নিয়তি


"দাইটিক খবৰ দিবি। গধূলি গধূলি ভাগৱত পাঠ কৰিব লাগিব।"

গাঁৱৰ কোনোজনে ইহলোক এৰাৰ ক্ষণ সমাগত বুলি বুজিব পাৰিলেই ইজনে সিজনক কোৱা কুই কৰে।

ৰসাই দাইটি নহাকৈ নাথাকে।
নামঘৰৰপৰা ভাগৱতভাগ লৈ সন্ধ্যা যথাস্থানত উপস্থিত হয়।

কোবাকুবিকৈ অহা ল'ৰাটোৱে আজিও তেনে খবৰ এটিকে লৈ আহিছে।

"সন্ধ্যালৈ ভাগৱতভাগি লৈ আহিবা ভদ্ৰেশ্বৰ দদাই।

 গাটোচোন আজি বৰকৈহে বেয়া অ'
ৰসাই দাইতিৰ!"

📝সীমা নাথ
সহকাৰী অধ্যাপিকা
জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়, শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send