শৰৎ

শৰৎ আহিলে নিয়ৰবোৰে টোপাল টোপাল কৈ পৰি গছ বন জীপাল কৰিবলৈ ধৰে ।

শৰৎ আহিলে শীতৰ আগমন হয়, লাহে লাহে কুঁৱলিবোৰে ৰাতিপুৱাৰ আকাশখন ওচৰলৈ নমাই আনে, ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰি আহি তৃপ্তিৰে চাহটোপা খোৱাৰ আমেজ বৃদ্ধি হয় ।

শৰতত শাৰদীৰাণীৰ আশীষ লাভ কৰে সকলোৱে । গুৰুজনাৰ পৰম কৃপাত জীৱন ধন্য হয় ।

যৌৱনা হৈ পৰে পৃথিৱীত প্ৰকৃতিৰ সকলোবিধ জীৱ, হৃদয়লৈ আহে মৰম ভালপোৱা।

শৰৎ আহিলে কঁহুৱা ফুলে বগা বগা ৰঙৰ মেলা পাতে নদীৰ কাষত । 

শৰতত তুলসীজোপাৰ পাতবোৰ সজল হৈ পৰে 
তুলসী তলৰ ছাকিগছিয়ে উজ্জ্বল হৈ পৰে ।

শৰতত শেৱালী ফুলে সুগন্ধি বিলাই, তলসৰা শেৱালীয়ে নতুন ৰূপ লাৱণ্য আনে । শৰৎ মানে মিঠা মিঠা সুখ ।

 ✍️শ্ৰী উৎপল দাস
     কুৰুৱাবাহী বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send