঘূৰাই দিলো। অলপ আঁতৰত গৈ গাড়ীৰ কাষৰ গ্লাচ খনত দেখিছোঁ নয়নে মোক নেদেখা পৰ্যন্ত চাইয়ে আছে। সেইদিনা ৰাতি বিহুৰ পৰা আহোঁতে সি মোৰ লগত যেনেকুৱা কৰিলে মই পাহৰিবই নোৱাৰো। যেনে তেনে বাছি আহিছো।সেই সময়ত দেউতা নহা হলে সি মোক......?
মনত পৰিলেই ভয় লাগে মোৰ।দেউতাক কথাটো কব নোৱাৰি নহ'লে তাক যে দেউতাই সুদাই নেৰে। লগালগ কথাটো মাকো কবলৈ নোৱাৰিলো।হোষ্টেল পোৱা গৈ পাছত মাক ভালদৰে কথাটো কব লাগিব, যাতে মায়ে নয়নক কথাটো ভালদৰে বুজাব পাৰে। খঙত তাক কিবা কবলৈ হ'লে সেইটোৱে মদ খাই থাকে যিটি কৰি দিবলৈও আছে। গৈ থাকোতে পাখিলৈ ফোন এটা কৰিলো।তাই আজি আহিব নোৱাৰে বোলে দুদিনমানৰ পাছতহে হোষ্টেল আহিব। মই এইকেইদিন অকলে থাকিব লাগিব। একো নাই বাৰু বাকী লগৰ বোৰ আছে যেতিয়া।

