বৰকাইৰ চাইকেলত ভূত

©Admin
0
৪০৭ বাছখন চলি থকাৰ দিনৰে কথা !! আজিৰ পৰা প্ৰায় ১০ বছৰ মান আগৰ ।   

বৰকাইৰ মাক ঢুকোৱা দিন হ'ল । ইফালে দেউতাকো নাই । কিযে ভাগ্য মাক ঢুকোৱা অলপ দিনৰ পাছত বাগানৰ চাকৰি এটা পালে। ইফালে অকলশৰীয়া , ঘৰৰ কাম-কাজত চকু দিব নে চাকৰিলৈ যাব ? বৰকাইৰ মনত ঢেৰ প্ৰশ্ন !!
সকলো কথা ভাবি-মেলি পাছত বিয়াখনকে পাতি ল'লে । 

চাকৰি জইন কৰিবৰে হ'ল । ভাবিলে তাইনো ঘৰখনত অকলে কি কৰিব ? সেয়ে তাইকো লগতে লৈ যোৱা যাওক । টালি-টোপোলা বান্ধি সকলো যোগাৰ কৰি বাগানৰ বাংলাটোলৈ ঢাপলি মেলিলে । বাগানৰ বাংলাটো হেনো বৰকাইৰ চাহাবেই যোগাৰ কৰি দিছিল , লগতে অহা যোৱা কৰিবলৈ চাইকেল এখনো । বহু দিনৰে বাংলা আছিল যদিও একো হোৱা নাই ।  

বাগানৰ মাজৰ পৰিৱেশ , শান্ত , জয়াল । বাগানৰ মেইন কাম কৰা ঘৰৰ পৰা ১ কিলোমিটাৰ মান দূৰত বৰকাইৰ বাংলাটো । বাংলাটোলৈ যোৱা ৰাস্তাৰ কাষে-কাষে আঁ‌হত আৰু ওখ ওখ গছবোৰ ।  

বৰকাইয়ে কামত জইন কৰিলে । আগৰ দৰেই দিনটো কাম কৰে, চাইকেল লৈ বাংলাটোলৈ ওভতে । সেইদিনা বোলে অলপ দেৰি হ'ল। মাহৰ ১ তাৰিখ। চাহাবে দৰমহা দিছে । বৰকাইয়ে ভাবিলে বাগানৰ বজাৰ পৰা মাছ অকণমানকে লৈ যাওঁ । বজাৰখন ঘূৰি মেলি মাছ লৈ ওভটোতে হেনো ৰাতিৰ ৯ মানে বাজিলে । ভাবিলে এনেয়ো শনিবাৰ আজি; কাইলৈ দেওবাৰ, অফিচ বন্ধ। অলপ দেৰি হ'লেও একো নাই । 
মাছৰ টোপোলাটো চাইকেলৰ হেন্দেলতে লগাই লৈ বাগানৰ মাজেৰে আহি থাকোতে বোলে মাজ ৰাস্তাতে সৰুপানী লাগিল ,ৰাস্তাতে চাইকেল খন ৰখাই লৈ সৰুপানী চুই থাকোতে ৰাস্তাৰে খোজ কাঢ়ি আহি থকা মানুহ এজনে মাত লগালে , বৰকাইয়ো শুধিলে ক'ত যায় !! তেনেদৰে থোৰতে চিনাকী হ'ল । বৰকাইয়ো ভাবিলে চিনাকী হ'লো আৰু তেওঁৰো ঘৰ মোৰ ঘৰৰে পাছত যেতিয়া একেলগে বাট লওঁ । বৰকাইয়ে চাইকেলৰ কেৰিয়াতে বহিব ক'লে । মানুহজন প্ৰথম অলপ বহিবলৈ টান পাইছিল যদিও পাছত বহিলে। বাটত বৰকাইয়ে কথা পাতি আহোতে তেওঁ বোলে কথাৰ মাজতে মাতটো গল্ গলিয়া কৰি দিয়ে , চাইকেল খন চলাই যাওতেওঁ অলপ টানি ধৰা নিচিনা লাগিল । বৰকাইয়ে ভাবিলে পামটো অলপ কম আছে। তেনেকৈয়ে ঘৰ আহি পালে । মানুহজনকো যাবলৈ দি চাইকেলখন বাৰান্দাতে থৈ তেওঁ ঘৰৰ ভিতৰত সোমালে । ভিতৰত সোমাৱালৈকে বোলে মানুহজন ৰাস্তাৰ পৰা যোৱাই নাছিল ।
বৰকাইয়ে মুখ-হাত ধুই পাছত আৰাম কৰিবলৈ লওঁতে ঘৈণীয়েকে মাত লগালে বনাবলৈ আজি বিশেষ একো নাই বুলি । ঘৈণীয়েকৰ কথাতহে মনত পৰিল মাছ লৈ অহাৰ কথা । 
বৰকাইয়ে ঘৈণীয়েকক ক'লে যে ৰৌ মাছ অকণ লৈ আহিছে । পাহৰিলোৱে , চাইকেলতে আছে । লৈ আহিছো ৰহ্ । 
চাইকেলৰ পৰা মাছৰ টোপোলাটো আনিবলৈ গৈ দেখে যে মাছত টোপোলাতো নাই । ইফালে সিফালে চাই দেখে যে মাছৰ টোপোলাতো লৈ অচিনাকী মানুহটোৱে কাষৰ হাবি খনৰ পিনে চৰচৰাই গৈছে । বৰকাইয়ো অলপ আগবাঢ়ি গল দম এটা দি __। হাবি খনৰ কাষৰ পাওঁতেই মানুহটো অদৃশ্য ।  

বৰকাইৰ আৰু বুজিব সময় নালাগিল , লগে ‌লগে চাইকেল খনৰ পিনে গ'ল ।পাছৰ চকাটো পিটিকি চাই দেখে যে চকাটোত পাম ঠিকেই আছে । 
বৰকাইয়ে মনতে সন্দেহ কৰাতো থিকেই আছিল !! কথা পতাৰ মাজতে গল্ গলিয়া মাত , চাইকেল খনত টানি ধৰা আৰু কেৰিয়াত উঠিব কওঁতে নুঠা । পাছতহে ভিতৰত গৈ ঘৈণীয়েকক কওঁতে খাটাং হ'ল যে আচলতে সেইটো মানুহ নাছিল , মানুহৰ বেশত সেইটো ভূতহে আছিল । 

✒️ সীম সীমান্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)