থকা লেম্পপ'ষ্ট বোৰক সোধা,
ৰাস্তাৰে যেতিয়া মই যাওঁ...
সেই লেম্পপ'ষ্টবোৰে মোক সদায়েই চাই
একেথিৰে ৰ' লাগি ৰ্জীণ হৈ।
সিহঁতক সোধা মই যেতিয়া
অন্যমনস্ক হৈ গৈ থাকোঁ ,
সিহঁতে দেখা পায়।
পান বজাৰলৈ যেতিয়া যাওঁ,
সেই বুকষ্টলবোৰৰ ফালে চাওঁ
কিজানি বা তোমাক সেই কিতাপৰ ফাঁকবোৰৰ, মাজেদিয়ে দেখা পাওঁ।
কাৰণ মই যে তোমাক,
প্ৰথমে সেই কিতাপৰ ফাঁকবোৰৰ মাজেৰেই দেখিছিলো।
সেই চাৰি আলিত ৰৈ মই তোমাক মনত পেলাওঁ।
ট্ৰেফিক পুলিচসকলে বাৰে বাৰে মোক সেই ঠাইডোখৰৰ পৰা খেদি পঠিয়াই,
কিন্তু ,মই সেই ঠাইত বাৰে বাৰে নিলৰ্জ্জৰ দৰে আহি থিয় দিওঁ।
কিজানি তুমি আজিও আঁহা
কিতাপ নিবলৈ, পানবজাৰৰ সেই বুকষ্টলবোৰলৈ।
কাৰণ তোমাক বিচাৰিবলৈ যে মোৰ হাতত তোমাৰ কোনো
পৰিচয় নাই...
আছে মাত্ৰ সেই কিতাপবোৰৰ
মাজেৰেই দেখা তোমাৰ সেই চকু জুৰি...
আৰু তোমাৰ আউলী মেঘৰ চুলি...
সেইয়াই মোৰ হৃদয়ত জব্দ ।
তোমাৰ পৰিচয় মই কাক সোধোঁ....
কাৰণ তোমাৰ বৰ্ণনা দিবলৈ,
তোমাৰ সেই চকু জুৰি আৰু আউলী মেঘৰ চুলি কোচাৰ
বাহিৰে আৰু একো নাই।
✍️মমতা মণ্ডল
হোজাই, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