         হোষ্টেল পালোগৈ। ৰুমটোলৈ সোমাই অহাৰ লগে লগে মনবোৰ সেমেকি আহিছে। অলপ আৰাম কৰি বস্তু বোৰ ঠিক থাক কৰি কিবা এটা খাবলৈ ল'লো।মায়ে নাৰিকলৰ লাডু দি পঠাইছে মই ভাল পাওঁ কাৰণে লগত আৰু দুটামান বস্তুও।খাই লোৱা পাছত প্ৰান্তিকলৈ ফোন কৰিম বুলি ভাবিছিলো কিন্তু এতিয়া আবেলিৰ ৫ টা বাজিছেহে। অফিচত আছো বুলি কৈ ফোন কাটি দিব মই জানো সেইকাৰণে ৰাতি ফোন কৰিম বুলি ভাবি লগৰ কেইজনীৰ ৰোমলৈ অলপ ওলাই গ'লো। সিহঁতক লগ পোৱাৰ লগে লগে কথা আৰম্ভ হৈ যায়। সৱৰে বিহুৰ কথা কৈ কৈয়ে শেষ হোৱা নাই। যিয়ে ঘৰৰ পৰা যি আনিছে সব উলিয়াই দিছে। মই আকৌ ৰোমলৈ আহি নাৰিকলৰ লাডু কেইটা গোটেই কেইজনীৰ মাজত ভগাই দিলো। দুটামান থৈ দিছোঁ পাখিৰ কাৰণেও। তেনেকৈয়ে খোৱাৰ জুতি লৈ লৈ আমাৰ কথা পাতোতে ৰাতিয়ে হল। মই ৰোমলৈ গুছি আহিলো। 
          সময়টো চালো ৭.৩০ হল।প্ৰান্তিক লৈ ফোন লগালোঁ।ওচৰতে মায়ে দিয়া ফোন টোও লৈ লৈছো। প্ৰান্তিকলৈ ফোন লগোৱা আগতে মই ভাবি লৈছো আজি যিয়ে নহওঁক লাগিলে,তেওঁ যিমান বেয়াকৈ ক'লেও আজি মই নাকান্দো। প্ৰান্তিকে যেনেকৈ কথা কব মইয়ো তেনেকৈ কম। ফোন লগালোঁ...
প্ৰান্তিক________ হেল্ল'
মাতটো শুনাৰ লগে লগে মোৰ বুকুখন এবাৰলৈ কঁপি গল। কিমান দিন তেওঁৰ মাত টো শুনা নাই ভাল কৈ। হয়টো ইয়াৰ মাজতে তেওঁৰ প্ৰতি থকা মোৰ অনাবিল ভালপোৱা লুকাই আছে।
প্ৰান্তিক________ কি হল শুনিছা নাই্?
_________ ওম.....
নাকান্দো বুলি ভাবিছো যদিও মোৰ মাত টো ভাঙি ভাঙি ওলাইছে। নিজকে কণ্ট্ৰল কৰিলো।
_________ কি কৰিছে?
প্ৰান্তিক_________ নাই এনেই....
কথা বোৰ খিংখিঙীয়া হৈছে তেওঁৰ।
মোক একো সুধা নাই তেওঁ।মই ক'ত আছো? কি কৰিছো? এইবোৰৰ একো খবৰ ৰখা নাই।মইয়ো বেলেগ কথা সুধি নাথাকি আচল কথালৈ আহিলো।
_________ আপোনাৰ লগত মোৰ কথা অলপ আছে।শুনিব পাৰিব নে? মই কান্দিম বুলি অজুহাত উলিয়াই ফোন কাটি দিয়া কথা আকৌ ভুলটো নাভাবিব।আজি মই নাকান্দো।
প্ৰান্তিক_______ হ'ব কোৱা কি কথা?
__________ আপুনি মোক ভাল পাই নে নাপাই?
প্ৰান্তিক________ নাজানো,এইবোৰ কিয় সুধিছা মোক এতিয়া?
__________ সুধিব লগীয়া হৈছে। নাজানো বুলি কৈছে যে..? কওঁক যিকোনো এটা।মই বেয়া নাপাওঁ। ভাল পাওঁ বা ভাল নাপাওঁ।
প্ৰান্তিক________ মই নাজানো এইবোৰ সুধি নাথাকিবা।ফোন কাটি দিম মই।
________ ফোন কাটি দিয়ে আপুনি সৱ কথা সমাধান কৰিম বুলি ভাবিছে নেকি? মই সুধাটো কওঁক।
প্ৰান্তিক________ পাওঁ।
অলপ দেৰি ভাবি উত্তৰ টো দিছে।
________ যদি আপুনি মোক ভাল পাইয়ে তেন্তে বিহুৰ দিনা এনেকুৱা কি কথা হ'ল যে আপুনি মোক ফাঁকি দিব লগীয়া হল।
প্ৰান্তিক_______ তুমি একেটা কথাতে সেই তেতিয়াৰ পৰা কিয় লাগি আছা মানে? যদি মই একো নকওঁ....
_______ আপুনি কি বুজিব আপোন মানুহ এজন হঠাতে সলনি হৈ অৱহেলা কৰাৰ বেদনা।বিহুৰ কেইদিন মই কেনেকৈ আছো আপুনি এবাৰ ভাবি চাইছে নে ? 
প্ৰান্তিক_______ নাজানো সেইবোৰ মই।
________ তুমি সৱ কথা নাজানো নাজানো বুলি কৈ থাকিলেই হব নেকি? মই তোমাক কিবা এটা সুধিছো।
আপুনিৰ পৰা হঠাৎ তুমিলৈ আহিলো মই।
প্ৰান্তিক_______ কি হল তুমি বুলি কৈছা আজি?
_______ তুমি যেতিয়া প্ৰান্তিক দাৰ পৰা প্ৰান্তিক বুলি কবলৈ মোক কব পাৰা, মই তুমি বুলি কব নোৱাৰিম নেকি? হব এইবোৰ বাদ দিয়া মই সুধাটো কোৱা।
প্ৰান্তিক__________ মই ফাঁকি নাই দিয়া।তুমি মোক কিমান বিশ্বাস কৰা মই সেইদিনাই বুজি পালো। আৰু যেনিবা ফাঁকি দিলোৱেই তুমি কি কৰি আছিলা..?
__________ মই আপোনাক বহুত বিশ্বাস কৰোঁ কিন্তু আপুনি এতিয়াও মিছা কথা কৈ আছে সেইটো মই জানো।হ'ব বাৰু নালাগে ক'ব আৰু মই কি কৰিলো ?
প্ৰান্তিক________ তুমি কি কৰিলা? ৰাতি ৰাতি যে গাভৰু ছোৱালী এজনী এগাল মান ডেকা লৰাৰ লগত ঘূৰি ফুৰিছিলা সেইটো ক'ত গল। বিহুৰ নামত ল'ৰাৰ লগত সেইবোৰ....
__________ কি ক'লা তুমি? মই ল'ৰাৰ লগত ঘুৰিছিলো। গাঁৱৰে লগৰ সেইবোৰ, সিহঁতৰ লগত বিহু মাৰিছিলো মা দেউতাই পঠাইছিল কাৰণে,তুমি কেনেকৈ ক'ব পাৰিলা বিহুৰ নামত সেইবোৰ কৰিছো বুলি? গুৱাহাটী গৈ কি সংস্কৃতি পাহৰি গ'লা?

