জীৱন

©Admin
0

 জীৱনটো এটা কঠিন বাস্তৱ। ই এক নিৰ্মম সত্য। জীৱনৰ প্ৰত্যাহ্বানসমূহ অবিশ্বাস্য হ'লেও তাক আমি মানি ল'বই লাগিব। কাৰণ ই যে চূড়ান্ত সত্য।
               জীৱনৰ ৰঙবোৰ বৰ বৈচিত্ৰ্যপূৰ্ণ। ইহঁতৰ সংজ্ঞা বিচাৰি উলিওৱাটোও বৰ কঠিন। প্ৰতিটো মুহূৰ্ত্ততে ই ৰূপান্বিত হয় নতুন ৰূপত। হাঁহি-কান্দোন, সুখ-দুখ, কামনা-বাসনা, ইচ্ছা, পোৱা-নোপোৱা, খং-অভিমান, প্ৰতিশ্ৰুতি, সফলতা-বিফলতাৰ মাজতে ৰিণিকি-ৰিণিকি দেখা পোৱা যায় জীৱনৰ এখন অপূৰ্ণ ছবি।
                 জীৱনটো এটা সংগ্ৰাম। জীয়াই থকাৰ সংগ্ৰাম, প্ৰতিষ্ঠা হোৱাৰ সংগ্ৰাম। সফলতাই জীৱনটোক নতুন গতি প্ৰদান কৰে আৰু বিফলতাই জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি সফলতা লাভত সহায় কৰে। কিন্তু সফলতা মানৱ জীৱনৰ মূল লক্ষ্য নহয়; ই লক্ষ্যত উপনীত হোৱাৰ একোটা মসৃণ পথহে। আনহাতে বিফলতা লক্ষ্যত উপনীত হোৱাৰ কাঁইটীয়া দুৰ্গম পথ।
                পোৱা-নোপোৱাৰ মাজতেই আমি জীৱনটো উপভোগ কৰিব লাগিব। জীৱনটো ভালদৰে উপভোগ কৰিব জানিলে ই মধুময় হৈ পৰে আৰু উপভোগ কৰিব নাজানিলে হৈ পৰে বিষাক্তময়। কঠিনতাৰ মাজত থকা প্ৰাপ্তিয়ে জীৱনলৈ কঢ়িয়াই আনে এক অনাবিল আনন্দৰ বন্যা। কঠিন বাস্তৱৰ লগত মুখামুখি হৈ দি যাব লাগিব জীৱনৰ প্ৰত্যেকটো খোজ যাতে সময় বালিত পদচিহ্ন ৰাখি যাব পাৰে।
               জীৱনটোৰ প্ৰতিটো লহজ প্ৰত্যাহ্বান, পৰিৱৰ্তন আৰু জনা-নজনাৰ দোমোজাত পথভ্ৰষ্ট হোৱাৰ আশংকা। জীৱনৰ কেঁকুৰিত পৰিৱৰ্তন হয় জীৱনৰ পথ। কোনোবা কেঁকুৰিত হয়তো কামনা-বাসনাবোৰ লুকাই যায় আৰু কোনোবা কেঁকুৰিত সৃষ্টি হয় অদম্য স্পৃহা আৰু জীৱনৰ প্ৰতি ব্যাকুলতা। ক'ৰবাত হয়তো জীৱনৰ ৰঙবোৰেই নাইকিয়া হৈ যায়। চিনাকী নদীৰ ঘাটত যেতিয়া অচিনাকী নাৱৰীয়াই নাওঁ  বাই তেতিয়া জীৱনটো অচিনাকী হৈ পৰে । নিজৰ প্ৰতিচ্ছবি যেতিয়া সলনি হৈ পৰে, তেতিয়াই জীৱনৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰে। সফলভাৱে এই প্ৰত্যাহ্বান নেওচি যোৱাৰ বাবেই প্ৰয়োজন হয় অদম্য সাহসৰ।
               প্ৰত্যাহ্বান আহিবই। কিন্তু আমি কেতিয়াও হাৰ মা নালাগে। কাৰণ হাৰ মানিলে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। অৰ্থাৎ সফল হ'বৰ বাবে অবিৰত চেষ্টা কৰি যাব লাগিব 
              জীৱনটো ফঁহিয়াই চোৱাটো সহজ যেন লাগিলেও ই অত্যন্ত কঠিন। কাৰণ ই বাস্তৱ। আমি সত্যক স্বীকাৰ কৰিবলৈ বহু সময়ত ভয় কৰোঁ। তাৰবাবে আমি জীৱনটোকো মানি ল'ব নোৱাৰো আৰু জীৱন সংগ্ৰামত নিজকে বিফল বুলি ভাবি লৈ হাৰ মানো। ইয়াতে আমাৰ জীৱনৰ যৱনিকা পৰে।
                আমি জীৱনৰ কঠিন বাস্তৱৰ সন্মুখীন হৈ দৃঢ়ভাৱে প্ৰতিটো খোজ দি যাব লাগে। তেতিয়া আমি জীৱনৰ প্ৰত্যাহ্বান আৰু দোমোজাবোৰ আঁতৰাই সফলতা লাভ কৰিব পাৰিম। ইয়েই আমাৰ জীৱনৰ চৰম প্ৰাপ্তি হ'ব।। ইয়াতেই জীৱনৰ সাৰ্থকতাও উপলব্ধি  হ'ব।

🖊️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)