প্ৰান্তিকৰ কথাই মোক আচৰিত কৰি তুলিছে। নিজৰ দোষ ধাকিবলৈ তেওঁ মোৰ ওপৰত আঙুলি উঠাইছে।ঘৰলৈ হুঁচৰি অহা দিনা ফটো দুখন মান মাৰি whatsapp ৰ status ত দিছিলো তাকেই দেখি এতিয়া মোক কথা কবলৈ আহিছে।

প্ৰান্তিক________ সংস্কৃতি কি এতিয়া তুমি মোক শিকাব নালাগে। তুমিটো মোক সুধি লব পাৰা।
________ অহ তোমাক মই সুধি লব লাগিছিল। সুধিবলৈ তুমি কিবা ৰাস্তা এৰিছিলা জানো।ফোন অফ কৰি থৈছা।আৰু ঘৰৰ মানুহে পঠিওৱাত তোমাক কিয় সুধি লব লাগে। তুমি এতিয়া ইমান খিনি লৈকে ক'ব পাৰিলা নে? আগতেটো তুমি যিকোনো কথা তোমাক সুধি লবলৈ কোৱা নাছিলা। এতিয়া এইবোৰ কথা ক'ৰ পৰা আহিছে প্ৰান্তিক? ৰাতি বিহু মাৰিবলৈ গলে ল'ৰাৰ লগত ফুৰা হে হয় নেকি?
প্ৰান্তিক________আ... হ'ব তেতিয়াৰ কথাও বেলেগ আছিল। মই একো নকওঁ কাৰণে তুমি সুযোগ লৈছা।
__________ কি....... মই সুযোগ লৈছো?
প্ৰান্তিক________ ওমম...সুযোগ লৈছা
________ওঁহো.....তুমি মই ভাল পোৱা সেই প্ৰান্তিক কেতিয়াও হব নোৱাৰা। যিয়ে মোৰ কোনো কথাতে একো অভিযোগ দিয়া নাছিল, যিয়ে মোক নিজতকৈয়ো বেছি ভাল পাইছিল, মোৰ কথাত কোনো প্ৰতিবাদ কৰা নাছিল।তুমি এতিয়া বাহিৰা বতাহ লগা এজন নতুন প্ৰান্তিক, যি মোক চিনি নাপাই,মোক বুজি নাপাই,যি এতিয়া মোক সুযোগ লৈছো বুলি কব পাৰিলে।

নোৱাৰিলো আৰু মই ধৰ্য্য ধৰিব।চকুপানী ওলাই আহিল।
________ এতিয়া কিয় মনে মনে আছা? চোৱা চোন এইবাৰ ঘৰলৈ অহা পাছত তুমি গুৱাহাটী যোৱা সম্পূৰ্ণ এমাহ হোৱাই নাই।কি হৈ গল তোমাৰ? মোৰ কিবা ভুল হৈছে যদি কোৱা মই শুধৰাই ল'ম। কিন্তু এনেকুৱা বোৰ নকৰিবা মোৰ বহুত কষ্ট হৈছে অ'।কিয় তুমি বুজি নোপোৱা হ'লা। আগতে জানো তুমি এনেকুৱা আছিলা তুমি নিজেই ভাবি চোৱা। মোৰ প্ৰতিটো সময়তে তুমি জানো লগত নাছিলা? আগতে তুমি মোক বুজোৱা, আজি মই তোমাক বুজাইছো প্লীজ আকৌ তুমি সেই মই ভালপোৱা প্ৰান্তিক টো হৈ যোৱা। তোমাক কিমান ভাল পাওঁ তুমি জানাই তাৰ পাছতো ইমান অৱহেলা..... মই কেনেকৈ থাকিম কোৱা? ভুল বোৰ মইয়েই মানি লৈছোঁ বাৰু কিন্তু তুমি আকৌ ঠিক হৈ যোৱা,কিবা হৈছে যদি মোক খুলি কোৱা। তোমাৰ ওপৰত মোৰ অলপো অভিযোগ নাই। বচ তুমি ভালকৈ কথা পাতিলেই হ'ল।

কান্দি কান্দি ভাগি পৰিছো মই।

প্ৰান্তিক________ হুম্ হব দিয়া।নাকান্দো বুলি কিয় কান্দিছা আকৌ মই আছো নহয় তোমাৰ লগত। মই ভাত বনাও পাছত পাতিম। Bye

কথাটো কৈয়ে ফোন টো কাটি দিলে।মই একো কবলৈয়ে নাপালোঁ। জানো মোৰ ইমান দীঘলীয়া কথাবোৰ তেওঁ বিৰক্তি পাই ইমান সহজতে তেনেকৈ ক'লে। মই আকৌ ফোন কৰিব নোৱাৰিলো। তেনেকৈ ৰোমৰ ভিতৰতে সোমাই আছো।

      ৰাতি ভাত খাব হলত লগৰ বোৰে মোক মাতি আছে। সিহঁতক ভাত নাখাওঁ বুলি কৈ পঠিয়াই দি মই শুই থাকিলো। ফোন কাটি দিয়াৰ পাছত প্ৰান্তিকে আকৌ এবাৰো মোৰ লৈ ফোন মেচেজ নকৰিলে। মোৰ কথাই যে তেওঁক এতিয়া আমনি দিছে সেইটো ভাল দৰে বুজি উঠিলো।

আগলৈ.....

✒️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)